নিৰ্বাচনত ধন বিতৰণ, গুণ্ডাগিৰি দেখিলেই কিদৰে দিব অভিযোগ?

Loksabha election: ECI app for citizens to report violation of model code of conduct

লোকসভা নিৰ্বাচনত ধন বিতৰণ, গুণ্ডাগিৰিকে ধৰি নিৰ্বাচনী আচৰণ বিধি ভংগকাৰী যিকোনো ঘটনাৰে তৎকালে অভিযোগ দাখিল কৰিব পৰাৰ ব্যৱস্থা মুকলি কৰিছে দেশৰ নিৰ্বাচন আয়োগে।

যোৱা জুলাইত মুকলি কৰা “cVigil” নামৰ এন্দ্ৰইদ ম’বাইল এপটোৰ জৰিয়তে যিকোনো লোকে তৎকালে অভিযোগ দাখিল কৰিব পাৰিব আয়োগক।

অভিযোগ দাখিলৰ ২০ মিনিটৰ ভিতৰত ভ্ৰাম্যমাণ নিৰ্বাচনী বিষয়া নিৰাপত্তাৰক্ষীসহ ঘটনাথলীত উপস্থিত হ’ব আৰু ১০০ মিনিটৰ ভিতৰত অভিযোগটো নিষ্পত্তি কৰা হ’ব, আয়োগৰ বিবৃতিত প্ৰকাশ।

cVigil এপটো আপোনাৰ ম’বাইলত পোনপটীয়াকৈ পাবলৈ ইয়াত ক্লিক কৰক

অৱস্থান ত্ৰেক কৰিব পৰা এই এপটোৰ জৰিয়তে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা ঘটনাৰ লাইভ ফট’ বা ভিডিঅ’ও আপল’দ কৰিব পাৰিব অভিযোগকাৰীয়ে।

দেশৰ প্ৰতিটো লোকসভা সমষ্টিতে এনে অভিযোগৰ মোকাবিলা কৰাৰ বাবে থাকিব ৫৬টাকৈ বিশেষ গোট।

নিৰ্বাচনত ধন বিতৰণ বা গুণ্ডাগিৰিৰ দৰে অভিযোগ প্ৰায়েই উত্থাপিত হয়। কিন্তু প্ৰমাণৰ অভাৱ বা তৎকালে দাখিল কৰিব নোৱাৰাৰ ফলত পূৰ্বে অপৰাধী নিৰাপদে সাৰি যোৱাৰ বিপৰীতে ৰাইজৰ যথোচিত সঁহাৰিয়ে আয়োগৰ এই উদ্যোগ ফলপ্ৰসূ কৰি তুলিব পাৰে বুলি আশা কৰা হৈছে।