কটন বিশ্ববিদ্যালয়ৰ উন্নত ভাৰত অভিযান গোটৰ অত্যাৱশকীয় সামগ্ৰী বিতৰণ
কটন বিশ্ববিদ্যালয়ৰ উন্নত ভাৰত অভিযান (ইউ বি এ) গোটে উন্নয়নৰ বাবে পৰিগ্ৰহণ কৰা কামৰূপ জিলাৰ চন্দ্ৰপুৰৰ নিজ পাণবাৰী অঞ্চলৰ কিছু পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে৷
কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত ইউ বি এৰ যুটীয়া সমন্বয়ক ড° নাৰায়ণ শৰ্মাৰ উপস্থিতিত ২৩ এপ্ৰিল তাৰিখে উক্ত অঞ্চলৰ লগতে গোটে পৰিগ্ৰহণ কৰা চক্ৰদেউ কলিতাপাৰা অঞ্চলতো সাহায্য বিতৰণ কৰে৷
এই কাৰ্য্যসূচীত নিজ পাণবাৰী গাঁৱৰ গাওঁবুঢ়া প্ৰশান্ত ৰংহাঙৰ তত্ত্বাৱধানত গাওঁবাসীয়ে সামাজিক দূৰত্ব বৰ্তাই ৰাখাৰ লগতে আশা কৰ্মীসকলে চেনিটাইজাৰে হাত ধোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে৷
পৰিয়ালসমূহৰ মাজত চাউল, দালি, আলু, পিয়াঁজ, তেল, নিমখ, চেনী, চাহ, চাবোন ইত্যাদি বিতৰণ কৰা হয়৷
কটন বিশ্ববিদ্যালয়ৰ শিক্ষকসকলৰ আৰ্থিক সাহায্যৰ লগতে বিশ্ববিদ্যালয়ৰ ইউ বি এৰ সমন্বয়ক ড° সংগীতা বৰঠাকুৰৰ প্ৰচেষ্টাত এই সমগ্ৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷
বিশ্ববিদ্যালয়ৰ ইউ বি এ গোটে উন্নয়নৰ বাবে পৰিগ্ৰহণ কৰা পাঁচখন গাঁৱৰ ভিতৰত বাকী থকা তিনিখন গাঁৱতো সাহায্য বিতৰণৰ কাৰ্যসূচী হাতত লৈছে৷