কৃষক নেতা ৰাকেশ টিকাইটক মৃত্যুৰ ভাবুকি, অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল

Rakesh Tikait

তিনি বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত দিল্লী সীমান্তত কৃষক আন্দোলনক নেতৃত্ব দিয়া ভাৰতীয় কিষাণ ইউনিয়নৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰাকেশ টিকাইটক হত্যাৰ ভাবুকি দিয়াৰ ঘটনা পোহৰলৈ আহিছে।

বাতৰি অনুসৰি কৃষক নেতা ৰাকেশ টিকাইটক আজি এজন অচিনাক্ত ব্যক্তিয়ে ফোনযোগে মৃত্যুৰ ভাবুকি দিয়ে। টিকাইটৰ নিৰাপত্তাৰক্ষী হিচাপে থকা নিতিন নামৰ কনিষ্টবলজনে এই ফোনকলটো লাভ কৰে। কনিষ্টবল নীতিনৰ ভাষ্যৰ ভিত্তিত কৌশাম্বী আৰক্ষী থানাত এজন অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষীয়ে ফোন নম্বৰৰ ওপৰত ভিত্তি কৰি গোচৰটোৰ তদন্ত কৰি আছে আৰু অভিযুক্তজনৰ অৱস্থান জানিবলৈ চেষ্টা কৰি আছে।

প্ৰায় এবছৰ ধৰি চলি থকা কৃষক আন্দোলনৰ ফলশ্ৰুতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ তিনিওখন বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছিল। ইতিমধ্যে দুই সংসদত কৃষি আইন বাতিল বিধেয়ক গৃহীত হৈছে।

অৱশ্যে, ইয়াৰ পিছতো অব্যাহত আছে কৃষক আন্দোলন। আন্দোলনৰ নেতৃত্বই কৃষক আন্দোলনৰ সময়ত নিহত হোৱা ৭০০ ৰো অধিক কৃষকৰ পৰিয়ালক ক্ষতিপূৰণ আৰু শস্যৰ নিম্নতম সমৰ্থন মূল্যৰ (এমএছপি) আইনী গেৰাণ্টি দাবী কৰি প্ৰতিবাদ অব্যাহত ৰাখিছে।