NORTHEAST NOW (Assamese)

বজ্ৰকন্ঠৰ শিশুসুলভ হৃদয়ৰ বহুমুখী প্ৰতিভাসম্পন্ন ৰবীন শৰ্মালৈ শ্ৰদ্ধাঞ্জলি লিডু শাখা সাহিত্য সভাৰ

June 12, 2021 7:14 am · মানস প্রতীম গগৈ
ফটো: নৰ্থইষ্ট নাও।

তিনিচুকীয়া জিলাৰ লিডু অঞ্চলৰ বিশিষ্ট শিক্ষক ৰবীন শৰ্মাৰ এক স্মৃতিচাৰণ অনুষ্ঠান  লিডু শাখা সাহিত্য সভাৰ সৌজন্যত অনুষ্ঠিত হৈ যায় ।

বজ্ৰকন্ঠৰ শিশুসুলভ হ্নদয়ৰ ব্যক্তিত্বশালী বহুমুখী প্ৰতিভাসম্পন্ন অৱসৰপ্ৰাপ্ত শিক্ষক ৰবীন শৰ্মালৈ আদ্যশ্ৰাদ্ধৰ দিনা শুকুৰবাৰে স্মৃতিচাৰণ অনুষ্ঠান উদযাপনেৰে এই শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

সদ্যপ্ৰয়াত ৰবীন শৰ্মাৰ কন্যা তথা লিডু কলেজৰ প্ৰবক্তা জাহ্নৱী শৰ্মাই শিক্ষক সাহিত্যিক নাট্যকাৰ অভিনেতা সাংস্কৃতিক কৰ্মী লিডু শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ৰবীন শৰ্মাৰ প্ৰতিকৃতিত বন্তিপ্ৰজ্বলনেৰে স্মৃতিচাৰণ অনুষ্ঠানৰ আৰম্ভ কৰে।

লিডুৰ শামুজান গাঁৱৰ বাসগৃহত আয়োজিত স্মৃতিচাৰণ অনুষ্ঠানত  গুণগ্ৰাহী সকলে গন্ধ পুস্প অৰ্পণ কৰি সেৱা জনায়। সেইসকলৰ ভিতৰত ড° দিপালী বৰপুজাৰী,  সাধন গগৈ, লক্ষীনাথ হালৱা, চুফাতি পমুং, ড° পবিত্ৰ গগৈ, প্ৰবীৰজোতি বৰা, তপন দে, মাধৱ দয়াল দত্ত, পূৰ্ণিমা নেওগ, মামনি শৰ্মা আদি অন্যতম।

তাৰপাছতে লিডু শাখা সাহিত্য সভাৰ সভানেত্ৰী ড° দিপালী বৰপুজাৰীৰ পৌৰহিত্যত অনুষ্ঠিত সভাত সোমেশ্বৰ নেওগ, সাধন গগৈ, লক্ষীনাথ হালৱা, চুফাতি পমুং, হেমন্ত গগৈ, সীমান্তমাধৱ কটকী আদিয়ে ৭০ দশকৰ পৰা সমাজ গঠনৰ বাবে অহোপুৰুষাৰ্থ কৰি ১ জুন তাৰিখে বাৰ্ধক্যজনিত কাৰণত ইহলীলা সম্বৰণ কৰা ৰবীন শৰ্মাৰ জীৱন কৃতিৰ আভাস দিয়ে।

উল্লেখ্য যে  উত্তৰ-পূবৰ সৰ্বপ্ৰথম ক্ষুদ্ৰ উদ্যোগিক চহৰ “লিডুক ভাষা-সাহিত্য,কলা-সংস্কৃতি আদি সকলো দিশেৰে উজ্জ্বীৱিত কৰি আজিৰ পৰ্যায়লৈ উন্নীত কৰা খনিকৰ সকলৰ ভিতৰত অন্যতম আছিল ৰবীন শৰ্মা।

জীৱনৰ কেইবাটাও দশক ৰবীন শৰ্মাই নতুন প্ৰজন্মক কলা -সংস্কৃতিৰে উদ্বুদ্ধ কৰি প্ৰতিভাসমূহ প্ৰকাশ আৰু বিকশিত কৰাতে নিমজ্জ্বিত হৈ থাকিল। ১৯৬৬ চনতে দিগন্ত মইনা পাৰিজাত লিডুত গঠন কৰি শৰ্মাই আৰম্ভ কৰিছিল নতুন প্ৰজন্মৰ প্ৰতিভাসমূহ পোহৰলৈ অনাৰ সংগ্ৰাম।

লিডু অঞ্চলৰ বহু প্ৰতিভাধৰৰ প্ৰতিভা বিকাশত তথা আজিৰ সু-নাগৰিক হিচাপে প্ৰতিষ্ঠা হোৱাত শৰ্মাৰ তথা মইনা পাৰিজাতৰ যথেষ্ট অৱদান আছে।নিৰবিচ্ছিন্নভাৱে নতুন প্ৰজন্মৰ সৈতে একাত্ম হৈ কেইবাটাও দশক তেওঁলোকৰ প্ৰতিভা বিকাশৰ বাবে সকলো ক্ষেত্ৰতে সহযোগিতা আগবঢ়াই শৰ্মাই যি দৃঢ়তা দেখুৱাইছিল তাৰ দ্বাৰাই তেখেতৰ সামাজিক দ্বায়বদ্ধতা সু-স্পষ্ট হয়। লগতে স্পষ্ট হয় জাতীয় কলা – সংস্কৃতিৰ প্ৰতি থকা দুৰ্বাৰ দুৰ্বলতা।

শাখাৰ সম্পাদক ৰাণাজ্যোতি নেওগে আঁত ধৰা অনুষ্ঠানত অতিথিসকলে লিডু শাখা সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত মাধৱ দয়াল দত্তৰ দ্বাৰা সম্পাদিত ৰবীন শৰ্মা ব্যক্তি আৰু ব্যক্তিত্ব নামৰ স্মাৰকগ্ৰন্থ খন উন্মোচন কৰে।

Related News