অসম-মেঘালয় সীমান্তবৰ্ত্তী অঞ্চলত চৰকাৰৰ আজিও সু-দৃষ্টি নপৰিল৷ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ কাষৰীয়া জিৰা-তৰেংথপত বিগত ৪০বছৰে অঞ্চলবাসীয়ে নাপালে এখন দলং৷
বিভিন্ন সময়ত স্থানীয় ৰাইজে জিৰা-তৰেংথপৰ কৃষ্ণাই নৈৰ বুকুত এখন দলং সাজিবলৈ বহু আবেদন-নিবেদন কৰিলে যদিও কাৰ্যতো আজিলৈকে একো নহ’ল। ইখনৰ পিছত সিখন চৰকাৰ আহিছে আৰু গৈছে, কিন্তু জিৰা-তৰেংথপৰ ৰাইজাৰ সমস্যা সমস্যা হৈয়ে ৰ’ল৷
দীৰ্ঘদিন ধৰি দাবী কৰি অহাৰ পাছতো এখন দলং নোহোৱাৰ বাবেই এতিয়াও সাধাৰণ লোকৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে যমৰ যাতনা ভোগ কৰি থাকিব লগা হৈছে। অঞ্চলটোৰ প্ৰায় ৪০০/৫০০ ছাত্ৰ-ছাত্ৰীয়ে পাঠদানৰ বাবে কৃষ্ণাই নৈৰ বুকু ভেদি অতি বিপদসংকুল পৰিবেশৰ মাজেৰে জিৰাত থকা বিদ্যালয়ত যাব লগা হয় ৷
বিগত সময়ছোৱাত নাও দুৰ্ঘটনাত ভালে সংখ্যক ছাত্ৰ-ছাত্ৰীও আহত হ’বলগীয়াও হৈছে ৷ তথাপে, ইমানৰ পাছতো চৰকাৰ তথা প্ৰশাসনৰ কোনো খবৰ লোৱাৰ আহৰি নাই ৷
আনহাতে, বেমাৰ-আজাৰ হ’লে এই অঞ্চলৰ লোকৰ মৃত্যুক সাৱটি লোৱাৰ বাহিৰে যেন গত্যন্তৰ নাই। ইয়ালৈ ১০৮ এম্বুলেন্স সেৱাও নাহে। ইয়াত চিকিৎসাৰ বাবে চিকিৎসকো নাই ৷ পৰিতাপৰ বিষয়টো হ’ল যে প্ৰতিদিনে সাধাৰণ লোকৰ লগতে নাওৰে নৈ পাৰ হ’বলৈও ছাত্ৰ-ছাত্ৰীসকলে পাঁচ টকাকৈ ভৰিব লাগে।
ইপিনে,স্থানীয় বিধায়ক গৰাকীকো শেহতীয়াকৈ এই বিষয়ে বহুবাৰ অৱগত কৰা হৈছিল যদিও একো কামত নাহিল ৷ সেয়েহে, এনেদৰেই মৰণক শৰণ দি শিক্ষাগ্ৰহণ কৰিব লগা হৈছে ছাত্ৰ-ছাত্ৰী সকলে৷