• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

আৰু মাথো এখোজ! তাৰ পাছতেই হাতৰ মুঠিত ‘সোণালী পৰী’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 14, 2022 8:33 am
FIFA World Cup Argentina
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কান্ধত দায়িত্ব গধুৰ। ৰাজপুত্ৰ মাৰাডোনাৰ উত্তৰাধিকাৰী তেওঁ। মাৰাডোনাই দি যোৱা গৌৰৱৰ ঐতিহ্য বুকুত বান্ধি উত্তৰাধিকাৰীৰ বাওঁভৰিৰ ওপৰত দৃষ্টি নিবদ্ধ সমগ্ৰ দেশবাসীৰ। হৃদয়ত আশাৰ কাতৰ প্ৰাৰ্থনা, “হে যাদুকৰ! হাতত তুলি লোৱা সোণালী পৰী, হৃদয় জুৰোৱা আৰ্জেণ্টাইনবাসীৰ।” এই প্ৰাৰ্থনাক জানো আওকাণ কৰিব পাৰি!

বাওঁভৰিৰ যাদুকৰ তেওঁ; পিকাছো, গঘৰ তুলিকাত প্ৰাণ পোৱা ৰঙীন শিল্পৰ দৰেই তেওঁৰ বাওঁভৰিত সমাহাৰ ঘটে কলাৰ, সেউজীয়াৰ মাজত যেন জিলিকি উঠা সেয়া ভিঞ্চি সৃষ্ট মনালিছাৰ কলাত্মক হাঁহি! আৰু, এই হাঁহিৰ যাদুত মোহ যায় বিশ্ব নাগৰিক। নোযোৱাকৈ পাৰে নে! এই শিল্পৰ শিল্পী যে স্বয়ং লিঅ’নেল আন্দ্ৰেছ মেছি!

Apply Now

মেছি, বিশ্ব ফুটবলত তেওঁক আখ্যা দিয়া হয় GOAT- Greatest Of All Time অভিধাৰে। পেলে, মাৰাডোনাই ৰাখি থৈ যোৱা ঐতিহ্যৰ ধাৰাবাহক মেছি। ২০০৫ চনত আৰ্জেণ্টিনাৰ হৈ অভিষেক ঘটোৱাৰ পাছতে ফুটবলৰ বাবে সৰ্বোচ্চ উজাৰি দিছে মেছিয়ে, ফুটবলৰ জৰিয়তেই লাভ কৰিছে সৰ্বস্ব।

তথাপিও যেন এই ১৭ বছৰীয়া কেৰিয়াৰত এক বিৰাট শূন্য। এই শূন্যতাৰ মূল কাৰণ হৈছে এটা বিশ্বকাপ ট্ৰফী। সৌ-সিদিনালৈ আন্ত:ৰাষ্ট্ৰীয় খিতাপহীন হৈ থকা কেৰিয়াৰত কোপা আমেৰিকাৰ খিতাপ জয়েৰে আংশিকভাৱে পূৰণ কৰিছিল কিছু শূন্যতা। এতিয়া আধৰুৱা হৈ থকা বাকী অংশক সম্পূৰ্ণ কৰি তুলিবলৈ লাগে মাত্ৰ এক সোণালী পৰী- ফিফা বিশ্বকাপ।

May be an image of 1 person and playing American football

ইতিপূৰ্বেই মেছিয়ে ঘোষণা কৰিছে- কাটাৰেই হ’ব তেওঁৰ অন্তিম বিশ্বকাপ। গতিকে কেৰিয়াৰক সম্পূৰ্ণ কৰি তুলিবলৈ, দেশবাসীৰ আশাৰ দায়িত্ব কান্ধ পাতি ৩৫ বৰ্ষীয় ‘তৰুণ’ খেলুৱৈগৰাকীয়ে সৰ্বোচ্চ উজাৰি দিছে কাটাৰত। আৰু দলৰ বাকী খেলুৱৈসকল! তেওঁলোকো যেন স্বয়ং সমৰ্পিত লিঅ’নেল মেছিত! ইতিমধ্যেই দলৰ প্ৰাচীৰ যেন গলৰক্ষক মাৰ্টিনেজে ঘোষণা কৰিছেই, মেছিৰ বাবে ত্যাগ কৰিব পাৰে সকলো……। এই সমৰ্পণৰ প্ৰমাণ দিয়াত পিছ পৰি ৰোৱা নাই দলৰ আন সদস্যও।

কাটাৰ অভিযানৰ প্ৰথমখন মেচতে তুলনামূলকভাৱে দুৰ্বল চৌদি আৰৱৰ বিপক্ষে পৰাস্ত হৈ স্বপ্নভংগৰ আশংকাত ডুবিছিল মেছিবাহিনী। আৰ্জেণ্টিনাৰ লগতে বিশ্বজুৰি থকা তাৰকাগৰাকীৰ অযুত অনুৰাগীৰ কঁপি উঠিছিল বুকু- এটা বিশ্বকাপ খিতাপ অবিহনেই শেষ হৈ যাব নেকি প্ৰিয় তাৰকাগৰাকীৰ কেৰিয়াৰ!

নাই, এয়া হ’ব দিব নোৱাৰি!! ইয়াৰ পাছতে যেন প্ৰাণ পাই উঠিল মাৰাডোনাৰ আশীৰ্বাদপুষ্ট আৰ্জেণ্টাইন ফুটবল দল। দুৰন্ত প্ৰত্যাৱৰ্তনেৰে এঢাপ-এঢাপকৈ আগবাঢ়ি প্ৰৱেশ কৰিলে ছেমিত। সমুখত যোৱাবাৰৰ ফাইনেলিষ্ট ক্ৰ’ৱেছিয়া। লুকা মড্ৰিছৰ সুকৌশলী নেতৃত্বত দুৰ্দান্ত প্ৰদৰ্শন কৰি অহা ক্ৰ’ৱেছিয়া। ১৮ ৰ ৰাছিয়া বিশ্বকাপত এই ক্ৰ’ৱেছিয়াই বিধ্বস্ত কৰি থৈছে আৰ্জেণ্টিনাক।

কিন্তু এইবাৰ যেন সেই আৰ্জেণ্টিনাতকৈ সম্পূৰ্ণ পৃথক এক আৰ্জেণ্টাইন দল। কলাত্মক, ছন্দময় আৰু বিপক্ষৰ প্ৰতি দয়াহীন আৰ্জেণ্টিনা। চলিত বিশ্বকাপত দুৰন্ত গতিত আগবঢ়া ক্ৰ’ৱেছিয়াৰ ছন্দ ভংগ কৰি কালি বিধ্বংসী হৈ পৰিল মেছিবাহিনী। আৰম্ভণিৰে পৰাই কোবাল আক্ৰমণেৰে থকা-সৰকা কৰি তুলিলে ক্ৰ’ৱেছিয়ান ডিফেঞ্চত। সমগ্ৰ বিশ্বকাপত চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰা মড্ৰিছবাহিনী কালি হৈ পৰিল সম্পূৰ্ণ নিষ্প্ৰভ।

খেলৰ ৩৩ মিনিটত আৰ্জেণ্টিনাৰ আক্ৰমণৰ সমুখত থকা জুলিয়ান আলভাৰেজে ভৰিত বল লৈ সোমাই পৰে ক্ৰ’ৱেছিয়াৰ গলবক্সৰ ভিতৰত। সমুখত ডিফেঞ্চ বিহীন হৈ পৰা ক্ৰ’ৱেছিয়ান গলৰক্ষক লিভাক’ভিচে আলভাৰেজক বাধা দিয়াৰ চেষ্টাত ফাউল কৰে আৰু ৰেফাৰীয়ে দিয়া পেনাল্টিৰ সুযোগ কাৰ্যকৰী কৰি মেছিয়ে আৰ্জেণ্টিনাক অগ্ৰগতি দিয়ে।

May be an image of 1 person and outdoors

তাৰ কিছু সময় পাছতে ৩৯ মিনিটত প্ৰায় একক প্ৰচেষ্টাৰেই আলভাৰেজে আৰ্জেণ্টিনাক দিয়ে দ্বিতীয়টো গলৰ সোৱাদ। প্ৰথমাৰ্ধ ২-০ ব্যৱধানত সামৰণি পৰাৰ পাছত দ্বিতীয়াৰ্ধতো আক্ৰমণৰ চোক অব্যাহত থাকে আৰ্জেণ্টিনাৰ। আৰু ৬৯ মিনিটত পুনৰ এক যাদুকৰী শিল্পনৈপুণ্যতাৰে অনুৰাগীক সন্মোহিত কৰি তোলে মেছিয়ে।

সোঁফালৰ পৰা ক্ষীপ্ৰ গতিৰে বল লৈ আগবঢ়া মেছিৰ নিপুণ চমকৰ সন্মুখত ব্যৰ্থ হৈ পৰে চলিত বিশ্বকাপত শ্ৰেষ্ঠ ডিফেণ্ডাৰ হিচাপে প্ৰতিপন্ন হৈ থকা ক্ৰ’ৱেছিয়ান যুৱ তাৰকা গাৱাৰ্ডিয়ল। শৈল্পিক ড্ৰিবলিঙেৰে গাৱাৰ্ডিয়লসহ ক্ৰ’ৱেছিয়ান ডিফেঞ্চক পৰাভূত কৰি মেছিয়ে এক চমকিত পাছৰ ৰূপত বল ঠেলি দিয়ে আলভাৰেজলৈ আৰু আলভাৰেজেও কোনো ত্ৰুটি নাৰাখি নেটত প্ৰৱেশ কৰায় বল।

নিৰ্ধাৰিত সময় এই ৩-০ ব্যৱধানতে সামৰণি পৰাৰ লগে লগে ফাইনেলত স্থান নিশ্চিত হয় আৰ্জেণ্টিনাৰ। এতিয়া লক্ষ্য পূৰণৰ দিশত আৰ্জেণ্টিনাৰ সমুখত মাথো এটা ঢাপ। অহা ১৮ ফেব্ৰুৱাৰীত খিতাপ জয়ৰ স্বৰ্ণিল স্বপ্ন পূৰণৰ বাবে ফ্ৰান্স আৰু মৰক্কোৰ মাজত বিজয়ী দলটোৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হ’ব মেছিবাহিনী। ২০১৪ ত জাৰ্মানীয়ে চূৰ্ণ কৰা স্বপ্নক এইবাৰ পূৰ্ণতা দিয়াৰ বাবে দৃঢ়প্ৰতিজ্ঞ আৰ্জেণ্টিনা। তদুপৰি ১৯৮৬ ত মাৰাডোনাই তুলি দিয়া খিতাপৰ পাছত বিশ্বকাপবিহীন হৈ আছে লেটিন আমেৰিকান দেশখন।

গতিকে এইবাৰ খিতাপ জয়ৰ এই খৰাং আঁতৰাই আৰ্জেণ্টিনাক পুনৰবাৰ বিশ্বজয়ৰ সোৱাদ দিবলৈ, লগতে নিজৰ বৰ্ণিল কেৰিয়াৰত এটি বিশ্বকাপ খিতাপ সন্নিৱিষ্ট কৰি মেছিয়ে পুনৰবাৰ দেশবাসী তথা বিশ্বব্যাপী থকা তেওঁৰ অযুত অনুৰাগীৰ আশাৰ প্ৰাৰ্থনাক সাকাৰ ৰূপ দিয়াৰ লক্ষ্যৰে বাট চাইছে ১৮ ডিচেম্বৰলৈ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd