• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Lockdown অভিশাপ নেকি? নকমিল ক’ৰ’ণা ৰোগী; বিপৰীতে বহুতৰে সলনি হ’ল জীৱনৰ গতি, বহুতৰে হৈছে মহা হাৰাশাস্তি

মহানগৰীত লকডাউনত নকমিল ক'ৰোনাৰ দ্ৰুত সংক্ৰমণ! তেন্তে উপাৰ্জনহীন কৰি সাধাৰণ জনতাক হাৰাশাস্তি কিয়?

by
July 16, 2020 1:25 pm
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’ণাৰ গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীত পুনৰবাৰ দিয়া হ’ল লকডাউন।

প্ৰথম পৰ্যায়ত দুসপ্তাহৰ বাবে এই লকডাউন ঘোষণা কৰা হৈছিল যদিও সংক্ৰমণ বা আক্ৰান্তৰ সংখ্যা হ্ৰাস নোপোৱাত নাগৰিক সমাজৰ লগত আলোচনা মৰ্মে দ্বিতীয় পৰ্যায়ত এসপ্তাহৰ বাবে ঘোষণা কৰিলে লকডাউন।

বৰ্তমান লকডাউন চলি আছে যদিও ক’ৰ’ণা আক্ৰান্তৰ সংখ্যা কিয় হ্ৰাস পোৱা নাই বুলি প্ৰশ্ন কৰিছে একাংশ সচেতন মহলে।

ইয়াৰোপৰি, লকডাউনৰ মাজতে যোৱা কেইবাদিনত প্ৰায় ৪০০ ৰ পৰা ৭০০ পৰ্যন্ত লোক নতুনকৈ আক্ৰান্ত হোৱাৰ পাছত সকলো উদ্বিগ্ন হৈছে।

সকলোৰে এটাই প্ৰশ্ন “লকডাউন দিয়াৰ পাছতো কিয় হ্ৰাস পোৱা নাই ক’ৰ’ণা আক্ৰান্তৰ সংখ্যা?”

সেয়েহে সমাজৰ ভিন্ন শ্ৰেণীৰ লোকে লকডাউন ক’ৰ’ণা সংক্ৰমণ ৰোধৰ সমাধানৰ সূত্ৰ হ’ব নোৱাৰে বুলি দাবী কৰে।

আন একাংশই আকৌ লকডাউনতো মহানগৰবাসীৰ বাবে অভিশাপ আখ্যা দিয়াৰ লগতে ই সৰ্বসাধাৰণ লোকক হাৰাশাস্তি প্ৰদান কৰা বুলি দাবী কৰে।

এই সন্দৰ্ভত আমি সমাজৰ ভিন্ন স্তৰৰ কেইগৰাকীমান লোকৰ সৈতে কথা পাতিছিলো।

তেওঁলোকে আটায়ে গুৱাহাটীত চলি থকা লকডাউনৰ বিৰোধিতা কৰে।

এই সন্দৰ্ভত অল আসাম ওলা-উবেৰ কেব অপাৰেটৰ সন্থাৰ সভাপতি ইছমাইল আলিয়ে নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত কয় “লকডাউন আমাৰ বাবে কেৱল অভিশাপেই নহয় আমাৰ বাবে মৰণফাণ্ড, এয়া ১০০ শতাংশই সত্য। ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে পুনৰবাৰ গুৱাহাটীত লকডাউন দিছিল যদিও নিয়ন্ত্ৰণ হোৱা নাই।”

“শ্ৰমিক তথা দিন হাজিৰাৰে খাটি খোৱা বা উপাৰ্জন কৰা মানুহৰ বাবে এই লকডাউন অভিশাপ। ক’ৰ’ণাত কিমান মানুহৰ মৃত্যু হৈছে, লকডাউনত কিমান মানুহৰ হাৰাশাস্তি হৈছে বা বানপানীত কিমান লোকৰ মৃত্যু হৈছে সেই কথা চৰকাৰ প্ৰশাসনে ভাবি চোৱা ভাল। বানপানী গৰাখহনীয়াৰ প্ৰতি গুৰুত্ত্ব নিদি ক’ৰ’ণাক লৈহে গুৰুত্ব দিছে।” আলিয়ে লগতে কয়।

তাৎপৰ্যপূৰ্ণভাৱে চৰকাৰে ক’ৰ’ণা ভাইৰাছৰ বাবে দিয়া লকডাউনৰ বাবে দেশৰ অৰ্থনীতি দুৰ্বল হোৱা দেখুৱাবলৈ বিভিন্ন অঞ্চলত নতুনকৈ লকডাউন ঘোষণা কৰি আছে বুলি আলিয়ে গুৰুতৰ অভিযোগ তোলে।

তেওঁ আৰু কয় “লকডাউন দিয়াৰ পাছতো কিয় ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ নকমিল তাৰ উত্তৰ চৰকাৰে আমাক দিব লাগিব।”

ইপিনে, বহু ওলা-উবেৰ কেব চালকে নিজৰ উপাৰ্জনৰ পথ সলনি কৰি শাক পাচলি আৰু মাছৰ ব্যৱসায় আৰম্ভ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় “এনেকৈ নিজৰ ব্যৱসায় কৰি পৰিয়াল পোহপাল দিবলৈ চেষ্টা কৰিছে যদিও আমি দেখা পাইছো পুলিচ প্ৰশাসনে শাক পাচলি তথা বিক্ৰী কৰা বাহনসমূহ জব্দ কৰি লৈ যায়। বহু চালকে এতিয়া অন্য মানুহৰ ঘৰৰ পৰা চাউল খুজি আনি এবেলাৰ ভাত মুকলি কৰিবলগীয়া হৈছে। চালকসকল মানসিকভাৱে বহু ভাঙি পৰিছে।”

আনহাতে, ভঙাগড় অঞ্চলৰ হাৰ্ডৱেৰৰ সামগ্ৰী বিক্ৰী কৰি পৰিয়াল পোহপাল দি থকা হিতেন দত্ত নামৰ লোকজনে কয় “চৰকাৰে লকডাউন দি জন সমাগম কমাই ক’ৰ’ণা সংক্ৰমণৰ চেইনডাল ছিঙিবলৈ চিন্তা কৰিছিল। কিন্তু দেশজুৰি প্ৰথম পৰ্যায়তে তাৰ সম্পূৰ্ণ বিপৰীত ছবি দেখিবলৈ পাইছো। লকডাউন আৰম্ভ কৰাৰ সময়ত দেশত ক’ৰ’ণা ৰোগীৰ সংখ্যা তেনেই কম আছিল। কিন্তু লকডাউন শেষ হোৱাৰ সময়ত ৭০ সহস্ৰাধিক লোক আক্ৰান্ত হৈছিল। যদি লকডাউন সমাধান আছিলেই তেন্তে মাৰ্চ মাহৰ পৰা মে’ মাহলৈকে ক’ৰ’ণা সংক্ৰমণ সীমিত হ’ব লাগিছিল। কিন্তু দুগুণ তিনিগুণতকৈ অধিক লোক আক্ৰান্ত হ’বলৈ আৰম্ভ কৰিলে।”

“খাটি খোৱা লোকৰ বাবে লকডাউন মৃত্যুদূতত পৰিণত হৈছে। গুৱাহাটীত পুনৰ লকডাউন দিয়াৰ আগতে বিজ্ঞানসন্মতভাৱে কথাবোৰ চালি জাৰি চোৱাটো প্ৰয়োজন আছিল।” দত্তই লগতে কয়।

ইপিনে, চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে নাগৰিক সমাজৰ লগত আলোচনা কৰি পুনৰ লকডাউন দিয়াৰ প্ৰসংগটো সমালোচনা কৰি দত্তই কয় “নাগৰিক সমাজৰ সেইসকল অন্য প্ৰদেশৰ পৰা অহা নে তেওঁলোক বিজ্ঞানী হয়? আমিও এখন সমাজৰ সৈতে জীয়াই আছো। আমাৰ সমাজৰ কোনো নাগৰিককে চৰকাৰে কিয় আলোচনাৰ বাবে নামাতিলে? বিজেপি চৰকাৰৰ চেলা চামুণ্ডা সকলক নাগৰিক সমাজ সজাই আলোচনা কৰিলে।”

তেওঁ আৰু কয় “মোৰ হাৰ্ডৱেৰ দোকানত বহু কৰ্মচাৰী জড়িত হৈ আছিল। মই ভাড়া ৰুমৰ মালিকক ভাড়া দিব লাগে আৰু গুদামত ভাড়া দিব লাগে, GMCক কৰ দিব লাগিব, GST দিবৰ বাবে REMINDER দি আছে। যদি হাৰ্ডৱেৰ বন্ধ হৈ থাকে এইবোৰ কেনেকৈ পৰিশোধ কৰিম। চৰকাৰেতো এইবোৰ ৰেহাই দিয়া নাই।”

আনহাতে, অনিল নগৰৰ নিবাসী এজন সমাজ সচেতক ব্যক্তি প্ৰশান্ত বৰ্মণে এই লকডাউনৰ বিৰোধিতা কৰাৰ লগতে জনসাধাৰণক সাৱধানে তথা সজাগ হৈ চলিবৰ বাবে আহ্বান জনায়।

তেওঁ কয় “লকডাউনৰ পৰিবেশটো কিছু সংখ্যকৰ বাবে অভিশাপস্বৰূপ হৈ পৰিছে। লকডাউন দিলে ক’ৰ’ণাৰ গণ সংক্ৰমণ ৰোধ হ’ব বুলি কোৱাটো স্বাস্থ্য বিভাগৰ একপ্ৰকাৰ দম্ভালি। কিয়নো কাৰ্যত: একো দেখা নাই; কোভিড ৰোগীৰ সংখ্যা শ শ বাঢ়িয়ে আছে; মৃত্যুৰ সংখ্যা বাঢ়িয়ে আছে। চৰকাৰে লকডাউন দি দুখীয়া জন গণক হাৰাশাস্তি দিয়াটো যুক্তিসংগত বুলি মই নাভাবো।”

“আমি যথেষ্ট পৰিমাণে দুখীয়া লোকসকলক সহায় কৰি আহিছো যদিও সেয়া পৰ্যাপ্ত নহয়। এটা সীমালৈকেহে সহায় কৰিব পাৰিম। গুৱাহাটীৰ এই লকডাউনৰ সময়ছোৱাত খাটি খোৱা লোকসকলক চৰকাৰ অথবা প্ৰশাসনৰ ফালৰ পৰা অনুদান বা সাহায্য দি সহায় কৰা নাই। মুঠৰ ওপৰত লকডাউনে ক’ৰ’ণা সংক্ৰমণ ৰোধ কৰিব পৰা নাই।”

অৱশ্যে লকডাউনৰ বিৰোধিতা কৰিলেও জনসাধাৰণক সজাগ হৈ থাকিবলৈ আহ্বান জনাই বৰ্মণে লগতে মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ আহ্বান জনায়।

ইপিনে, এই লকডাউনত কেনে ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে তাক জানিবৰ বাবে কথা পাতিছিলো হেঙেৰাবাৰীৰ ৰবি কৰ্মকাৰ নামৰ এজন ৰিক্সাচালকৰ লগত।

তেওঁ কয় “আমাৰটো এতিয়া উপায় নোহোৱা হৈছে। কি কৰিম, কেনেকৈ চলিম। পাঁচ মাহ ধৰি ৰিক্সা চলোৱা নাই। বেলেগ উপাৰ্জনো নাই। আগতে NGOৰ মানুহ আহিছিল, পুলিচৰ মানুহ আহিছিল আমাক খাদ্য দি গৈছিল। এইবাৰ লকডাউনতো তাকো পোৱা নাই। এসাজ খাই এসাঁজৰ বাবে চিন্তা কৰিবলগীয়া হৈছে।”

ওপৰত উল্লেখিত বিভিন্ন শ্ৰেণীৰ লোকসমূহ মাথো উদাহৰণহে। এনেদৰে এতিয়া ক’ৰ’ণাৰ গণ সংক্ৰমণ ৰোধৰ বাবে প্ৰশাসনে ঘোষণা কৰা লকডাউনৰ কু-প্ৰভাৱ সমাজৰ বিভিন্ন স্তৰত প্ৰতিফলিত হোৱা পৰিলক্ষিত হৈছে।

Tags: COVID-19

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am
কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

September 16, 2025 8:46 am
আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

September 16, 2025 8:20 am
UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

September 16, 2025 7:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am
কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

September 16, 2025 8:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd