তৃতীয় পৰ্যায়ৰ লকডাইনত কঠোৰ শিৱসাগৰ জিলা প্ৰশাসন

যানবাহনৰ ক্ষেত্ৰত বান্ধি দিয়া নীতি অমান্য কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

Lockdown: Sivasagar administration to be stricter

শিৱসাগৰ চহৰ তহল দিয়া অৱস্থাত উপায়ুক্ত।

দেশত এতিয়া তৃতীয় পৰ্যায়ৰ লকডাউন চলি আছে। এই লকডাউনত কিছু শিথিলতাৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনে বহু ব্যৱসায় প্ৰতিষ্ঠান, দোকান-পোহাৰ খোলাৰ নিৰ্দেশ দিছিল। লগতে বান্ধি দিছিল কেতবোৰ নীতি নিৰ্দেশনা।

কিন্তু শিৱসাগৰৰ একাংশ ব্যৱসায়ীয়ে প্ৰশাসনৰ নীতি-নিৰ্দেশনা মানি নচলাৰ লগতে অত্যধিক দৰত সামগ্ৰী বিক্ৰী কৰি থকাৰ এক অভিযোগ উত্থাপিত হয়।

যাৰ বাবে আজি শিৱসাগৰ জিলা উপায়ুক্ত লক্ষীনন্দন গগৈয়ে জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাক লগত লৈ চহৰৰ দোকানসমূহ পৰিদৰ্শন কৰে আৰু দোকান সমূহে প্ৰশাসনে বান্ধি দিয়া নীতি-নিৰ্দেশনা মানি চলিছে নে নাই সেয়া তদাৰক কৰে।

এই সময়চোৱাত প্ৰশাসনে বান্ধি দিয়া নীতি-নিৰ্দেশনা অমান্য কৰা বহুকেইখন দোকানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়ে।

জিলা উপায়ুক্তই ৰাইজক লকডাউন মানি চলিবলৈ আহ্বান জনোৱাৰ লগতে দোকানসমূহক গ্ৰাহকৰ মাজত সামাজিক দূৰত্ব বজাই ৰখা আৰু হাত ধোৱাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।

আনহাতে শিৱসাগৰ জিলাত আজিৰে পৰা ব্যক্তিগত দুচকীয়া আৰু চাৰিচকীয়া বাহন চলাচলত যুগ্ম-অযুগ্ম নীতি বলবৎ কৰা হৈছে।

আজি কিছু ৰেহাই দিয়া হৈছে যদিও কাইলৈ অৰ্থাৎ দেওবাৰৰ পৰা এই নীতি ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি শিৱসাগৰ জিলা উপায়ুক্ত লক্ষীনন্দন গগৈয়ে জানিবলৈ দিয়ে।

ইপিনে যানবাহন চালক সকলে বাহন চলাওতে বাহনৰ সম্পূৰ্ণ নথিপত্ৰ লগত ৰাখিবলৈ আহ্বান জনাইছে জিলা উপায়ুক্তই।