• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লোকসভাত গৃহীত ৰাষ্ট্ৰীয় ক্ৰীড়া বিধেয়ক; ভাৰতৰ ক্ৰীড়াক্ষেত্ৰত কি পৰিৱৰ্তন হ’ব?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 12, 2025 7:48 am
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় ক্ৰীড়া বিধেয়ক (নেশ্যনেল স্পোৰ্টছ বিল) আৰু ৰাষ্ট্ৰীয় এণ্টি ডপিং (সংশোধনী) বিধেয়ক ২০২৫ লোকসভাত গৃহীত হয়। সংসদৰ বৰ্ষাকালীন অধিৱেশনত সোমবাৰে লোকসভাত এই বিধেয়কখন উত্থাপন কৰে ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডব্যই। কেন্দ্ৰীয় চৰকাৰে দাবী কৰিছে যে এই বিধেয়কখনে স্বাধীনতাৰ পিছত ভাৰতীয় ক্ৰীড়া খণ্ডত সৰ্বাধিক পৰিৱৰ্তন আনিবলৈ গৈ আছে।

দাবী কৰা হৈছে যে ভাৰতৰ ক্ৰীড়া খণ্ডক সম্পূৰ্ণৰূপে সলনি কৰিবলৈ এই বিধেয়কখন অনা হৈছে। যদিও বিৰোধীয়ে এই বিধেয়কখনৰ বিৰোধিতা কৰিছে। এই বিধেয়কখনত কি আছে?

Apply Now

বৰ্তমান ভাৰত চৰকাৰৰ অধীনত মুঠ ৫৬ টা ক্ৰীড়া ফেডাৰেচন আছে। এই বিধেয়কখনৰ লক্ষ্য হৈছে প্ৰতিটো ক্ৰীড়া ফেডাৰেচনৰ প্ৰশাসন আৰু নিৰ্বাচনক ন্যায্য কৰি তোলা। ইয়াৰ লগতে বিশ্বমানৰ আন্তঃগাঁথনি সৃষ্টিৰ লক্ষ্যও আছে।

তদুপৰি, অলিম্পিক গেমছত ভাৰতৰ প্ৰদৰ্শন। যদিও যোৱা কেইবছৰমানৰ পৰা ভাৰতৰ অলিম্পিক প্ৰদৰ্শন উন্নত হৈছে, তথাপিও সেয়া আশা কৰা ধৰণে নহয়। এই বিধেয়কখনত সেইটো আৰু অধিক বৃদ্ধি কৰাৰ দিশ নিৰ্দেশনা আছে বুলি ধাৰণা কৰা হৈছে।

ভাৰত চৰকাৰে ২০৩৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ ‘বিড’ত জয়ী হ’বলৈ দীৰ্ঘদিন ধৰি চেষ্টা চলাই আহিছে। যোৱা বিশ্বকাপৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে ভাৰতে অলিম্পিক আয়োজনৰ বাবে ‘বিড’ কৰিব, আৰু এই বিধেয়কত তেনে কৰাৰ পৰৱৰ্তী পদক্ষেপসমূহো সন্নিবিষ্ট কৰা হৈছে।

অৱশ্যে এই ক্ৰীড়া বিধেয়কখনত কেইবাটাও কঠোৰ ব্যৱস্থাও সন্নিবিষ্ট কৰা হৈছে। যদিহে বিধেয়কখন আইনত পৰিণত হয় তেন্তে ৰাষ্ট্ৰীয় ক্ৰীড়া ব’ৰ্ড গঠন কৰা হ’ব। প্ৰতিটো ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনে ৰাষ্ট্ৰীয় ক্ৰীড়া ব’ৰ্ডৰ অধীনত পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়ন নহ’লে ফেডাৰেচনে কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰ্থিক সাহায্য নাপাব। যদি কোনো ক্ৰীড়া ফেডাৰেচনে নিজৰ দৈনন্দিন কাম-কাজত বা নিৰ্বাচনৰ সময়ত অনিয়ম কৰে বা ধন আত্মসাৎ কৰে, তেন্তে সেই ফেডাৰেচনক ৰাষ্ট্ৰীয় ক্ৰীড়া ব’ৰ্ডৰ পৰা আঁতৰাই দিব পৰা যাব। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় ক্ৰীড়া ব’ৰ্ডে সেই ক্ৰীড়াৰ বিশ্ব পৰ্যায়ৰ সংস্থাটোৰ সৈতে যোগাযোগ কৰিব লাগিব।

ৰাষ্ট্ৰীয় ক্ৰীড়া ন্যায়াধিকৰণৰ সৃষ্টি

• এই ন্যায়াধিকৰণৰ ক্ষমতা থাকিব দেৱানী আদালতৰ দৰেই।

• যিকোনো সমস্যাত ন্যায়াধিকৰণে পোনপটীয়াকৈ হস্তক্ষেপ কৰিব পাৰিব।

• ন্যায়াধিকৰণৰ সিদ্ধান্তক কেৱল উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব পাৰিব।

প্ৰশাসনিক পৰ্যায়ত পৰিৱৰ্তন

এই বিধেয়কখনত প্ৰশাসনত থকাৰ বয়সত শিথিলতা অনা হৈছে। এইবাৰ ৭০ৰ পৰা ৭৫ বছৰৰ ভিতৰৰ লোকেও যিকোনো ক্ৰীড়া সংস্থাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। বৰ্তমানৰ নিয়ম অনুসৰি ৭০ বছৰ বয়সলৈকে এজন ব্যক্তিয়ে নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰে। এইবাৰ আৰু ৫ বছৰ বৃদ্ধি কৰা হৈছে।

আৰ টি আইৰ অধীনত ক্ৰীড়া

প্ৰতিটো ৰাষ্ট্ৰীয় ক্ৰীড়া সংস্থাক আৰ টি আই বা তথ্যৰ অধিকাৰ আইনৰ অধীনত অনা হ’ব। অৰ্থাৎ দেশবাসীয়ে ইচ্ছা কৰিলে যিকোনো ক্ৰীড়া ফেডাৰেচনৰ কাম-কাজক লৈ প্ৰশ্ন উত্থাপন কৰিব পাৰিব আৰু চৰকাৰে তাৰ উত্তৰ দিব।

ৰাষ্ট্ৰীয় ক্ৰীড়া বিধেয়কৰ লগতে ৰাষ্ট্ৰীয় এণ্টি ডপিং (সংশোধনী) বিধেয়ক ২০২৫ গৃহীত হৈছে। এই বিধেয়কখন ৱৰ্ল্ড এণ্টি ডপিং এজেন্সী বা WADAৰ নিয়ম অনুসৰি প্ৰস্তুত কৰা হৈছে। বিগত সময়ত ৰাষ্ট্ৰীয় এণ্টি ডপিং এজেন্সী আৰু NADA ৰ বিৰুদ্ধে চৰকাৰী হস্তক্ষেপৰ অভিযোগ উত্থাপন হৈছিল। এই নতুন এণ্টি ড’পিং বিলখনে তাৰ সলনি কৰিছে৷ নাডাৰ ক্ষমতা বৃদ্ধি কৰা হৈছে।

ৰাষ্ট্ৰীয় ক্ৰীড়া বিধেয়কৰ অধীনত আহিবনে বিচিচিআই?

এই প্ৰশ্নটো ক্ৰীড়া বিধেয়ক উত্থাপন হোৱাৰ আগৰে পৰাই চৰ্চাত আহিছে। কাৰণ আন ক্ৰীড়া ফেডাৰেচনৰ দৰে ভাৰতীয় ক্ৰিকেটৰ শাসকীয় সংস্থা বি চি চি আইয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰ্থিক সাহায্য নলয়। সেয়ে, বিচিচিআই এই ক্ৰীড়া বিধেয়কৰ অধীনত অহাটো বাধ্যতামূলক নহয়। এই সন্দৰ্ভত এতিয়ালৈকে বিচিচিআইয়ে একো জনোৱা নাই।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm
‘কাজিৰঙা বিক্ৰী কৰা বন্ধ কৰক’: প্ৰস্তাৱিত পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

‘কাজিৰঙা বিক্ৰী কৰা বন্ধ কৰক’: প্ৰস্তাৱিত পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

August 17, 2026 7:46 pm
বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

August 17, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd