অগপৰে মিত্ৰতা সন্দৰ্ভত আগবাঢ়িবলৈ প্ৰস্তুত কংগ্ৰেছ

আগন্তুক লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ মাজত নতুন ৰাজনৈতিক সমীকৰণৰ সম্ভাৱনাই মূৰ দাঙি উঠা পৰিলক্ষিত হৈছে। বিজেপি চৰকাৰে আনিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়কে এইক্ষেত্ৰত বিশেষভাৱে প্ৰভাৱ পেলোৱা বুলি ক’ব পাৰি।

উল্লেখযোগ্য যে নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে অগপই বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰিছিল। ইপিনে বিজেপিয়ে পুনৰবাৰ শাসনলৈ আহিলে এই বিধেয়ক আনিবই বুলি স্পষ্টভাৱে ঘোষণা কৰিছে।

বিধেয়ক বিৰোধী এনে প্ৰেক্ষাপতত এতিয়া ৰাজ্যৰ দুই প্রধান দল অগপ আৰু কংগ্ৰেছৰ মাজত মিত্ৰতাৰ ইংগিতে ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে।

ইয়াৰ মাজতে আজি ৰাজীৱ ভৱনত আয়োজিত এক সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই অসমৰ বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দলটোৱে অগপৰ সৈতে মিত্ৰতাৰ দৰে ‘ৰাজনৈতিক সিদ্ধান্ত’ গ্ৰহণ কৰিবলৈ প্ৰস্তুত বুলি তাৎপৰ্যপুৰ্ণ মন্তব্য কৰে।

মিত্ৰতাৰ প্ৰসংগটো সম্পূৰ্ণ প্ৰদেশ কংগ্ৰেছৰ হাতত ন্যস্ত আছে বুলি সদৰী কৰি তেওঁ কয়, ‘অগপক অলপ পৰ্য্যবেক্ষণ কৰি থকা হৈছে। অগপৰ সৈতে আনুষ্ঠানিকভাৱে কোনো কথা-বতৰা বা আলোচনা কৰা হোৱা নাই।‘

তেওঁ আৰু কয়, ‘বিজেপি চৰকাৰ শাসনলৈ আহিলে বিধেয়কখন যিকোনো প্ৰকাৰে অনা হ’ব বুলি ইতিমধ্যে অমিত শ্বাহ আৰু অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি দিছে। সেইকাৰণে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক বছোৱাৰ স্বাৰ্থত প্ৰদেশ কংগ্ৰেছে কিবা ৰাজনৈতিক সিদ্ধান্ত ল’ব লগীয়া হয় আমি ল’বলৈ প্ৰস্তুত।‘

অৱশ্যে এ আই য়ু ডি এফৰ সৈতে কংগ্ৰেছে মিত্ৰতা কৰাৰ প্ৰশ্নই নুঠে বুলিও বৰাই ইয়াৰ মাজতে উল্লেখ কৰে। আনহাতে অনানুষ্ঠানিকভাৱে হ’লেও অগপ নেতৃত্বৰ সৈতে মিত্ৰতাক লৈ কিবা আলোচনা হৈছে নেকি বুলি এগৰাকী সাংবাদিকে প্ৰশ্ন কৰাত বৰাই ‘সেইটো আমাৰ গোপনীয় কথা’ বুলি কৈ বিষয়টো এৰাই চলে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, যোৱা ২০ ফেব্ৰুৱাৰিত অগপৰ মুখ্য কাৰ্য্যালয়ত এখন কাৰ্য্য নিৰ্বাহক বৈঠকত কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ প্ৰসংগতো আলোচনা হৈছিল। অৱশ্যে কংগ্ৰেছৰে মিত্ৰতা হ’ব নে নাই সেই সন্দৰ্ভত সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলে দলটোৱে।

ইপিনে, দলৰ এক আভ্যন্তৰীণ সূত্ৰৰ পৰা জানিব পৰা মতে অগপৰ এটা পক্ষই এতিয়াও বিজেপিৰ লগত মিত্ৰতা কৰাৰ পক্ষত আছে আনহাতে আন এটা পক্ষই মহাগতবন্ধনৰ অংশীদ্বাৰ স্বৰূপে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ পোষকতা কৰিছে।

তাৎপৰ্যপুৰ্ণভাৱে ২০ ফেব্ৰুৱাৰিৰ বৈঠকৰ পাছদিনাই অৰ্থ্যাৎ ২১ ফেব্ৰুৱাৰিত অগপৰ জ্যেষ্ঠ নেতা দিলীপ বৰাই দলৰ পৰা পদত্যাগ কৰে। পদত্যাগ পত্ৰত তেওঁ বৰ্তমান পৰিস্থিতিত অগপই অসম তথা উত্তৰ-পূবৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে আগবাঢ়িব আহিব পৰা নাই বুলি অভিযোগ কৰাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা সন্দৰ্ভতো বৰ্তমানলৈকে প্ৰয়োজনীয় পদক্ষেপ লোৱা নাই বুলি উল্লেখ কৰিছিল।