• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ওদালগুৰি জিলাৰ ভেৰগাঁৱত এটিএম সেৱাৰ পৰা বঞ্চিত স্থানীয় ৰাইজ

NE NOW NEWS চাজিদ খান
ওদালগুৰি , September 2, 2018 3:28 pm

2 min read

IMG-20170419-WA0002-570x320

ফটো : নৰ্থ-ইষ্ট নাও

127
VIEWS
Share on FacebookShare on Twitter

ওদালগুৰি জিলাৰ ভেৰগাঁও চহৰত বছৰ বছৰ ধৰি এটিএমৰ দৰে সাধাৰণ বেংক সেৱাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে স্থানীয় ৰাইজ। কিছু বছৰ পূৰ্বে অচিনাক্ত দুৰ্বৃত্তই ভেৰগাঁও ষ্টেইট বেংক অব ইণ্ডিয়াৰ এটিএমটো লুটি নিছিল আৰু তেতিয়াৰে পৰা আজিকোপতি এটিএমটো কাৰ্যক্ষম কৰিবলৈ সামৰ্থ নহ’ল বেংক কৰ্তৃপক্ষ।

উল্লেখযোগ্য যে ২০১২ চনৰ ৩ এপ্ৰিলতে ভেৰগাঁৱত মুকলি কৰা হৈছিল ষ্টেইট বেংকৰ শাখাটো। আৰু ২০১৪ৰ ২৮ মাৰ্চত ডকাইটে লুটিছিল বেংকৰ এটিএমটো। তেতিয়াৰে পৰা বেংক কৰ্তপক্ষই স্থানীয় ৰাইজক সাধাৰণ এটিএম সেৱাৰ পৰা বঞ্চিত কৰি আহিছে। এই  অভিযোগ স্থানীয় ৰাইজৰ।

এটিএমটো পুনৰ আৰম্ভ কৰিবলৈ স্থানীয় ৰাইজ তথা ছাত্ৰ সংগঠনে বেংক কৰ্তৃপক্ষক বাৰম্বাৰ অনুৰোধ জনাই আহিছে যদিও আজিলৈ বেংক কৰ্তৃপক্ষই তেওঁলোকৰ দাবী আৰু অনুৰোধক গুৰুত্ব প্ৰদান কৰা দেখা নগ’ল। যাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ গ্ৰাহকে এতিয়া ধন উলিয়াবলৈ যাবলগীয়া হয় টংলালৈ।

স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি বেংক কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই এটিএম সেৱা পুনৰ আৰম্ভ হোৱা নাই। তাৰোপৰি বেংক কৰ্তৃপক্ষই নিজে সুৰক্ষা কৰ্মী নিয়োগ কৰি হ’লেও শীঘ্ৰে এটিএমটো কাৰ্যক্ষম কৰি তুলিব লাগে বুলি স্থানীয় ৰাইজে দাবী উত্থাপন কৰে।

আনহাতে ভেৰগাঁও মহকুমাৰ ৰাইজে ভিতৰুৱা গাঁও সমূহত ভেৰগাঁও ষ্টেইট বেংকৰ অধীনত কাষ্টমাৰ চাৰ্ভিছ পইণ্ট স্থাপনৰো দাবী তোলে। তাৰোপৰি ভেৰগাঁৱৰ এ টি এম সেৱা পুনৰাম্ভ কৰা বিষয়টোত চৰকাৰ আৰু বেংক কৰ্তৃপক্ষক গুৰুত্ব প্ৰদান কৰিবলৈ স্থানীয় ৰাইজ আৰু দল-সংগঠনে আহ্বান জনায়।

Recent News

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd