• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লীত ১০ ঘণ্টাত ২৭টা চিগাৰেট খাব লাগিব মেছিয়ে! অনুৰাগীসকলে চিন্তিত হৈ প্ৰশ্ন ‘আপোনাৰ হাওঁফাওঁৰ বীমা আছেনে?’

এন ই নাও নিউজ, গুাৱাহাটী by এন ই নাও নিউজ, গুাৱাহাটী
December 15, 2025 1:25 pm
83
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত চলি থকা গট কনচাৰ্টৰ অংশ হিচাপে ফুটবলাৰ লিয়নেল মেছি মুম্বাই, কলকাতা আৰু হায়দৰাবাদৰ মাজেৰে আহি এতিয়া ৰাজধানী দিল্লীত উপস্থিত হৈছে। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত এই বৃহৎ অনুষ্ঠানৰ সামৰণি পৰিব। কিন্তু, দিল্লীৰ অতিমাত্ৰা বায়ু প্ৰদূষণৰ বাবে মেছিৰ অনুৰাগীসকলে তেওঁৰ স্বাস্থ্যক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।

সোমবাৰৰ দিল্লীৰ বতৰৰ পৰিসংখ্যাই এক উদ্বেগজনক ছবি দাঙি ধৰিছে। বাতৰি অনুসৰি, ৰাজধানীৰ বতাহত উশাহ লোৱাটো দিনটোত ২৭টা চিগাৰেট খোৱাৰ সমতুল্য! ইয়াৰ অৰ্থ হ’ল মেছিয়ে মাত্ৰ ১০ ঘণ্টা সময় দিল্লীত অতিবাহিত কৰিলে ২৭টা চিগাৰেট খোৱাৰ সমপৰিমাণৰ ক্ষতি তেওঁৰ হাওঁফাওঁত হ’ব পাৰে।

Apply Now

সোমবাৰে দিনৰ ২ বজাৰ ভিতৰত লিয়নেল মেছি ৰাজধানী চহৰত ভৰি থ’ব। তেওঁ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ধাৰাবাহিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব, য’ত ভাৰতীয় ক্ৰিকেট তাৰকা বিৰাট কোহলীও উপস্থিত থকাৰ সম্ভাৱনা আছে।

ইফালে, সোমবাৰে পুৱা দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহ ঘন ধোঁৱা আৰু কুঁৱলীৰে আৱৰি আছিল। জাহাংগীৰপুৰাৰ বায়ুৰ মানদণ্ড সূচক (AQI) ৪৯৮ লৈ বৃদ্ধি পাইছিল, যিটো ‘বিপজ্জনক’ বা ‘চৰম’ (Critical) স্তৰৰ ওচৰা-ওচৰি। দেওবাৰৰ তুলনাত সোমবাৰে দিল্লীৰ প্ৰদূষণৰ মাত্ৰা যথেষ্ট বৃদ্ধি পাইছে। বিশ্লেষকসকলৰ মতে, দিল্লীৰ ৪৯৪ AQI মানে দিল্লীবাসীয়ে দিনটোত গড়ে ২৭টা চিগাৰেট সেৱন কৰি আছে।

এই ভয়াৱহ বায়ু প্ৰদূষণৰ মাজতে মেছিৰ দিল্লী আগমনৰ খবৰে ছচিয়েল মিডিয়াত অসংখ্য মিম আৰু আলোচনাৰ জন্ম দিছে। এজন অনুৰাগীয়ে উদ্বেগ প্ৰকাশ কৰি লিখিছে, “শুনিছো যে মেছিৰ ভৰিৰ বীমা ৯০ কোটি ডলাৰৰ। কিন্তু তেওঁৰ হাওঁফাওঁৰ বীমা আছেনে?” আন এজনে ঠাট্টা কৰি কৈছে যে মেছিৰ কেৰিয়াৰত ৮৯৬টা গ’ল আছে, কিন্তু দিল্লীৰ প্ৰদূষণৰ মাত্ৰা হয়তো তাতোকৈও অধিক হ’ব পাৰে।

দিল্লীৰ লোকসকলে মেছি আৰু বিৰাট কোহলীৰ যৌথ উপস্থিতিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে, কিন্তু ঘন ধোঁৱাৰ বাবে দুয়োকে স্পষ্টকৈ দেখা পোৱা যাবনে নাই সেয়াও এক প্ৰশ্ন হৈ পৰিছে।

মন কৰিবলগীয়া যে দীপাৱলীৰ পৰা দিল্লীৰ বায়ু বিষাক্ত হৈ আহিছে। যাৰ ফলত দিল্লী চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ‘ক্লাউড ছিডিং’ৰ ব্যৱস্থা কৰিছিল। কিন্তু তিনিবাৰৰ বিফল পৰীক্ষাত ইতিমধ্যে প্ৰায় ১.০৭ কোটি টকা ব্যয় কৰা হৈছে, অথচ কোনো লাভ হোৱা নাই। বৰঞ্চ প্ৰদূষণৰ মাত্ৰা বাঢ়িছেহে। বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যে এই প্ৰদূষণ শিশু আৰু বৃদ্ধ লোকসকলৰ বাবে অত্যন্ত বিপদজনক। এনে পৰিস্থিতিত আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰগৰাকীৰ দিল্লী ভ্ৰমণক লৈ সকলোৱে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুাৱাহাটী

এন ই নাও নিউজ, গুাৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd