ভুৱনেশ্বৰ কলিতা বিধেয়ক বিৰোধী, দিলীপ শইকীয়া সমৰ্থক- ৰাইজে বিচাৰ কৰি ভোট দিয়ক: অখিল

Loksabha election: Congress' Bhubaneswar Kalita opposes citizenship bill, BJP's Dilip Saikia supports it-- now decide and vote, Akhil pleads people of Assam

অখিল গগৈ। ফাইল ফটো

বিতৰ্কিত নাগৰিকত্ব বিধেয়কৰ সমৰ্থক আৰু বিৰোধীৰ বিচাৰ কৰি চাই ৰাইজক ভোট দিবলৈ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে পুনৰ আহ্বান জনাইছে অখিল গগৈয়ে।

বিধেয়ক সন্দৰ্ভত নিৰ্বাচনটোৰ মূল প্ৰতিদ্বন্দ্বী কংগ্ৰেছ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় স্থিতিৰ প্ৰসংগেৰে মঙলদৈ সমষ্টিৰ প্ৰাৰ্থীদ্বয় ভুৱনেশ্বৰ কলিতা আৰু দিলীপ শইকীয়াৰ উদাহৰণ দাঙি ধৰি বুধবাৰে এই আহ্বান জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাজনে।

“ভুৱনেশ্বৰ কলিতাই নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰে। তাৰ বিপৰীতে দিলীপ শইকীয়াই প্ৰতিখন সভা-সমিতি আৰু সংবাদমেলত বিধেয়কৰ সপক্ষে ভাষণ দিয়ে। গতিকে ৰাইজে বিচাৰ কৰি চাব কাক ভোট দিয়াটো ভাল।” অখিল গগৈৰ মন্তব্য।

বিজেপিক ভোট দিয়া অসমীয়াসকল প্ৰকৃত অসমীয়া নহয় আৰু এই কাম “আত্মঘাতী” বুলিও তেওঁ মন্তব্য কৰিছে।

গেৰুৱা দল পুনৰ শাসনলৈ আহিলে বিধেয়ক গৃহীতকৰণৰ বাবে লোৱা ৰাষ্ট্ৰীয় সংকল্প নিৰ্বাচনী প্ৰচাৰৰ মাজতে ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱে মঙলবাৰে শিলচৰত দোহাৰাৰ কথাও গগৈয়ে উল্লেখ কৰে।

“অসমীয়া জাতিৰ বাবে ই অতি ভয়ংকৰ ঘটনা। বিজেপিয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতিৰূপে বিদেশীক অসমলৈ আনিব বিচাৰিছে।” গগৈয়ে কয়।

বিধেয়কবিৰোধী অসমৰ প্ৰায় ৭০টা সংগঠনৰো নেতৃত্ব দিয়া গগৈয়ে লগতে কয় যে ২০১৪ চনত বিজেপিৰ সপক্ষে ঢৌ থকাৰ বিপৰীতে এই নিৰ্বাচনত দলটোৱে “হিন্দু-মুছলমান”ৰ ৰাজনীতি কৰিব খুজিছে।

“জিন্না, আজমল, বাংলাদেশী এইকেইটা নাম লৈ ৰাজনীতি কৰে বিজেপিয়ে।” তেওঁৰ মন্তব্য।

তাৰ বিপৰীতে যোৱা চাৰে তিনি বছৰত মাত্ৰ ৪জনহে বিদেশী খেদাৰ প্ৰসংগ উল্লেখ কৰি গেৰুৱা দলটোৱে কৈ অহা “অসমক পাকিস্তান হ’বলৈ নিদিওঁ” বোলা দাবীক তেওঁ সমালোচনা কৰে।

তেওঁ দাবী কৰে যে এন আৰ চিৰ পৰা বাদ পৰা বিদেশীক স্বদেশী কৰিবলৈকে বিজেপিয়ে নাগৰিকত্ব বিধেয়কৰ জৰিয়তে “ষড়যন্ত্ৰ” কৰিছে।

বিজেপিয়ে প্ৰচাৰ চলোৱা অসম-বাংলাদেশ সীমান্তৰ “স্মাৰ্ট ফেন্সিং” সন্দৰ্ভতো দলটোক তেওঁ সমালোচনা কৰে।

“২০১৯ চনৰ ৩১ মাৰ্চৰ ভিতৰত বিজেপি চৰকাৰে ভাৰতৰ সীমা ছীল কৰাৰ কথা কৈছিল। কিন্তু তাতো ব্যৰ্থ হৈছে বিজেপি চৰকাৰ। ৪০৯৬কিঃ মিঃৰ ভিতৰত মাত্ৰ ২৭৮৬কিঃ মিঃ হে এতিয়ালৈকে ফেন্সিং লগোৱা হৈছে,” গগৈৰ মন্তব্য।