• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধেয়ক, ডিটেনশ্যন কেম্প বিৰোধিতাৰে ইস্তাহাৰ তৃণমূল কংগ্ৰেছৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 9, 2019 7:59 pm
Loksabha election: Trinamool Congress releases manifesto for Assam, opposes citizenship bill

ধুবুৰীত শুকুৰবাৰে মমতা বেনাৰ্জী। ছবি সৌজন্য- ফে’চবুক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিতৰ্কিত নাগৰিকত্ব বিধেয়ক আৰু ডিটেনশ্যন কেম্পৰ বিৰোধিতাৰে মঙলবাৰে অসমৰ বাবে লোকসভা নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশ কৰিছে তৃণমূল কংগ্ৰেছে।

দলটোৱে মহানগৰীৰ লালগণেশস্থিত ৰাজ্যিক কাৰ্য্যালয়ত উন্মোচন কৰা ইস্তাহাৰত বিদেশী সমস্যা সমাধান কৰাৰ প্ৰসংগৰ লগতে ডিটেনশ্যন কেম্পক সম্পূৰ্ণ বিলুপ্ত কৰিব লাগে বুলি ইস্তাহাৰত প্ৰকাশ কৰিছে।

Apply Now

‘চৰকাৰী তথ্যমতে ডি-ভোটাৰ থকা ৯৪ শতাংশ মানুহক ইতিমধ্যে ভাৰতীয় নাগৰিক হিচাপে ঘোষণা কৰিছে আৰু বাকী থকা ৬ শতাংশ মানুহক একপক্ষীয়ভাৱে বিদেশী বুলি হুকুম দিছে। এই ৬ শতাংশ মানুহৰ বেছিভাগেই টকা-পইচাৰ অভাৱত আদালতত যাব পৰা নাই কাৰণে হয়তো আদালতে তেওঁলোকৰ বিপক্ষে একপক্ষীয়ভাৱে বিদেশী বুলি ৰায় দিছে। ডিটেনশ্যন কেম্পত থকা বেছি ভাগ মানুহেই প্ৰকৃত ভাৰতীয় নাগৰিক। তাত তেওঁলোকে অভাৱনীয় দুৰৱস্থাৰ মাজৰে জীৱন যাপন কৰিবলগীয়া হৈছে। তাত মানৱতাৰ অৱসান ঘটোৱা হৈছে। গতিকে ডিটেনশ্যন কেম্পৰ সম্পূৰ্ণ বিলুপ্ত সাধন কৰিব লাগে।‘, তৃণমূল কংগ্ৰেছৰ ইস্তাহাৰত উল্লেখ।

ইপিনে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পৰা ৪০ লাখ লোকৰ সকলোখিনিয়েই তৃণমূল কংগ্ৰেছৰ মতে প্ৰকৃত ভাৰতীয়।

দলটোৱে ইস্তাহাৰত দাবী কৰা মতে ‘এনআৰচিৰ নামত লাখ-লাখ প্ৰকৃত ভাৰতীয়ৰ মনত সন্দেহৰ বীজ ৰোপণ কৰা হৈছে। প্ৰায় ৪০ লাখ ভাৰতীয় নাগৰিকক এনআৰচিৰ পৰা বাদ দি বিদেশী সজোৱাৰ চেষ্টা কৰা হৈছে। আমাৰ দলৰ নেত্ৰী মমতা বেনাৰ্জীৰ নিৰ্দেশত আমাৰ দলৰ সাংসদসকলে ইতিমধ্যে সংসদত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে।‘

তদুপৰি সৰ্বভাৰতীয় পৰ্য্যায়তো দলটোৱে বিদেশী সমস্যাৰ স্থায়ী সমাধান বিচাৰে বুলি প্ৰকাশিত ইস্তাহাৰত উল্লেখ কৰে।

আনহাতে, নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে সৰ্বত্ৰে ব্যাপক চৰ্চা চলি থকাৰ সময়তে অগপই ইস্তাহাৰত কেৱল এটা বাক্যতে এই প্ৰসংগ সীমাবদ্ধ ৰাখিছে। তাৰ বিপৰীতে তৃণমূল কংগ্ৰেছে ইস্তাহাৰত উল্লেখ কৰিছে যে তেওঁলোক পূৰ্বৰে পৰা বিতৰ্কিত বিধেয়কৰ ঘোৰ বিৰোধী। লগতে দলৰ নেত্ৰী পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে সদায় এই বিধেয়কৰ বিৰুদ্ধে সদায় মাত মাতি আহিছে বুলি ইস্তাহাৰত দলটোৱে দাবী কৰে।

‘আমি নিবিচাৰো কোনো বিদেশী নাগৰিকে আমাৰ ইয়াত নাগৰিকত্ব পাওক।‘, ইস্তাহাৰত উল্লেখ থকা আন এক বাক্য।

ইয়াৰোপৰি, অসমৰ পৰা তৃণমূলৰ সাংসদ প্ৰাৰ্থী জয়ী হ’লে তেওঁলোকে উগ্ৰপন্থীৰ সমস্যা সমাধান, বানপানী ও গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা তথা ইয়াৰ স্থায়ী সমাধান, দুৰ্নীতিমুক্ত অসম, নিবনুৱা সমস্যা সমাধান, কৃষি ও মীন বিভাগৰ বিজ্ঞানসন্মত পদ্ধতিৰে উন্নয়ন, নগাওঁ, কাছাৰ কাগজকল পুনৰ উজ্জীৱিতকৰণ, শিক্ষাৰ মান উন্নীতকৰণ ইত্যাদি বিষয়ৰ ওপৰত চৰকাৰক দাবী জনাব বুলিও ইস্তাহাৰত উল্লেখ আছে।

দলটোৰ ৰাজ্যিক সভাপতি তথা প্ৰাক্তন বিধায়ক গোপী দাস, গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোজ শৰ্মা আৰু অন্যান্য বিষয়ববীয়াসকলৰ উপস্থিতিত ইস্তাহাৰখন প্ৰকাশ কৰা হয়।

উল্লেখযোগ্য যে, ৰাজ্যৰ মুঠ লোকসভাৰ ১৪টা লোকসভা সমষ্টিৰ ৯টাতে তৃণমূল কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। যোৰহাটত প্ৰাৰ্থী ৰিবুলয়া গগৈ, মঙ্গলদৈত সুধেন্দু মোহন তালুকদাৰ, নগাওঁ লোকসভা সমষ্টিত সহদেব দাস, শিলচৰত হিতব্ৰত ৰয়, কৰিমগঞ্জত চন্দন দাস, গুৱাহাটীত মনোজ কুমাৰ শৰ্মা, বৰপেটাত এচাহাক আলি দেৱান, কোকৰাঝাৰত কমলাকান্ত দৈমাৰী আৰু ধুবুৰীত নুৰুল ইছলাম চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

Tags: নিৰ্বাচন ২০১৯
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd