• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

মেছিৰ এই ঘোষণাই সমগ্ৰ বিশ্বৰ অগণন অনুৰাগীক স্তম্ভিত আৰু আৱেগিক কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 1, 2026 8:17 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰ্জেণ্টিনাৰ ছুপাৰষ্টাৰ লিয়নেল মেছিয়ে আন্তৰ্জাতিক ফুটবলৰ পৰা বিদায় লোৱাৰ সিদ্ধান্ত ঘোষণা কৰিছে। সোমবাৰে ৩৯ বছৰীয়া ফুটবলাৰগৰাকীয়ে অৱসৰৰ কথা ঘোষণা কৰি আৱেগিক বাৰ্তা প্ৰদান কৰে। ছয়খন বিশ্বকাপ খেলি আৰু আৰ্জেণ্টিনাক ২০২৬ চনৰ বিশ্বকাপৰ ফাইনেলত নেতৃত্ব দিয়াৰ পিছত তেওঁ আন্তৰ্জাতিক ফুটবলৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে।

মেছিৰ এই ঘোষণাই সমগ্ৰ বিশ্বৰ অগণন অনুৰাগীক স্তম্ভিত আৰু আৱেগিক কৰি তুলিছে। ছ’চিয়েল মিডিয়াত বহুতে বিশ্বাস কৰিব পৰা নাই যে তেওঁলোকৰ প্ৰিয় ফুটবলাৰৰ আন্তৰ্জাতিক কেৰিয়াৰ সঁচাকৈয়ে শেষ হ’ব।

Apply Now

মেছিয়ে নিজৰ ইনষ্টাগ্ৰাম পোষ্টত লিখিছে, “এয়া এনে এটা সিদ্ধান্ত যিয়ে মোক কষ্ট দিছে আৰু এতিয়াও মোক ভিতৰৰ পৰা গভীৰভাৱে আঘাত দিয়ে। কিন্তু মই বুজিব পাৰিছো যে এইটোৱেই সঠিক সময়।”

পিতৃৰ মৃত্যুৰ সৈতেও মেছিয়ে অৱসৰ লোৱাৰ সিদ্ধান্তৰ সম্পৰ্কটোও প্ৰকাশ কৰিছে। পিতৃৰ মৃত্যুৰ পিছত এই সিদ্ধান্তৰ প্ৰতি তেওঁৰ বিশ্বাস অধিক দৃঢ় হৈ পৰিছে বুলিও তেওঁ কয়। মেছিয়ে কয় যে তেওঁ প্ৰথমবাৰৰ বাবে অৱসৰৰ বিষয়ে লিখিছিল বিশ্বকাপৰ ফাইনেলৰ দুদিন পিছত ২১ জুলাইত। কিন্তু পিছলৈ দেউতাকৰ লগত যি ঘটিছিল তাৰ পিছত তেওঁ আগৰ সিদ্ধান্তৰ প্ৰতি অধিক নিশ্চিত হৈ পৰিল।

তেওঁ লিখিছে, “আজি মোৰ দেউতাৰ লগত যিটো ঘটিছে, তাৰ পিছত মই আগৰ তুলনাত অধিক নিশ্চিত হৈছো যে এইটোৱে সঠিক সিদ্ধান্ত।”

আৰ্জেণ্টিনাৰ জাতীয় দলৰ হৈ নিজৰ দীঘলীয়া যাত্ৰাৰ কথা স্মৰণ কৰি মেছিয়ে কয় যে তেওঁ সদায় দলটোৰ জাৰ্চিৰ বাবে নিজৰ সকলোখিনি দি আহিছে। তেওঁৰ মতে, শেহতীয়া বছৰবোৰত যেতিয়া আৰ্জেণ্টিনাই সকলো জিকিছে তেতিয়াই নহয়, তাৰ বহু আগতেই তেওঁ জাতীয় দলৰ হৈ যুঁজিছে।

মেছিয়ে কয় যে তেওঁৰ এটা লক্ষ্য আছিল আৰ্জেণ্টিনাৰ জাৰ্চি পিন্ধি দেশবাসীক সুখী আৰু গৌৰৱান্বিত কৰা। তেওঁ লগতে কয় যে তেওঁৰ হাতত বেছি সময় বাকী নাই আৰু তেওঁৰ জীৱনৰ বিভিন্ন অধ্যায় লাহে লাহে শেষ হৈ গৈ আছে। জাতীয় দলৰ অধ্যায় শেষ কৰাটো তেওঁৰ বাবে অতি কঠিন।

মেছিয়ে কয় যে তেওঁ আৰ্জেণ্টিনাৰ জাতীয় দলৰ অংশ হ’বলৈ ভাল পায় আৰু ভৱিষ্যতেও ভাল পাব। তেওঁ কয় যে তেওঁ দলৰ বাবে দিবলগীয়া সকলোখিনি দিছে। এতিয়া তেওঁৰ দিবলৈ একো বাকী নাই। একে সময়তে মেছিয়ে নতুন প্ৰজন্মৰ ফুটবলাৰৰ কথাও উল্লেখ কৰে। তেওঁৰ মতে, আৰ্জেণ্টিনাত কেইবাজনো প্ৰতিভাৱান যুৱ ফুটবলাৰৰ উন্মেষ ঘটিছে যিসকলে ৰাষ্ট্ৰীয় দলত থকাৰ যোগ্য।

আন্তৰ্জাতিক ফুটবলত প্ৰায় দুটা দশক কটোৱা সময়ছোৱাত অনুৰাগীৰ মৰমৰ বাবে মেছিয়ে কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ লিখিছে, “এই ২০ বছৰ ধৰি মোক যি মৰম দিছে তাৰ বাবে ধন্যবাদ।”

জাতীয় দলৰ হৈ খেলপথাৰত নমাৰ সময়ত গেলেৰীত অনুৰাগীৰ চিঞৰ আৰু শুনিব নাপাব, সেইটোৱেও তেওঁক আৱেগিক কৰি তুলিছে। মেছিয়ে কয় যে এতিয়াৰ পৰা তেওঁ আৰ্জেণ্টিনাক বাহিৰৰ পৰা সমৰ্থন কৰিব। তেওঁ ভাল সময়ৰ লগতে বেয়া সময়তো দলৰ কাষত আৰু বেছিকৈ থাকিব।

পৰিয়ালৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰে মেছিয়ে। তেওঁ উল্লেখ কৰে যে এই দীঘলীয়া আৰু কঠিন যাত্ৰাত তেওঁৰ পৰিয়াল সদায় তেওঁৰ কাষত আছে। একে সময়তে আৰ্জেণ্টিনাৰ ছুপাৰষ্টাৰগৰাকীয়ে তেওঁৰ কেৰিয়াৰত কাম কৰাৰ সুযোগ পোৱা সকলো প্ৰশিক্ষক, সতীৰ্থ আৰু কৰ্মকৰ্তাক ধন্যবাদ জনায়। তেওঁৰ ভাষাত এই যাত্ৰা যিমান সুন্দৰ আছিল সিমানেই কঠিন আছিল। অৱশ্যে এই সময়ৰ অগণন স্মৃতি আৰু মুহূৰ্ত তেওঁ লগত লৈ যাব।

মেছিয়ে কয় যে সতীৰ্থসকলৰ সৈতে মিলি তেওঁ আৰ্জেণ্টিনাৰ অনুৰাগীসকলক এসময়ত তেওঁলোকে সপোন দেখা কিছুমান মুহূৰ্ত দিছিল। তেওঁ সমগ্ৰ অভিজ্ঞতাক অবিশ্বাস্য বুলি অভিহিত কৰে। সতীৰ্থসকলৰ সৈতে একেলগে এই সফলতা অনুভৱ কৰাৰ সুযোগ তেওঁৰ বাবে বিশেষ আছিল।

শেষত আৰ্জেণ্টিনাৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰি তেওঁ লিখিছে, “আই লাভ ইউ!” ইয়াৰ পিছত তেওঁৰ দেশপ্ৰেমৰ আৱেগিক বাৰ্তা, “মোক আৰ্জেণ্টিয়ান হিচাপে জন্ম দিয়াৰ বাবে ভগৱানক ধন্যবাদ।” শেষত তেওঁ লিখিছে, “ভামোছ আৰ্জেণ্টিনা!”

মেছিৰ অৱসৰৰ খবৰ বিয়পি পৰাৰ লগে লগে অনুৰাগীৰ প্ৰতিক্ৰিয়া আৰম্ভ হয়। বহুতে বিশ্বাস কৰিব পৰা নাছিল যে ইমান দীঘলীয়া আন্তৰ্জাতিক কেৰিয়াৰৰ অন্ত পৰিল। এজন অনুৰাগীয়ে লিখিছে, “এইটো সঁচা নহয়।তেওঁ এনেকৈ অৱসৰ ল’ব নোৱাৰে।” কান্দি থকা ইমোজি এটাৰে তেওঁ নিজৰ আৱেগ প্ৰকাশ কৰিছে।

আন এজন অনুৰাগীয়ে মেছিৰ সমগ্ৰ কেৰিয়াৰ চোৱাৰ সুযোগ পোৱাৰ কথা উল্লেখ কৰি লিখিছে যে তেওঁৰ কেৰিয়াৰ আৰম্ভণিৰ পৰা শেষলৈকে চোৱাৰ অভিজ্ঞতাৰ বাবে দুখৰ মাজতো তেওঁ কৃতজ্ঞ। আন এজনে লিখিছে, “সঁচাকৈয়ে এটা যুগৰ অন্ত। তেওঁৰ দৰে আন এজন খেলুৱৈ আমি কেতিয়াও দেখা নাপাম।”

আন এজন অনুৰাগীয়ে মেছিক সৰ্বকালৰ শ্ৰেষ্ঠ বা GOAT বুলি অভিহিত কৰি তেওঁৰ কেৰিয়াৰৰ ‘কাব্যিক সমাপ্তি’ৰ কথা কয়। একে সময়তে তেওঁ কয় যে তেওঁ নিজৰ প্ৰিয় তাৰকাগৰাকীক মিছ কৰিব।

মেছিৰ বিদায় বাৰ্তাটো যিমানেই দীঘলীয়া আন্তৰ্জাতিক কেৰিয়াৰৰ অন্ত পেলোৱাৰ যন্ত্ৰণাৰ বিষয়ে সিমানেই গৌৰৱৰ কথাও। আৰ্জেণ্টিনাৰ হৈ তেওঁ যিমানখিনি অৰ্জন কৰিছে, সতীৰ্থসকলৰ সৈতে ভাগ কৰা সফলতা আৰু অনুৰাগীৰ মৰমবোৰ বাৰে বাৰে তেওঁৰ কথাত ওলাই আহিছে। বিশ্ব ফুটবলৰ অন্যতম উজ্জ্বল অধ্যায়ৰ অন্ত পেলোৱাৰ সময়তে মেছিয়ে কয় যে তেওঁ শান্তি আৰু গৌৰৱেৰে বিদায় লৈছে।

তেওঁৰ মতে, ৰাষ্ট্ৰীয় দলৰ জাৰ্চিৰ বাবে নিজৰ সকলোখিনি দিয়াৰ পিছত এতিয়া সেই জাৰ্চি আন এটা প্ৰজন্মৰ হাতত গতাই দিয়াৰ সময় আহি পৰিছে। আৰু সেইবাবেই মেছিৰ অৱসৰ কেৱল এজন ফুটবলাৰৰ বিদায় নহয়, বৰঞ্চ তেওঁৰ কোটি কোটি অনুৰাগীৰ বাবে এটা প্ৰিয় যুগৰ পৰিসমাপ্তি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

September 1, 2026 8:17 am
প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

September 1, 2026 7:32 am
২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

September 1, 2026 8:17 am
প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

September 1, 2026 7:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd