• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জানো আহক! জাকাৰ্টাত দেশৰ মহিলা কাবাদী দলৰ সাফল্যৰ আঁৰৰ অসমৰ প্ৰশিক্ষকগৰাকীক

সুমন্ত কাকতী by সুমন্ত কাকতী
September 1, 2018 7:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘দময়ন্তী বড়ো’ অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে পৰিচিত নাম নহ’লেও, ভাৰতীয় মহিলা দলক নিজৰ প্ৰশিক্ষণেৰে উদ্বুদ্ধ  কৰি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চালৈ আহিছে কামৰূপ জিলাৰ সোণাপুৰ নিবাসী, কাবাদী প্ৰশিক্ষকগৰাকী।

অফুৰন্ত শক্তি, বিদ্যুৎ সঞ্চাৰী গতি  আৰু মগজুৰ তীক্ষ্ণতাৰ সমন্বয়ৰ অন্যতম প্ৰত্যাবানজনক কাবাদী খেলত উত্তৰ ভাৰতীয় খেলুৱৈৰ আধিপত্যৰ সময়ত অসমৰ  দময়ন্তী বড়োৰ উত্থান ক্ৰীড়াপ্ৰেমী তথা ৰাজ্যবাসীৰ বাবে নিশ্চয়কৈ উৎসাহ আৰু আশাৰ বতৰা।

Apply Now

চলিত এছিয়ান গে’মছত ৰূপৰ পদক জয়ী ভাৰতীয় মহিলা দলটোৰ প্ৰশিক্ষণ তথা নিৰ্বাচনত প্ৰত্যক্ষভাৱে জড়িত আছিল অসমৰ  প্ৰাক্তন কাবাদী খেলুৱৈগৰাকী। ফাইনেলত ইৰাণৰ বিৰুদ্ধে  মাত্ৰ ২টা পইণ্টৰ ব্যৱধানৰ বাবে সোণৰ পদকৰ পৰা ভাৰতীয় দলটো বঞ্চিত হ’বলগীয়াত পৰে।

এছিয়ান গে’মছত শক্তিশালী দলৰ বিৰুদ্ধে প্ৰস্তুতি চলোৱাৰ অৰ্থে ভাৰতীয় দলটোৰ বাবে আয়োজন কৰা চাৰিটা কেম্পৰ প্ৰথম তিনিটা কেম্পত ভাৰতীয় দলটোক শাৰীৰিক তথা ৰণনীতিগত প্ৰশিক্ষণ  প্ৰদান কৰিছিল দময়ন্তী বড়োৱে। পিছৰ পৰ্য্যায়ত হোৱা দলৰ নিৰ্বাচনত ৰাষ্ট্ৰীয় প্ৰশিক্ষক বলৱান সিং, তেজস্বীনি বাই  আৰু বনানি সাহাৰ সৈতে নিৰ্বাচকৰ ভূমিকাও পালন কৰিছিল বড়োৱে।

এছিয়ান গে’মছত ভাৰতীয় খেলুৱৈৰ সক্ষমতা বৃদ্ধিত দময়ন্তী বড়োৰ বিশেষ প্ৰশিক্ষণে বিশেষ অৰিহণা যোগোৱা বুলি সহযোগী প্ৰশিক্ষকসকলেও বড়োক কৃতিত্ব দিছে।

দখনা পৰহিতা দময়ন্তী বড়ো

কোকৰাঝাৰৰ ছাই (SAI)ৰ  প্ৰশিক্ষণ কেন্দ্ৰত কাবাদী প্ৰশিক্ষকৰূপে কৰ্মৰত দময়ন্তী বড়োৱে প্ৰশিক্ষকৰ ভূমিকাত অৱতীৰ্ণ হোৱাৰ আগতে খেলুৱৈ হিচাপেও সুনাম অৰ্জন কৰিছিল। বড়ো ২০০৭ চনত অসমত  অনুষ্ঠিত হোৱা নেচনেল গে’মছত অসমৰ দলৰ সদস্য আছিল।

একালৰ সুদক্ষ ৰেইডাৰ হিচাপে খ্যাতি অৰ্জন কৰা বড়োৱে পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিষ্ঠানৰ  (NIS)পৰা ক্ৰীড়া প্ৰশিক্ষণৰ ডিপ্ল’মা গ্ৰহণ কৰে আৰু অসমৰ কাবাদী দলক প্ৰশিক্ষণ প্ৰদান কৰে। তেওঁৰ প্ৰশিক্ষণতে অসমে ৰাষ্ট্ৰীয় স্তৰত প্ৰদৰ্শনৰ মান উন্নত কৰিবলৈ সক্ষম হয়।

ইয়াৰ পিছত তেওঁ কোকৰাঝাৰৰ আঞ্চলিক ছাই কেন্দ্ৰৰ কাবাদী প্ৰশিক্ষকৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে আৰু তেওঁৰ নেতৃত্বত আৰম্ভ হয় কাবাদী বিপ্লৱ। তেওঁৰ প্ৰশিক্ষণেৰে বলীয়ান হৈ কোকৰাঝাৰ কেন্দ্ৰই ৰাষ্ট্ৰীয় স্তৰত উন্নত প্ৰদৰ্শন কৰে। তেওঁৰ প্ৰশিক্ষণতেই ছাই (SAI) ছাব জুনিয়ৰ শাখাত ৰাষ্ট্ৰীয় পৰ্য্যায়ত চেম্পিয়নৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল।

তেওঁৰ প্ৰশিক্ষণ শৈলীত আকৰ্ষিত হৈ ভাৰতীয় এমেচাৰ কাবাদী সংস্থাই  ৰাষ্ট্ৰীয় দলৰ সহকাৰী প্ৰশিক্ষকৰ দায়িত্ব ল’বলৈ বড়োক আমন্ত্ৰণ কৰে।

ইয়াৰ মাজতেই দেশৰ প্ৰথমখন পেছাদাৰী মহিলা  কাবাদী লীগ ‘কাবাদী ৱ’মেনছ চেম্পিয়নশ্বিপ’ৰ বিজয়ী দল ষ্ট্ৰম কুইনছৰ মুখ্য প্ৰশিক্ষকৰূপেও সফলতা অৰ্জন কৰিছিল দময়ন্তী বড়োৱে।

এন ই নাও-ৰ সৈতে হোৱা টেলিফ’নিক বাৰ্তালাপত বড়োৱে ৰাষ্ট্ৰীয় দলক প্ৰশিক্ষণ প্ৰদান কৰি সুখী বুলি মন্তব্য কৰে।

বড়োৱে লগতে কয় যে অসমৰ ক্ৰীড়াৰ গাঁথনিটোত  যথেষ্ট সংশোধনৰ প্ৰয়োজনীয়তা আছে। গ্ৰামাঞ্চলৰ প্ৰতিভা চিনাক্তকৰণ আৰু তাক প্ৰতিপালন কৰিবলৈ বিস্তৃত আৰু সু-সংহত আঁচনিৰ প্ৰয়োজন আছে বুলিও তেওঁ উল্লেখ কৰে। যথেষ্ট সম্ভাৱনা থকা সত্বেও বিসংগতিপূৰ্ণ গাঁথনিৰ বাবে প্ৰতিভাবোৰ কেৱল এটা পৰ্য্যায়তে সীমাবদ্ধ হৈ ৰয় বুলি বড়োৱে আক্ষেপ প্ৰকাশ কৰে।

ক্ৰীড়াত অগ্ৰগতি লাভ কৰিবলৈ হ’লে অসমে ছাই কেন্দ্ৰ আৰু লক্ষ্মীবাঈ শাৰীৰিক শিক্ষা প্ৰতিষ্ঠানৰ দৰে আবাসিক একাডেমি তথা ক্ৰীড়া মহাবিদ্যালয়ৰ প্ৰয়োজনীয়তা আছে বুলি তেওঁ উল্লেখ কৰে।

অসমত কাবাদীৰ বৰ্তমানৰ অৱস্থাৰ ওপৰত সোধা প্ৰশ্নৰ উত্তৰত প্ৰশিক্ষকগৰাকীয়ে কয় যে প্ৰ’-কাবাদী লীগৰ জনপ্ৰিয়তাৰ পিছতো কাবাদীয়ে এতিয়াও অসমত বিস্তৃতি লাভ কৰিবলৈ সক্ষম হোৱা নাই।

অসমৰ খেলুৱৈয়ে কাবাদীক কেৰিয়াৰ হিচাপে ল’বলৈ প্ৰকাশ কৰা অনীহা আৰু স্থানীয় স্তৰত কাবাদী প্ৰতিযোগিতাৰ অভাৱেই ইয়াৰ মূল কাৰণ বুলি বড়োৱে উল্লেখ কৰে।

বড়োৱে লগতে কয় যে কাবাদীৰ জগতখনত এতিয়া বৃহৎ পৰিৱৰ্তন ঘটিছে। একালৰ অসমাদৃত খেল কাবাদীত এতিয়া বহুজাতিক কোম্পানিয়ে উৎসাহ দেখুৱাইছে, বিনিয়োগ কৰিছে আৰু সেয়ে চাকৰি  আৰু আৰ্থিক স্বাৱলম্বিতাৰো বাট মুকলি হৈছে। এনে সময়ত অসমৰ খেলুৱৈয়েও কাবাদীক পেছা হিচাপে লোৱাৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে ৰাজ্যৰ ক্ৰীড়া সংগঠকসকলক তেওঁ আহ্বান জনায়।

অসমত প্ৰশিক্ষণপ্ৰাপ্ত চাৰ্টিফিকেটধাৰী প্ৰশিক্ষক, ট্ৰেইনাৰৰ সংখ্যা অতিকে তাকৰ বুলি কৈ কাবাদী তথা অন্য খেলৰ উত্তৰণৰ বাবে অভিজ্ঞতাসম্পন্ন প্ৰাক্তন খেলুৱৈসকলে প্ৰশিক্ষকৰ বৃত্তি গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে।

ক্ৰীড়াৰ প্ৰযুক্তিগত আধুনিকীকৰণৰ লগত সমানে তাল মিলাই চলিবলৈ ৰাজ্যত হাইপাৰফৰমেন্স ট্ৰেইনাৰ, পৰিপুষ্টি বিশেষজ্ঞ (Nutritionist), ফিজিঅ’, ডাক্তৰ, ক্ৰীড়া  মনঃস্তত্ববিদ আদিৰ সমন্বয়ত এটি ভাল গাঁথনি প্ৰস্তুত কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে।

খেলুৱৈ তথা প্ৰশিক্ষকগৰাকীৰ প্ৰচুৰ অভিজ্ঞতা ৰাজ্যৰ জুনিয়ৰ খেলুৱৈৰ বাবে চৰকাৰে ব্যৱহাৰ কৰিব বিচাৰিলে তেওঁ ইয়াৰ বাবে সদায়েই সাজু বুলি প্ৰতিবেদকৰ আগত প্ৰকাশ কৰিছে বড়োৱে।

আনহাতে অসমৰ উদীয়মান তাৰকা খেলুৱৈ হিমা দাসৰ সাফল্যত অতিকৈ সুখী দময়ন্তী বড়োৱে  হিমাক বঁটা-বাহন আৰু লাভ কৰা গ্লেমাৰত মনঃসংযোগ নেহেৰুৱাই ভৱিষ্যতৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলৈ পৰামৰ্শ আগবঢ়োৱাৰ লগতে ৰাজ্যবাসীক  অহেতুক বিতৰ্কৰ সৃষ্টি নকৰিবলৈ আহ্বান জনায়।

হিমা দাসক  অসমৰ ক্ৰীড়া বিপ্লৱৰ বাটকটীয়া হিচাপে ব্যৱহাৰ কৰি অসমক দেশৰ ক্ৰীড়াৰ ৰাজধানীৰূপে গঢ়ি তুলিব বুলিও চৰকাৰৰ পৰা আশা কৰিছে প্ৰশিক্ষকগৰাকীয়ে।

বড়ো সম্প্ৰতি গুজৰাটৰ গান্ধী নগৰত আন্তঃছাই কেন্দ্ৰৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ব্যস্ত।

সুমন্ত কাকতী

সুমন্ত কাকতী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd