NORTHEAST NOW (Assamese)

আৰাধ্য দেৱীৰ কোপদৃষ্টিৰ বাবে সংহাৰ চলিছে ক’ভিডৰ! ভক্তসকলে কৰিলে অবাক কাণ্ড, ক’ত?

May 24, 2021 5:03 pm · এন ই নাও নিউজ
(প্ৰতিনিধিত্বমূলক ফটো)

এটা মন্দিৰৰ আৰাধ্য দেৱীগৰাকীৰ কোপদৃষ্টিৰ বাবে ক’ভিড-১৯ৰ দ্বিতীয় ঢৌৱে ব্যাপক ৰূপ লাভ কৰিছে।

সেই বিশ্বাসতে অন্ধ্ৰ প্ৰদেশৰ পূব গোদাৱৰী জিলাত দেওবাৰে ক’ভিড বাধা নিষেধ ভংগ কৰি শ শ লোকে জি. মামিডাডা গাঁৱত অৱস্থিত গগুলাম্মা থাল্লি মন্দিৰৰ এক অনুষ্ঠানত অংশ লয়।

এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে, অনুষ্ঠানটো আৰাধ্য দেৱীগৰাকীৰ আৰাধনাৰ বাবে আয়োজন কৰা হৈছে, যাতে তেওঁ কোপদৃষ্টি সম্বৰণ কৰে।

স্থানীয় প্ৰশাসনৰ তৰফৰ পৰা কোৱা হৈছে ভক্তসকলে বিশ্বাস কৰে যে ক’ভিডৰ পৰা ৰক্ষা পাবলৈ হ’লে দেৱীগৰাকীক সন্তুষ্ট কৰিব লাগিব।

উল্লেখযোগ্য যে ৰাজ্যখনত বৰ্তমান ক’ভিড লকডাউন বাহাল ৰখা হৈছে।

কিন্তু দেৱীক সন্তুষ্ট কৰিবলৈ ভক্তসকলে লকডাউন ভংগ কৰিছে।

স্থানীয় আৰক্ষীয়ে তাত উপস্থিত হৈ আয়োজক সমিতিক নিজৰ জিম্মাত লয় আৰু ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।

Related News