DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

প্ৰদূষণ নিয়ন্ত্ৰনৰ বাবে ল’ব পাৰি নেকি লকডাউনৰ ব্যৱস্থা! কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 13, 2021 2:04 pm
SC on Delhi air pollution
694
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ক্ৰমাৎ গুৰুতৰ হৈ পৰা বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ আবেদনৰ শুনানি গ্ৰহণ কৰি ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনা নেতৃত্বাধীন উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে Air Quality Index (AQI)ৰ বৰ্ধিত স্তৰৰ মোকাবিলা কৰিবলৈ কেইদিনমানৰ বাবে লকডাউনৰ দৰে জৰুৰী কালীন ব্যৱস্থা গ্ৰহণ কৰিব পাৰি নেকি বুলি প্ৰশ্ন কৰিছে কেন্দ্ৰীয় চৰকাৰক।

মুখ্য ন্যায়াধীশ ৰমনাই কেন্দ্ৰক কয়, “আমি কেনেকৈ AQI কমেও ২০০ পইণ্ট হ্ৰাস কৰিব পাৰোঁ আমাক কওঁক। কিছুমান জৰুৰী ব্যৱস্থা লওক। দুদিনৰ লকডাউন বা আন জৰুৰীকালীন উপায়ৰ কথা ভাবিব পাৰি নেকি? দিল্লীত বায়ুৰ মানদণ্ড গুৰুতৰ শ্ৰেণীত আছে আৰু ২ ৰ পৰা ৩ দিনৰ ভিতৰত ই আৰু হ্ৰাস পাব। জৰুৰীকালীন সিদ্ধান্ত লওক। আমি পিছত এটা দীৰ্ঘম্যাদী সমাধানৰ পথ চিন্তা কৰিম।”

উচ্চতম ন্যায়ালয়ে কয় যে বায়ু প্ৰদূষণে এক গুৰুতৰ পৰিস্থিতি উদ্ভৱ কৰিছে আৰু বায়ুৰ মানদণ্ডৰ অৱনতিৰ ফলত মানুহে আনকি ঘৰতো মাস্ক পিন্ধিবলৈ বাধ্য হৈছে।

তদুপৰি বিচাৰপীঠে দিল্লী চৰকাৰক স্মগ টাৱাৰ আৰু নিৰ্গমন নিয়ন্ত্ৰণ প্ৰকল্প স্থাপনৰ সিদ্ধান্তৰ প্ৰক্ৰিয়াৰ অগ্ৰগতি সম্পৰ্কেও প্ৰশ্ন কৰে।

বিচাৰপীঠে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপ চৰকাৰক প্ৰদূষণৰ ক্ষেত্ৰত লোৱা প্ৰচেষ্টা সন্দৰ্ভত প্ৰশ্ন কৰে যে, “দিল্লী চৰকাৰে দিল্লীত সকলো বিদ্যালয় খুলি দিছে আৰু এতিয়া শিশুসকল প্ৰদূষণৰ সংস্পৰ্শলৈ আহিছে। এই বিষয়টো কেন্দ্ৰৰ নহয়, ৰাজ্য চৰকাৰৰ অধিকাৰক্ষেত্ৰ। সেই সন্দৰ্ভত কি ব্যৱস্থা লোৱা হৈছে?”

বায়ু প্ৰদূষণৰ মোকাবিলাৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিছে বুলি কেন্দ্ৰক প্ৰশ্ন কৰি বিচাৰপীঠে কয়, “কেন্দ্ৰীয় চৰকাৰে কয় যে নৰা জ্বলোৱাৰ বাবে ২ লাখ যন্ত্ৰ উপলব্ধ আৰু বজাৰত ২-৩ প্ৰকাৰৰ যন্ত্ৰ উপলব্ধ আছে কিন্তু কৃষকসকলে সেইবোৰ ক্ৰয় কৰিব নোৱাৰে। কেন্দ্ৰ/ৰাজ্য চৰকাৰে কৃষকসকলক এই যন্ত্ৰবোৰ কিয় প্ৰদান কৰিব নোৱাৰে?”

শীৰ্ষ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক ৰাজনীতি আৰু চৰকাৰৰ বাহিৰত প্ৰদূষণৰ বিষয়টো গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

আদালতে ১৫ নৱেম্বৰত বিষয়টোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে।

Recent News

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd