• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অথলে গ’ল অসমীয়াৰ আন্দোলন : নাগৰিকত্ব বিধেয়ক লোকসভাত পাছ; নৰজিল বিৰোধীৰ প্ৰবল আপত্তি

ৰাজ্যসভাৰ অধিৱেশন এদিন বৃদ্ধি; কাইলৈ অন্তিম দিনা বিজেপিয়ে ৰাজ্যসভাতো পাছ কৰাৰ চেষ্টা কৰিব বিধেয়কখন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 8, 2019 5:43 pm
Home-Minister-750x375

গৃহ মন্ত্ৰী ৰাজনাথ সিং। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া মানুহৰ শংকা, প্ৰতিবাদ, আন্দোলন এক প্ৰকাৰৰ অসাৰ হোৱাৰ পথত। আজি বিৰোধীৰ প্ৰবল বিৰোধিতা সত্ত্বেও আৰু কংগ্ৰেছ, তৃণমূল কংগ্ৰেছৰ সদন ত্যাগ সত্ত্বেও অসমীয়াৰ ডাঙৰ শংকাৰ কাৰণ নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ লোকসভাত গৃহীত হয়।

ইয়াৰ পূৰ্বে বিধেয়কখনৰ প্ৰতিটো দফা আলোচনা কৰা হয় লোকসভাত। কিন্তু বিধেয়কখনৰ আলোচনা কালত কেইবজনো সাংসদে সবল যুক্তিৰে ইয়াক প্ৰত্যাহাৰ কৰাৰ দাবী জনায় যদিও শাসক দলে সেয়া নামানিলে। লোকসভাত শাসক দলৰ সংখ্যাগৰিষ্ঠতা থকা বাবে ইয়াক সহজেই পাছ কৰে।

Apply Now

উল্লেখযোগ্য যে আজি বিধেয়কখনৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে ‘বাংলাদেশত চৰকাৰে সংখ্যালঘুসকলক সুৰক্ষা দিবলৈ চেষ্টা যৎপৰোনাস্তি চেষ্টা কৰিছে যদিও কিছুমান কাৰকে সেইটো সম্ভৱ কৰি তোলা নাই’ বুলি কয়। তেওঁ অসমৰ জনগণৰ সৈতে আছে বুলিও কয়। “আমি অসমৰ জনগণৰ সৈতে থাকিম আৰু তেওঁলোকক যি সহায় লাগে আগ বঢ়াম” (We will stand with the people of Assam, and will help the state in whatever way they need)। ৰাজনাথ সিঙে সংসদৰ মজিয়াত কয়।

ধৰ্মৰ ভিত্তিত ভাৰত বিভাজন হোৱা উচিত নাছিল বুলিও মন্তব্য কৰে গৃহ মন্ত্ৰীজনে। “অখণ্ড ভাৰত অধিক সুবিধাজনক হ’ল হেঁতেন” ৰাজনাথ সিঙে কয়।

আনপিনে কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, বিজু জনতা দল, চি পি আই (এম)কে ধৰি প্ৰায়বোৰ বিৰোধী দলৰ সাংসদেই বিধেয়কখনৰ বিৰোধিতা কৰে। কংগ্ৰেছ আৰু তৃণমূলৰ সাংসদসকলে প্ৰতিবাদত সদন ত্যাগ কৰে। আনহাতে চি পি আই (এম)ৰ সাংসদ মহম্মদ ছেলিমে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ তীব্ৰ বিৰোধিতা কৰে। শিৱসেনাৰ সাংসদ অৰবিন্দ গণপত স্বৱান্তেও বিধেয়কখনৰ বিৰোধিতা কৰে। বিজু জনতা দলৰ সাংসদ বি মেহতাবে বিধেয়কখনৰ পৰা বাংলাদেশক বাদ দিবলৈ আহ্বান জনায়।

এই সকলোবোৰ পৰামৰ্শ, বিৰোধিতা নেওচি শাসক দলৰ সংখ্যাগৰিষ্ঠতাৰ জোৰত বিধেয়কখন পাছ কৰা হয়।

আনপিনে ৰাজ্যসভাত আজি বিধেয়কখন পাছ কৰা সম্ভৱ নহ’ল। আজি লোকসভা, ৰাজ্যসভা উভয় সদনৰে অধিৱেশনৰ অন্ত পৰাৰ কথা আছিল যদিও কাইলৈ দিনটোৰ বাবে ৰাজ্যসভাৰ অধিৱেশন বঢ়াই দিয়া হৈছে। ফলত কাইলৈ বিধেয়কখন ৰাজ্যসভাত পাছ কৰাৰ চেষ্টা কৰিব শাসক বিজেপিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am
চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am
শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd