• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মিতব্যয়িতা প্ৰথমে প্ৰধানমন্ত্ৰী মোদীৰ পৰা আৰম্ভ হওক

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
May 12, 2026 8:33 pm
53
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মিতব্যয়িতা অৱলম্বন কৰিবলৈ দেশবাসীৰ প্ৰতি এটি গোহাৰি জনাইছে। মই ক’ম প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীৰ উদ্দেশ্যে যিকেইটা পৰামৰ্শ আগবঢ়াইছে সেইকেইটা পৰামৰ্শ অতি উত্তম এটাত বাহিৰে। আমি সকলোৱে সেই পৰামৰ্শবোৰ মানি চলা উচিত। সকলোৱে মানে সকলোৱে— প্ৰধানমন্ত্ৰী নিজেও, তেখেতৰ মন্ত্ৰীসভাৰ সদস্যসকলেও। অসমকে ধৰি যিবোৰ ৰাজ্যত বিজেপি চৰকাৰ আছে সেই ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী, অন্যান্য মন্ত্ৰী আৰু আমোলাসকলেও। প্ৰধানমন্ত্ৰীৰ সুহৃদ আদানী, আম্বানীসকলেও। আটাইতকৈ ডাঙৰ কথা হ’ল তাৰ আৰম্ভণি হ’ব লাগিব প্ৰধানমন্ত্ৰীৰ নিজৰ পৰা। কিয়নো সেই যে আপ্তবাক্যটো— ‘উপদেশতকৈ আৰ্হি ভাল’। সেইটো আমাৰ প্ৰধানমন্ত্ৰী মোদীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব নে নহ’ব? যদি হোৱা উচিত, মিতব্যয়িতা প্ৰথমে প্ৰধানমন্ত্ৰী মোদীৰ পৰা আৰম্ভ হওক।

কিন্তু আমি বাস্তৱত কি দেখিছোঁ? মোদীৰাজ আৰম্ভ হোৱাৰ পিছত আমি কি দেখিছোঁ? মনত আছেনে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে যে দুখন Boeing 777-300ER উৰাজাহাজ আমেৰিকাত নিৰ্মাণ কৰি অনা হৈছিল ২০২০ চনত? তাৰ খৰচ কিমান আছিল? প্ৰায় ৮,৪০০–৮,৪৫৮ কোটি টকা। এইখিনিতে সৰুকৈ এটা কথা কৈ থওঁ— জৱহাৰলাল নেহৰু, ইন্দিৰা গান্ধী, অটল বিহাৰী বাজপেয়ী আনকি সৌ সিদিনালৈকে, মনমোহন সিঙৰ দিনলৈকে প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ বাবে কোনো বিশেষ বিমান নাছিল। তেওঁলোকে অলপ ইফাল-সিফাল কৰি বাণিজ্যিক উৰাজাহাজ বা কেতিয়াবা ভাৰতীয় বায়ুসেনাৰ উৰাজাহাজহে ব্যৱহাৰ কৰিছিল।

Apply Now

এইখিনিতে এটা কথা উল্লেখ কৰোঁ। চনটো আছিল ১৯৯৭, বৰ্ণবৈষম্যৰ অৱসানৰ পিছত নেলছন মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি। সেই সময়ত দক্ষিণ আফ্ৰিকাত ভাৰতৰ উচ্চায়ুক্ত হিচাপে কৰ্মৰত আছিল গোপাল কৃষ্ণ গান্ধী। তেওঁ এটা ঘটনা বৰ্ণনা কৰিছিল— পশ্চিমবঙ্গৰ পাঁচবাৰলৈ মুখ্যমন্ত্ৰী হোৱা জ্যোতি বসু দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে গৈছিল।তেওঁ গৈ জোহান্সবাৰ্গ বিমানবন্দৰত তেওঁৰ পত্নী আৰু এটি সৰু দলৰ সৈতে বিমানখনৰ পিছফালৰ পৰা অন্যান্য ইকনমি ক্লাছৰ (economy class) যাত্ৰীসকলৰ লগতে বিমানৰ পৰা নামি আহিছিল। সেইকাৰণে হাতত ফুলৰ থোপা লৈ তেওঁক আদৰণি জনাবলৈ ৰৈ থকা চৰকাৰী দলটোৱে তেওঁক প্ৰথমতে চিনিবই পৰা নাছিল। সিও আছিল এক সময়।

তাৰ পিছত আহিল মোদীৰ আবাসৰ কথা। অলপতে দিল্লীক নতুনকৈ সজোৱাৰ সময়ত প্ৰধানমন্ত্ৰীৰ আবাসটো নিৰ্মাণ কৰোঁতে কিমান খৰচ পৰিছিল জানেনে? প্ৰায় ৪৬৭ কোটি টকা। তাৰ লগত আৰু কিছু খৰচ আছে যিবোৰ গোপনীয় কাৰণে আমি সঠিকভাৱে নাজানো। এইবাৰ আহোঁ প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণলৈ। দেশ স্বাধীন হোৱাৰ পিছত যিগৰাকী প্ৰধানমন্ত্ৰীয়ে আটাইতকৈ বেছি বিদেশ ভ্ৰমণ কৰিছে তেওঁ হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া। তেওঁ ২০১৪ চনৰ পৰা এতিয়ালৈকে ৭৯ খন দেশ ভ্ৰমণ কৰিছে আৰু মুঠ ১০০ বাৰ বিদেশ ভ্ৰমণ কৰিছে। আমাৰ হাতত সঠিক তথ্য নাই যদিও এই খৰচ প্ৰায় ৭০০ ৰ পৰা ৮০০ কোটি টকা হ’ব।

এয়া হ’ল মোদীৰ খৰচ। আৰু আপোনালোকে দেখিছেনে? আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ ভ্ৰমণৰ সময়ত কিমান গাড়ী ব্যৱহাৰ হয় ? এটা ভিডিও ভাইৰেল হৈ আছে, চাবচোন— প্ৰায় ৩০ খনতকৈও বেছি প্ৰকাণ্ড প্ৰকাণ্ড গাড়ী। আকৌ আমাৰ হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰত ভ্ৰমি যোৱা পাঁচ বছৰত কিমান টকা খৰচ কৰিছে জানেনে? প্ৰায় ৬০ কোটি। প্ৰতিটো নিৰ্বাচনৰ আগে আগে বিজেপিয়ে ভোটাৰৰ ভোট কিনিবলৈ কিমান পইছা খৰচ কৰে? মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, বিহাৰ আৰু অসমত তেওঁলোকে কিমান হাজাৰ, লাখ কোটি খৰচ কৰিছিল? বাহিৰৰ কোনোবা এজন মন্ত্ৰী অসমলৈ আহিলে তেওঁক আদৰাৰ নামত বাটে-ঘাটে সকলোতে তেওঁলোকে কিমান বেনাৰ-হৰ্ডিং লগায়? আৰু বিহু, জুমুৰ বা বাগুৰুম্বা অনুষ্ঠান পাতি কিমান কোটি খৰচ কৰা হৈছিল? আন নালাগে, আজি যে হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ অনুষ্ঠান হ’ল তাত কিমান টকা খৰচ হ’ল? কিমানখন চাৰ্টাৰ্ড ফ্লাইট আহিল অসমলৈ? চল্লিচখন নে কিমান?

আনহাতে এই মিতব্যয়িতাৰ বাণী শুনাই মোদী অহা ১৫ মে’ৰ পৰা ক’লৈ যাব? ইউনাইটেড আৰব এমিৰেটছ (UAE), নেদাৰলেণ্ড, চুইডেন, নৰৱে আৰু ইটালীলৈ। তাত খৰচ হ’ব আনুমানিক ৮০ কোটি টকা। আটাইতকৈ ডাঙৰ কথা হ’ল প্ৰধানমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীক অনলাইন ক্লাছ কৰিবলৈ কৈছে। ক’ভিডৰ সময়ত অনলাইন ক্লাছ কৰি আমি আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মূৰ খাইছিলোঁ। আমাৰ দেশৰ অৱস্থা ইমান বেয়া হ’ল যে আজি আমি আমাৰ ল’ৰা-ছোৱালীক স্কুললৈ পঠিয়াব নোৱাৰা হ’লোঁ! এনে ‘আচ্ছে দিন’ আমাক নালাগে।শেষত আকৌ কওঁ— মহাশয় উপদেশতকৈ আৰ্হি ভাল।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd