আজি দেশত ষষ্ঠত পৰ্যায়ৰ নিৰ্বাচন; মেহবুবা মুফতিৰ মোবাইল কল সেৱা ব্লকৰ অভিযোগ,গ্ৰেপ্তাৰ দলীয় কৰ্মীও

আজি দেশত ষষ্ঠ পৰ্যায়ৰ নির্বাচন অনুষ্ঠিত হৈছে৷ য’ত জম্মু-কাশ্মীৰৰ পৰা এখন আসন অন্তৰ্ভুক্ত। ইয়াৰ মাজতে কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পিপলছ ডেম’ক্ৰেটিক পাৰ্টিৰ সভাপতি মেহবুবা মুফতিৰ মোবাইল আউটগোয়িং কল ব্লক হোৱাৰ অভিযোগ উত্থাপন হৈছে। আনকি তেওঁৰ দলৰ কৰ্মীক গ্ৰেপ্তাৰ কৰাৰো অভিযোগো উত্থাপন কৰে।

নিৰ্বাচনৰ দিনা পুৱাৰে পৰা মেহবুবা মুফতিয়ে দলৰ নেতাৰ সৈতে যোগাযোগ কৰিব পৰা নাই। সেইটোৱেই তেওঁ অভিযোগ কৰি আছে। সৰ্বভাৰতীয় সংবাদ সংস্থা এটাত তেওঁ কয়, ৰাতিপুৱাৰ পৰা মই কোনো ধৰণৰ ফোন কৰিব পৰা নাই। আউটগোয়িং কলসমূহ ব্লক কৰা হয়। অনন্তনাগ লোকসভা সমষ্টিত ভোটগ্ৰহণৰ দিনটোত এনেদৰে নেটৱৰ্ক সেৱা বন্ধ কৰাৰ কোনো কাৰণ বিচাৰি পোৱা নাই।

আনকি প্ৰশাসনৰ বিৰুদ্ধেও তেওঁ ক্ষোভ প্ৰকাশ কৰে। দলীয় কৰ্মীক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত বিজবেহাৰা অঞ্চলৰ শ্ৰীনগৰ-জম্মু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।

মেহবুবা মুফতিয়েও প্ৰশাসনৰ বিষয়াৰ সৈতে কাজিয়া কৰিছিল। তেওঁ কয়, “আমাৰ দলৰ কৰ্মী আৰু নিৰ্বাচনী এজেণ্টক কিয় গ্ৰেপ্তাৰ কৰা হৈছে? তেওঁলোকৰ অপৰাধ কি? চৰকাৰে ভোট প্ৰক্ৰিয়া এনেদৰে চলাব বিচাৰিছে নেকি? এবাৰ অটল বিহাৰী বাজপেয়ীয়ে কৈছিল যে কাশ্মীৰত শান্তিপূৰ্ণ নিৰ্বাচন হ’ব আৰু এতিয়া তেওঁৰ দলটোৰে লোকসকলে এনে কৰি আছে।”

পিডিপিয়ে ইতিমধ্যে সকলো বিষয়ৰ বিষয়ে নিৰ্বাচন আয়োগক অৱগত কৰিছে। কাশ্মীৰত মুক্ত আৰু শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে জৰুৰী ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনোৱা হৈছে।