লোকসভাত গৃহীত সহায়ক প্ৰজনন প্ৰযুক্তি (নিয়ন্ত্ৰণ) বিধেয়ক, ২০২১

ART 2021

লোকসভাৰ চলিত শীতকালীন অধিৱেশনত আজি দীৰ্ঘ সময়ৰ আলোচনাৰ পিছত ধ্বনি ভোটৰ দ্বাৰা গৃহীত হৈছে সহায়ক প্ৰজনন প্ৰযুক্তি (নিয়ন্ত্ৰণ) বিধেয়ক, ২০২১(ART,2021)।

বিধেয়কখনে সহায়ক প্ৰজনন প্ৰযুক্তি ক্লিনিক আৰু বেংকসমূহ নিয়ন্ত্ৰণ আৰু তত্বাৱধান, প্ৰযুক্তিৰ অপব্যৱহাৰ প্ৰতিহত আৰু সেৱাসমূহৰ নৈতিক অনুশীলনক প্ৰচাৰ কৰিব বিচাৰে বুলি চৰকাৰে সদৰী কৰে।

বিধেয়কখন উত্থাপন কৰা স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই সংসদীয় স্থায়ী সমিতিৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি কেইবাটাও সংশোধনী উত্থাপন কৰে।

“বহুতো ART ক্লিনিক দেশত নিয়ন্ত্ৰণ অবিহনে চলি আছে। এনে ক্লিনিকৰ নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছে।” মান্দাৱিয়াই কয়।

“এই বিধেয়কখন তেওঁলোকৰ বাবে যিসকলে অভিভাৱকত্ব আকাংক্ষা কৰে। মহিলাসকলে যদি বিচাৰে তেন্তে মাতৃত্ব প্ৰাপ্ত কৰা উচিত।”

বিধেয়ক উত্থাপনৰ সময়ত হোৱা বিতৰ্কত মন্ত্ৰী গৰাকীয়ে লগতে কয় যে LGBT সকলেও এই বিধেয়ক খনৰ পৰা লাভাৱান্বিত হ’ব। এগৰাকী অবিবাহিত মহিলাইও বিধেয়কখনৰ সুবিধা লোৱাৰ ক্ষেত্ৰত কোনো সমস্যা নাই বুলি মান্দাৱিয়াই বিতৰ্কৰ উত্তৰত কয়।

কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলসমূহে বিধেয়কখনৰ বিৰোধিতা কৰিছিল। কোল্লামৰ বিপ্লৱী সমাজতান্ত্ৰিক দলৰ সাংসদ এন কে প্ৰেমচন্দ্ৰনে দাবী কৰিছিল যে বিধেয়কখন বিবেচনাৰ বাবে গ্ৰহণ কৰিব নোৱাৰি কিয়নো ই চাৰোগেচী বিধেয়কৰ পৰা ইয়াৰ ক্ষমতা আহৰণ কৰে। কিন্তু চাৰোগেচী বিধেয়ক এতিয়াও ৰাজ্যসভাত গৃহীত হোৱা নাই।

অধ্যক্ষ ওম বিৰলাই কয় যে বিধেয়কখন লোকসভাত গৃহীত কৰাত এতিয়া কোনো বাধা নাই কিয়নো ইতিমধ্যে চাৰোগেচী বিধেয়ক লোকসভাই গৃহীত কৰিছে। তেওঁ কয় যে ART,2021 বিধেয়কখন শেষত চাৰোগেচী বিধেয়ক গৃহীত হোৱাৰ পিছতহে কাৰ্যকৰী হ’ব।