আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ভূপেন্দ্ৰ নাথ গোস্বামীলৈ ‘জীৱনজোৰা সাধনা বঁটা’

বিশিষ্ট বিজ্ঞানী ড০ ভূপেন্দ্ৰ নাথ গোস্বামী

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে আজি খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বায়ুমণ্ডলীয় বিজ্ঞানী অধ্যাপক ড০ ভূপেন্দ্ৰ নাথ গোস্বামীক ২০১৯ বৰ্ষৰ ৰাজ্যিক বিজ্ঞান বঁটাৰ অধীনত ‘জীৱনজোৰা সাধনা বঁটা’ প্ৰদান কৰে।

ড০ গোস্বামীৰ উপৰি উক্ত অনুষ্ঠানতে মুখ্য মন্ত্ৰীয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগৰ সহকাৰী অধ্যাপক ড০ মনাশিতা বৰাক ‘যুৱ বিজ্ঞানী বঁটা’ আৰু বিজ্ঞান শিক্ষাৰ প্ৰসাৰৰ বাবে গ্ৰহণ কৰা ভূমিকাৰ বাবে যোৰহাটস্থিত উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক ‘বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উৎকৰ্ষৰ শ্ৰেষ্ঠ অনুষ্ঠান বঁটা’ প্ৰদান কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি সোণোৱালে কয় যে ৰাজ্য চৰকাৰে বিজ্ঞান শিক্ষাৰ জনপ্ৰিয়কৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইতিমধ্যে বহুকেইখন বিদ্যালয়ত বিজ্ঞান শাখা মুকলি কৰিছে যাতে উচ্চতৰ মাধ্যমিক পৰ্যায়ত ছাত্ৰ-ছাত্ৰীসলকে বিজ্ঞান শিক্ষা গ্ৰহণ কৰিব পাৰে।

ইয়াৰ উপৰি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্য আগত ৰাখি ইতিমধ্যে ৰাজ্যখনক ৫টা মণ্ডলত ভাগ কৰা হৈছে আৰু প্ৰতিটো মণ্ডলৰ পৰা নিৰ্বাচিত প্ৰতিনিধিক চৰকাৰী খৰচত জ্ঞান যাত্ৰাৰ বাবে প্ৰেৰণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

আজিৰ এই অনুষ্ঠানত অসম চৰকাৰৰ মুখ্য সচিব অলোক কুমাৰ, অসম বিজ্ঞান-প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক ড০ অৰূপ কুমাৰ মিশ্ৰইও ভাষণ প্ৰদান কৰে।

উল্লেখযোগ্য যে বহু ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সন্মানপ্ৰাপ্ত Indian Institute of Tropical Meteorology (IITM) ৰ প্ৰাক্তন সঞ্চালক বিশিষ্ট বিজ্ঞানী ড০ ভূপেন্দ্ৰ নাথ গোস্বামীক ১৯৯৫ চনত ভাৰতীয় বিজ্ঞান ক্ষেত্ৰৰ অতি সন্মানীয় ‘শান্তি স্বৰুপ ভাটনাগৰ বঁটা’ৰে সন্মানিত কৰা হৈছিল।