NORTHEAST NOW (Assamese)

চৰকাৰৰ অৱহেলাৰ বাবে মু্কলি হোৱাৰ পূৰ্বে এৰাবাৰীত পৰিণত লিডু আই টি আই

March 7, 2019 8:27 pm · মানস প্ৰতিম গগৈ
লিডু আই টি আইৰ জৰাজীৰ্ণ ৰূপ। ফটো-নৰ্থ-ইষ্ট নাও

এফালে উন্নয়নৰ শ্লোগান আনফালে অৱহেলা। চৰকাৰী অৱহেলাত এৰাবাৰীত পৰিণত হৈছে লিডু আই টি আই। কংগ্ৰেছ চৰকাৰৰ দিনতে নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হোৱা শৈক্ষিক প্ৰতিষ্ঠানটো আজিকোপতি পাঠদানৰ বাবে মুকলি নোহোৱাত স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃ্ষ্টি হৈছে।

মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই ২০১৮ বৰ্ষৰ পৰা আই টি আই খনত পাঠদান আৰম্ভ হ’ব বুলি কৰা মন্তব্যৰ পাছত স্থানীয় ৰাইজৰ মাজত আশাৰ সঞ্চাৰ হৈছিল যদিও সেই ঘোষণা কাৰ্য্যত ৰূপায়ণ নহ’ল।

আই টি আই খন মুকলি কৰাৰ দাবীত মৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছে যদিও ৰাজ্য চৰকাৰে ছাত্ৰ সংগঠনকেইটাৰ গণতান্ত্ৰিক আন্দোলনক কোনোধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত নহ’ল। চৰকাৰৰ ক্ৰমাগত অৱহেলাৰ ফলশ্ৰুতিতে লিডুৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানটো এৰাবাৰীত পৰিণত হৈছে বুলি সচেতন মহলে অভিযোগ কৰিছে।

বিগত বৰ্ষৰ ধুমুহাত লাখ লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰা আই টি আই খনৰ বিস্তৰ ক্ষতি সাধন হয়। মেৰামতিৰ অভাৱত ক্ষতিগ্ৰস্ত প্ৰতিষ্ঠানখন ক্ৰমাৎ বন-লতাই আগুৰি ধৰে। উল্লেখযোগ্য যে, তিনিচুকীয়াত থকা আই টি আই খনত পৰ্যাপ্ত আসন নথকাৰ বাবে কাৰিকৰী শিক্ষা গ্ৰহণৰ বাবে আগ্ৰহী বহু শিক্ষাৰ্থী বঞ্চিত হৈ আহিছে। এনে ক্ষেত্ৰত চৰকাৰ একমাত্ৰ হেমাহিৰ বাবে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতো প্ৰতিষ্ঠানটো মুকলি নোহোৱা কথাটোৱে আগ্ৰহী শিক্ষাৰ্থী সকলৰ মুৰত ৰাম টাঙোন সোধাইছে।

Related News