NORTHEAST NOW (Assamese)

গুৱাহাটীত সোমবাৰে চলিব ১০০ চিটি বাছ, বিভিন্ন জিলালৈ ৫০খন

May 3, 2020 10:00 pm · এন ই নাও নিউজ
এ এছ টি চি বাছৰ ফাইল ছবি।

অসম ৰাজ্যিক পৰিবহণ নিগমে সোমবাৰে গুৱাহাটীত ১০০খন চিটি বাছ চলাব।

তাৰোপৰি, গুৱাহাটী আৰু বিভিন্ন জিলাৰ মাজত চলিব ৫০খন বাছ।

চিটিবাছকে ধৰি সকলো বাছেই পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৫ বজাৰ ভিতৰত চলাচল কৰিব।

দূৰণিবটীয়া বাছসমূহৰ টিকেট বুকিঙৰ বাবে কেৱল অনলাইন ব্যৱস্থা ৰখা হৈছে।

ৰেড্বাছ পৰ্টেল (redbus.in)ত গৈ বাছসমূহৰ টিকেট বুক কৰিব পৰা যাব।

এ এছ টি চিৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে এই কথা প্ৰকাশ কৰিছে।

তেওঁ টুইটাৰযোগে ৪ মে’ৰ বাবে বাছসমূহৰ সময়সূচী প্ৰকাশ কৰিছে।

সেই অনুসৰি গুৱাহাটীৰ পৰা পুৱা ৬ বজাত যোৰহাট, মাজুলী, সোণাৰি আৰু তিনিচুকীয়াৰ বাছসমূহে যাত্ৰা আৰম্ভ কৰিব।

উত্তৰ লখিমপুৰলৈ পুৱা ৬.৩০ বজাত আৰু শিলচৰ আৰু ডিব্ৰুগড়লৈ ৭ বজাত বাছসমূহে গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰিব।

আনহাতে, তেজপুৰলৈ পুৱা ৭, ৭.৩০ আৰু ৮ বজাত তিনিখন বাছ চলিব।

কৰ’নাভাইৰাছৰ বিৰুদ্ধে তৃতীয় পৰ্য্যায়ৰ লকডাউনত দিয়া কিছু শিথিলতাৰ মাজত চলিব লগা এই বাছসমূহে ক’ভিড-১৯ সম্বন্ধীয় সকলো সতৰ্কতামূলক ব্যৱস্থা মানি চলিব।

অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা মতে বাছসমূহত কেৱল ৫০ শতাংশ যাত্ৰীহে নিব পাৰিব আৰু ৰেড আৰু অৰেঞ্জ জ’নত গাড়ীসমূহ নচলিব।

“ৰেড বা অৰেঞ্জ জ’নৰ মাজৰে ৰাষ্ট্ৰীয় ঘাইপথৰে বাছসমূহ যাব পাৰিব কিন্তু ৰখাব নোৱাৰিব। ৰেড আৰু অৰেঞ্জ জ’নত কোনোধৰণৰ ষ্টপেজ নাথাকিব,” মন্ত্ৰী শৰ্মাই কয়।

Related News