ব্যক্তিগত খণ্ডক লীজত দিয়া হ’ব গুৱাহাটীকে ধৰি দেশৰ ৬টা বিমানবন্দৰ

LGBI

ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰিবলগীয়া ভাৰতৰ ৬টা বিমান বন্দৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ। এগৰাকী শীৰ্ষস্থানীয় বিষয়াৰ সূত্ৰত প্ৰকাশ পাইছে যে মোডী চৰকাৰে অহা বছৰৰ ২৮ ফেব্ৰুৱাৰিৰ পূৰ্বে ৬টা বিমান বন্দৰ সম্পূৰ্ণভাৱে ব্যক্তিগত খণ্ডক গটাবলৈ বিছাৰিছে।

নিলামত নিৰ্বাচিত হোৱা ডাক দিওতাসকলক বিমান বন্দৰসমূহ ৫০ বছৰৰ বাবে লীজত দিয়া হ’ব। গুৱাহাটীৰ বাহিৰেও কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণভাৱে ব্যক্তিগত খণ্ডক অৰ্পণ কৰিবলৈ আগবঢ়া আন আন বিমান বন্দৰকেইটা হৈছে লক্ষ্ণৌ, জয়পুৰ, আহমেদাবাদ, তিৰুৱান্তপুৰম আৰু মাংগালুৰু।

নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্তৰ নেতৃত্বত গঠিত কমিটীখনে সিদ্ধান্ত গ্ৰহণ কৰিছে ডাকোতাসকলৰ মুঠ উপাৰ্জন আৰু সম্পত্তিক এই ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ’ব।

ডাক দিওতাসকলে এই আটাইকেইটা বিমান বন্দৰৰ বাবে ডাক দিব পাৰিব আৰু বিদেশী ডাকোতাসকলকো ছ’ল ডেভেলপাৰ হিচাপে গ্ৰহণ কৰা হ’ব পাৰে।

বিমান বন্দৰসমূহৰ পৰিচালনা, বিকাশসাধন আৰু ব্যৱস্থাপনাৰ বাবে ১০০ শতাংশই ব্যক্তিগত অংশগ্ৰহণক অধিকাৰ প্ৰদান কৰা হ’ব।

নিলামপূৰ্বক পৰামৰ্শাৱলী আলোচনা কৰাৰ বাবে আৰু ১৪ ফেব্ৰুৱাৰিৰ পূৰ্বে চূড়ান্ত ডাক আহ্বান কৰাৰ বাবে আমন্ত্ৰণ জনোৱাৰ বাবে ইতিমধ্যে অসামৰিক বিমান পৰিবহণ মন্ত্ৰীক আদেশ দিয়া হৈছে।

বিদেশী ডাকোতাসকলৰ ভিতৰত ছিংগাপুৰৰ চাংগি এয়াৰপৰ্ট ইণ্টাৰনেশ্যনেল আদিয়ে এই ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিছে।

চিএআইৰ মুখপাত্ৰ ছি নগি মুৱেই (See Ngee Muoy) কৈছে, ‘‘আমি য’ত মূল্য আৰোপ কৰিব পাৰোঁ সেই সেই বিমান বন্দৰ প্ৰকল্পসমূহৰ সুযোগসমূহ আমি মূল্যায়ন কৰোঁ।’’

বিনিয়োগকাৰীসকলৰ বাবে নিলাম আকৰ্ষণীয় কৰাৰ বাবে বিমান বন্দৰৰ ভিতৰত নন-এয়াৰছাইড উন্নয়ন, যেনে হোটেল, শ্বপিং মল আদি নিৰ্মাণত অনুমতি দিয়া হ’ব।প্ৰকল্পসমূহ আকৰ্ষণীয় কৰি তোলাৰ বাবে চৰকাৰে ৰাজহুৱা-ব্যক্তিগতখণ্ড-অংশীদাৰিত্ব প্ৰকল্পত উপলব্ধ ভায়েবিলিটী-গেপ-ফাণ্ডিং অফাৰ মুকলি কৰিব।