• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

NRC-ৰ নতুন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ নিযুক্তি বাতিল কৰিবলৈ মুখ্য মন্ত্ৰীলৈ পত্ৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 13, 2019 12:50 pm
Hitesh Deb Sarma
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হিচাপে নতুনকৈ নিযুক্তি পোৱা হিতেশ দেৱ শৰ্মাৰ নিযুক্তি বাতিল কৰিবলৈ মুখ্য মন্ত্ৰীলৈ পত্ৰ লিখিলে কংগ্ৰেছৰ সাংসদ আব্দুল খালেকে।

আজি দিচপুৰ প্ৰে’ছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত সাংসদজনে জানিবলৈ দিলে মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়লৈ গৈ মুখ্য মন্ত্ৰীলৈ চিঠি দি অহাৰ কথা।

Apply Now

এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হিচাপে সদ্য বিদায়ী প্ৰতীক হাজেলাৰ স্থলাভিষিক্ত হোৱা হিতেশ দেৱ শৰ্মা নিযুক্তিৰ পিছতে বিতৰ্কত সোমাই পৰিছিল তেওঁৰ ফেইচবুক প’ষ্টবোৰৰ বাবে।

এই প’ষ্টবোৰত এন আৰ চি প্ৰক্ৰিয়াটোৰ প্ৰতি কটাক্ষকে ধৰি সাম্প্ৰদায়িক স্থিতি প্ৰকাশ পোৱা বুলি ছ’চিয়েল মিডিয়া য়ুজাৰে শৰ্মাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰিছিল।

শৰ্মাই এন আৰ চি প্ৰক্ৰিয়াটো আৰু আছুক কটাক্ষ কৰি দিয়া ফেইচবুক প’ষ্ট কিছুমানো ফেইচবুক য়ুজাৰে ব্যাপক হাৰত শ্বেয়াৰ কৰিছিল।

ইয়াৰ পিছতে বিষয়টো বহুতো সচেতন লোক আৰু চৰকাৰৰো দৃষ্টিগোচৰ হোৱা বুলি খবৰ ওলাইছে।

সংবাদমেলত বৰপেটা সমষ্টিৰ সাংসদজনে কয়, “শেহতীয়াকৈ ৰাজ্য চৰকাৰে প্ৰতীক হাজেলাৰ উত্তৰসুৰী হিচাপে যিগৰাকী বিষয়াক নিযুক্তি দিছে, তাৰ পৰা জানিব পাৰি যে এখন প্ৰকৃত এন আৰ চি  চৰকাৰে নিবিচাৰে। তেওঁ বহুতো বিতৰ্কিত আৰু আপত্তিজনক ফেচবুক প’ষ্ট দি আহিছে। এজন চৰকাৰী বিষয়া হৈ তেওঁ এনে ফেচবুক প’ষ্ট দিব পাৰে নেকি? ”

তেওঁ হিতেশ দেৱ শৰ্মাৰ বিতৰ্কিত প’ষ্টবোৰৰ বক্তব্য উনুকিয়াই কয়, “অৰ্ণব গোস্বামী এজন বিতৰ্কিত সাংবাদিক। তেওঁৰ সমৰ্থনতো এইগৰাকী বিষয়াই প’ষ্ট দিছে।”

“আজি মুখ্য মন্ত্ৰী কাৰ্য্যালয়লৈ নিজে গৈ মুখ্য মন্ত্ৰীলৈ চিঠি দিছো। ৰাজ্যৰ শান্তি-সম্প্ৰীতি অটুট ৰাখিবলৈ, শুদ্ধ এন আৰ চি পাবলৈ হিতেশ দেৱ শৰ্মাৰ নিযুক্তি বাতিল কৰিবলৈ চিঠিখনত উল্লেখ কৰিছো। আশা কৰোঁ মুখ্য মন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিব”, সংবাদমেলত পত্ৰখনৰ এটা প্ৰতিলিপি বিতৰণ কৰি খালেকে কয়।

Letter to CM by Khalek
সাংসদ খালেকে মুখ্য মন্ত্ৰী সোণোৱাললৈ দিয়া পত্ৰখনৰ প্ৰতিলিপি।

খালেকে পত্ৰখনত লিখিছে, “প্ৰতীক হাজেলাক বদলি কৰাৰ পিছত এখন নিখুঁত এন আৰ চিৰ স্বাৰ্থত এজন নিৰপেক্ষ আৰু বিশ্বাসযোগ্য বিষয়াক এই পদত নিযুক্তি দিব বুলি আমি ৰাজ্য চৰকাৰৰ পৰা আশা কৰিছিলো। কিন্তু ৰাজ্য চৰকাৰে ৰাজ্যিক সমন্বয়কৰ পদত নিযুক্তি দিয়া হিতেশ দেৱ শৰ্মা কোনো কাৰণতে এই কামৰ বাবে নিৰপেক্ষ আৰু বিশ্বাসযোগ্য বিষয়া নহয়। ফেইচবুকত শৰ্মাই দিয়া কিছুমান আপডেটে আমাৰ এই অভিযোগৰ সত্যতা প্ৰতিপন্ন কৰে”।

তেওঁ শৰ্মাৰ কিছুমান স্ক্ৰীনশ্বটো পত্ৰখনৰ লগত সাঙুৰি দিছে বুলি জানিবলৈ দিয়ে।

তাৰোপৰি সাংসদজনৰ মন্তব্য, সংবিধানৰ নিয়ম অনুসৰি এনেদৰে ৰাজনৈতিক দলক ৰাজহুৱাভাৱে সমৰ্থন কৰিলে এই বিষয়াজন চৰকাৰী বিষয়া হৈ থাকিব নোৱাৰে।

“এই বিষয়াজনে এন আৰ চি প্ৰক্ৰিয়াটোৰে বিৰোধিতা কৰি ফেচবুক প’ষ্ট দিছে। এই চৰকাৰখন ধৃতৰাষ্ট্ৰ। মুখ্য মন্ত্ৰীয়ে ধৃতৰাষ্ট্ৰৰ ভূমিকা লৈ এই বিষয়াজনক এন আৰ চিত নিযুক্তি দিছে”, মুখ্য মন্ত্ৰীক সমালোচনাৰে সাংসদজনে কয়।

তেওঁ লগতে কয় যে এইখন এখন ব্যৰ্থ চৰকাৰ বুলি প্ৰতীক হাজেলাৰ বদলিয়েই প্ৰমাণ কৰিছে। চৰকাৰখনে তেওঁৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগিছিল।

খালেকে প্ৰতীক হাজেলাৰ শলাগ লৈ কয়, “বিষয়াজনে যথেষ্ট পৰিমাণে এন আৰ চিৰ কাম আগ বঢ়াই নিছিল। ১৯ লাখৰ নাম বাদ পৰিছে যদিও ইয়াৰ একাংশ প্ৰকৃত ভাৰতীয়। বিদেশীৰ নামো এন আৰ চিত সোমাল। আমাৰ উচ্চতম ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে।”

আন এটা সূত্ৰৰ পৰা জানিব পৰা মতে, অসমৰ আই এছ বিষয়াসকলেও শৰ্মাৰ নিযুক্তি বাতিল কৰাৰ বাবে হেঁচা দিছে চৰকাৰক।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd