অসমীয়াই অসমক নবচালে ত্ৰিপুৰাৰ দৰে অসমতো বাংলাদেশী মুখ্য মন্ত্ৰী হ’ব : সুশান্ত বৰগোহাঁই

শিৱসাগৰৰ বেতবাৰীৰ বহু যুৱকৰ কংগ্ৰেছত যোগদান

Sushanta Borgohain

বেতবাৰীৰ এখন নিৰ্বাচনী সভাত সুশান্ত বৰগোহাঁই।

আগন্তুক লেকসভা নিৰ্বাচন অসমৰ বাবে অতি গুৰুত্বপূৰ্ণ নিৰ্বাচন ৰূপে বিবেচিত হ’ব। এই নিৰ্বাচনৰ লগত আমাৰ অস্তিত্ব ৰক্ষাৰ প্ৰশ্ন জড়িত হৈ আছে। এই নিৰ্বাচনৰ যেগেদি আমি অসমীয়া কৃষ্টি-সংস্কৃতি আৰু ভাষা ৰক্ষা কৰিব লাগিব।

এই মন্তব্য কৰিছে যোৰহাট লোকসভাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁয়ে। ২ ফেব্ৰুৱাৰিত বেতবাৰী জিলা পৰিষদত অনুষ্ঠিত কংগ্ৰেছৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰাৰ্থীজনে এই মন্তব্য কৰে।

তেওঁ লগতে কয়, “এটা সময়ত ব্ৰিটিছৰ হাতৰ পৰা দেশ ৰক্ষা কৰিবৰ বাবে যি আন্দোলন হৈছিল তাৰ পৰৱৰ্তী সময়ত বিদেশী বহিষ্কাৰৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত সমগ্ৰ অসমত গণ আন্দোলনে মূৰ দাঙি উঠিছিল। অতি শেহতীয়াকৈ জাতীয় সংগঠন আৰু সমাজ সচেতন ব্যক্তিৰ নেতৃত্বত শাসকীয় বিজেপি দলৰ বিৰুদ্ধে, দলটোৱে আনিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬-অৰ জৰিয়তে অসমত অবৈধ বাংলাদেশীক সংস্থাপন দিয়াৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আন্দোলন কৰিব লগীয়া হ’ল। বিজেপিয়ে সংসদৰ মজিয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন নকৰা হ’লে আজি অসমৰ যুৱক-যুৱতী, তথা বয়োজ্যেষ্ঠসকলে ৰাজপথত আন্দোলন কৰিব লগীয়া নহ’ল হেঁতেন।”

অসমৰ মানুহে ভৱিষ্যতৰ দিনত নিজকে অসমীয়া বুলি যাতে চিনাকি দিয়াৰ সুযোগ আৰু সুবিধা পায় তাৰ বাবেহে ৰাজনীতি কৰা বুলি মন্তব্য কৰে বৰগোহাঁয়ে।

“আমি ৰাজনীতি ভৱিষ্যত প্ৰজন্মৰ উন্নতিৰ বাবে কৰিছো, ব্যক্তিগত মুনাফা লাভৰ বাবে নহয়।নিজৰ বাবে ৰাজনীতি কৰা হ’লে আমি আজি বিজেপিৰ পন্থাকে গ্ৰহণ কৰিলো হেঁতেন”, বিজেপিক কটাক্ষ কৰি গোহাঁইৰ মন্তব্য।

নিজৰ ভাষণত তেওঁ ত্ৰিপুৰাৰ উদাহৰণ দাঙি ধৰি কয়, “আজি যদি অসমীয়াই  অসমক নবচায় তেন্তে অনাগত দিনত অসমতো ত্ৰিপুৰাৰ দৰে বাংলাদেশী মুখ্য মন্ত্ৰী হ’ব।”

ৰাজ্যখনক এনে পৰিস্থিতিৰ পৰা ৰক্ষা কৰিবলৈকে বৰগোহাঁয়ে সকলো অসমীয়াক সমাগত নিৰ্বাচনত কংগ্ৰেছক ভোট দিবলৈ আহ্বান জনায়।

এই সভাখনতে জিলাখনৰ বেতবাৰী অঞ্চলৰ বহু সংখ্যক যুৱকে সুশান্ত গোহাঁইৰ উপস্থিতিত কংগ্ৰেছ দলত যোগদান কৰে।