DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অপ্ৰতিৰোধ্য কৰ’না! যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ মুঠ ৬৭জন কাৰাবন্দী কোভিড-১৯ পজিটিভ

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
June 12, 2021 8:12 am
Jorhat-Central-Jail-1024x512-750x375
253
VIEWS
Share on FacebookShare on Twitter

যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত শুকুৰবাৰে ৩৩জন কাৰাবন্দীৰ কোভিড-১৯ পজিটিভ চিনাক্ত হোৱাৰ পাছত এতিয়া কাৰাগাৰখনৰ মুঠ কৰ’না আক্ৰান্ত কাৰাবন্দীৰ সংখ্যা ৬৭জনলৈ বৃদ্ধি পালে।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ ৩০জন কাৰাবন্দীৰ কোভিড-১৯ পজিটিভ চিনাক্ত হৈছিল আৰু তাৰ পূৰ্বেই আন চাৰিজনৰো কোভিড পজিটিভ ধৰা পৰিছিল।

এদিনতে ৩০জনকৈ কাৰাবন্দী পজিটিভ চিনাক্ত হোৱাৰ পাছতে শুকুৰবাৰে স্বাস্থ্য বিভাগৰ বিষয়াৰ এটা দলে  যোৰহাট কেন্দ্ৰীয় কাৰাগাৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।

কাৰাগাৰৰ এজন বিষয়াই জানিবলৈ দিয়ে যে কোভিড-১৯ত আক্ৰান্ত কাৰাবন্দীসকলক ভাইৰাছ সংক্ৰমণ ৰোধ কৰাৰ বাবে কাৰাগাৰৰ ভিতৰত পৃথক ৱাৰ্ডত আইছ্যলেশ্যনত ৰখা হৈছে।

স্বাস্থ্য বিভাগৰ দলটোৰ এগৰাকী সদস্যই কয় যে কাৰাবন্দীৰ মাজত উচ্চ হাৰত সংক্ৰমণৰ ঘটনা চিন্তাৰ কাৰণ আৰু সংক্ৰমণ ৰোধ কৰাৰ বাবে সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

কাৰাগাৰৰ বিষয়াগৰাকীয়ে প্ৰকাশ কৰে যে স্বাস্থ্য বিভাগৰ দলটোৱে বাকী কাৰাবন্দীসকলৰ পৰা সুকীয়াকৈ আইছ’লেশ্যনত ৰখা আক্ৰান্তৰ পৃথক ৱাৰ্ড পৰিদৰ্শন কৰে আৰু আক্ৰান্তসকলৰ স্বাস্থ্যৰ বুজ লয়।

বিষয়াসকলে কয় যে আইছ’লেশ্যন ৱাৰ্ডত স্বাস্থ্য বিভাগৰ পৰা অক্সিজেন চিলিণ্ডাৰ আগবঢ়োৱা হৈছে।

আক্ৰান্ত ৰোগীসকল বৰ্তমান সুস্থ বুলি সদৰী কৰি বিষয়াসকলে কয় যে প্ৰয়োজন হ’লে তেওঁলোকক স্বাস্থ্য বিভাগৰ পৰামৰ্শ অনুসৰি তথা জিলা প্ৰশাসনৰ সৈতে আলোচনা কৰি কোভিড কেয়াৰ হাস্পাতাল বা কেন্দ্ৰলৈ স্থানান্তৰিত কৰা হ’ব।

আনহাতে, কাৰাগাৰখনৰ জেইলৰ চম্পাকলি বৰদলৈয়ে কয় যে নতুন আক্ৰান্তৰ বাবে আন এটা আইছ’লেশ্যন ৱাৰ্ড সাজু কৰি থকা হৈছে।

Tags: COVID-19

Recent News

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

গোৰখনাথ মন্দিৰত আৰক্ষীৰ ওপৰত আক্ৰমণ; অভিযুক্ত মুৰ্তাজাক ‘নিয়া আদালত’ৰ মৃত্যুদণ্ড

গোৰখনাথ মন্দিৰত আৰক্ষীৰ ওপৰত আক্ৰমণ; অভিযুক্ত মুৰ্তাজাক ‘নিয়া আদালত’ৰ মৃত্যুদণ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd