আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া মুকেশ চাহুৱে আজি এই কথা প্ৰকাশ কৰে।
গুৱাহাটীত আজি অনুষ্ঠিত এক সংবাদমেল সম্বোধন কৰি চাহুৱে কয় যে ইতিমধ্যে ৩৩টা কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনী (চি পি এম এফ)ৰ দল অসমত আহি উপস্থিত হৈছেহি। ইয়াৰ উপৰি নিৰ্বাচনৰ আগে আগে ৰাজ্যখনত আৰু অধিক নিৰাপত্তা বাহিনীৰ দল মোতায়েন কৰা হ’ব পাৰে বুলিও তেওঁ লগতে জনায়।
উল্লেখযোগ্য যে অসমত অহা ১১, ১৮ আৰু ২৩ এপ্ৰিলত হ’বলগীয়া ৩ পৰ্যায়ৰ নিৰ্বাচনত ১৪টা লোকসভা সমষ্টিত মুঠ ২,১৭,৬০,৬০৪ গৰাকী ভোটাৰে তেওঁলোকৰ ভোটদান সাব্যস্ত কৰিব। আনহাতে ৰাজ্যখনত থকা মুঠ ২৮,১৪৩টা ভোটগ্ৰহণ কেন্দ্ৰৰ ৩,৬৬৩টা অতি স্পৰ্শকাতৰ আৰু ১,৯১৩টা স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰা হৈছে।
তদুপৰি অসমত এইবাৰ ১.২০ লাখ ‘ডি’ ভোটাৰ আছে বুলি উল্লেখ কৰি চাহুৱে লগতে কয়, ‘মনোনয়ন দাখিলৰ অন্তিম দিন পৰ্যন্ত ভোটাৰ তালিকা সংশোধন কৰা হ’ব। যদি ‘ডি’ ভোটাৰসকলে সংশোধনৰ অন্তিমটো দিনৰ পূৰ্বে ন্যায়াধিকৰণৰ জৰিয়তে ‘ডি’ ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম উঠাই ল’ব পাৰে তেন্তে তেওঁলোকেও ভোটদান কৰিব পাৰিব।‘