অচিৰেই নামনি সুৱণশিৰি জিলা সদৰত স্থাপন হ’ব চৰকাৰী মহাবিদ্যালয়

APYC President Nyamar Karbak

আজি লিৰোমোবাৰ বিধায়ক ন্যামাৰ কাৰবাকে ঘোষণা কৰিছে যে পূৰ্বাৰ স্বাস্থ্য আৰু পৰিয়ালকল্যাণ মন্ত্ৰী প্ৰয়াত জোমদে কেনাৰ স্মৃতিত নামনি সুৱণশিৰি জিলা সদৰত এখন চৰকাৰী মহাবিদ্যালয় স্থাপন কৰা হ’ব।

জেনছিত অনুষ্ঠিত জোমদে কেনা স্মাৰক ভলীবল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বিধায়কগৰাকীয়ে মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ হকে এই ঘোষণা কৰিছে। দুৰ্যোগপূৰ্ণ বতৰৰ বাবে মুখ্য মন্ত্ৰীগৰাকী এই অনুষ্ঠানত উপস্থিত হ’ব পৰা নাছিল।

উল্লেখ্য যে লিকাবালিত এখন চৰকাৰী মহাবিদ্যালয় স্থাপন কৰাৰ বাবে দীৰ্ঘদিন ধৰি দাবী উত্থাপন হৈ আহিছে। এলেকাটোৰ এগৰাকী অতি প্ৰিয় নেতাৰ স্মৃতিত স্থাপন হ’বলগীয়া মহাবিদ্যালয়খনে এটা ঠাইখনৰ উচ্চ শিক্ষাৰ অভাৱ পূৰণ কৰিব।

বিগত বছৰৰ ছেপ্টেম্বৰত মৃত্যুবৰণ কৰা কেনাই সামগ্ৰিকভাৱে ৰাজ্যখনলৈ আৰু বিশেষকৈ এই এলেকাটোলৈ আগবঢ়োৱা অৱদানৰ কথা বিধায়ক কাৰবাকে ৰোমান্থন কৰে।

তেওঁ আৰু কৈছে, ‘‘চৰকাৰে ৰাজ্যখনৰ পৰা দুৰ্নীতি নিবাৰণ কৰিবলৈ বিভিন্ন কাৰ্যপন্থা হাতত লৈছে। চৰকাৰৰ এই উদ্যোগ সফল কৰাত ৰাইজৰ এই ক্ষেত্ৰত বহু কৰণীয় আছে।’’ তেওঁ টকা লৈ ভোট দিয়া বন্ধ কৰিবলৈ ৰাইজলৈ আহ্বান জনায়।

তেওঁ জোমদে কেনা স্মাৰক ভলীবল প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী খেলুৱৈসকলকো খেলুৱৈসুলব মনোভাৱেৰে খেলিবলৈ আহ্বান জনায়।

এই প্ৰতিযোগিতাত অৰুণাচলৰ ৪খন জিলাৰ পৰা ১০টা দলে অংশগ্ৰহণ কৰিছে। অংশগ্ৰহণকাৰী জিলাকেইখন হৈছে পূব, উজনি আৰু নামনি ছিয়াং আৰু ছিয়াং জিলা।

জোমদে কেনা স্মাৰক ভলীবল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত চক্ৰ বিষয়া তথা প্ৰতিযোগিতাৰ আয়োজক অধ্যক্ষ তাজুম ৰোন্যায়ো ভাষণ প্ৰদান কৰে। অনুষ্ঠানত কৰ আৰু আবকাৰী মন্ত্ৰী জাৰকাৰ গামলিন, উপ অধ্যক্ষ তুমকে বাগ্ৰা আৰু বিধায়ক গজেন গাডি আৰু কা্ডো ন্যিগ্যোৰো উপস্থিত আছিল।