• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীত বৃদ্ধি পাইছে ২০শতাংশ সুৰা পানৰ হাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 29, 2019 7:15 am

2 min read

Liquor-1140x570

প্ৰতিনিধিত্বমূলক ফটো

293
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীত সুৰাপানৰ হাৰ প্ৰায় ২০ শতাংশ বৃদ্ধি পাইছে।

চৰকাৰী তথ্য অনুসৰি, চলিত বছৰৰ জানুৱাৰিৰ পৰা নৱেম্বৰলৈকে গুৱাহাটীৰ লোকে মুঠ ১.৩৬ কোটি লিটাৰ সুৰা পান কৰিছে।

ইয়াৰ ভিতৰত ৭৬.২৭ লাখ লিটাৰ আই এম এফ এল আৰু ৫৯.৬৯ লাখ লিটাৰ বীয়েৰ।

২০১৮-১৯ (এপ্ৰিল-মাৰ্চ) বৰ্ষত মহানগৰীৰ লোকে মুঠ ১.০১ কোটি লিটাৰ সুৰা পান কৰিছে। ইয়াৰ ভিতৰত ৫৯.৩৬ লাখ লিটাৰ আই এম এফ এল আৰু ৪১.৯৫ লাখ লিটাৰ বীয়েৰ।

আনহাতে, ২০১৭-১৮ (এপ্ৰিল-মাৰ্চ) বৰ্ষত মহানগৰীখনৰ লোকে মুঠ ৭৮.৩৭ লাখ লিটাৰ সুৰা পান কৰিছে। ইয়াৰ ভিতৰত ৫০.৫৩ লাখ লিটাৰ হৈছে আই এম এফ এল আৰু ২৭.৮৩ লাখ লিটাৰ বীয়েৰ।

বাতৰি অনুসৰি আবকাৰী বিভাগৰ তথ্যত গুৱাহাটীত সুৰা পানৰ হাৰ বৃদ্ধি পাইছে।

সূত্ৰই প্ৰকাশ কৰা মতে ভাৰতত তৈয়াৰী বিদেশী সুৰা (আই এম এফ এল) পানৰ হাৰ প্ৰায় ২০ শতাংশ আৰু বীয়েৰ পানৰ হাৰ প্ৰায় ৫০শতাংশ বৃদ্ধি পাইছে।

বাতৰি অনুসৰি, ২০১৮বৰ্ষৰ জানুৱাৰিৰ পৰা অক্টোবৰলৈকে গুৱাহাটীৰ লোকে ৬৮.২৭ লাখ লিটাৰ আই এম এফ এল পান কৰাৰ বিপৰীতে বীয়েৰ পান কৰিছে ৪৬.৭৪ লাখ লিটাৰ।

কোৱা হৈছে যে মহানগৰীত সুৰা পানৰ হাৰ বৃদ্ধি পোৱাৰ ফলত আবকাৰী বিভাগৰ ৰাজহ ৩১ শতাংশ বৃদ্ধি পাইছে।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি ২০১৮-১৯ বৰ্ষৰ এপ্ৰিলৰ পৰা নৱেম্বৰলৈকে আবকাৰী বিভাগে ২২৬.৭৪ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিছে। আনহাতে, ২০১৯-২০বৰ্ষৰ এপ্ৰিলৰ পৰা নৱেম্বৰলৈকে ৰাজহৰ পৰিমান ২৯৭.৬২ কোটি টকালৈ বৃদ্ধি পাইছে।

গুৱাহাটীত আবকাৰী বিভাগে ১৮৯ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিছে।

আনহাতে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলা প্ৰতিবাদৰ সময়ছোৱাত মহানগৰীত ৱাইন শ্বপসমূহ বন্ধ থকাৰ বাবে আবকাৰী বিভাগে প্ৰায় ৫ কোটি টকাৰ ৰাজহ হেৰুৱাইছে।

Recent News

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd