যমুনোত্ৰীত দীঘলীয়া শাৰীত ঘণ্টাৰ পাছত ঘণ্টা ৰৈ থাকিল তীৰ্থযাত্ৰী

শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে চাৰধাম যাত্ৰা। সেইদিনাই কেদাৰনাথ, যমুনোত্ৰী আৰু গংগোত্ৰী মন্দিৰৰ দুৱাৰ মুকলি কৰা হয়। এই যাত্ৰাৰ বাবে ইতিমধ্যে উত্তৰাখণ্ডত ভিৰ কৰিছে হাজাৰ হাজাৰ তীৰ্থযাত্ৰী। শনিবাৰে পুৱাৰে পৰা যমুনোত্ৰীলৈ তীৰ্থযাত্ৰীৰ ভিৰ।

বহু তীৰ্থযাত্ৰীয়ে দাবী কৰে যে সংকীৰ্ণ পাহাৰীয়া পথটোত দীঘলীয়া শাৰী পাতি ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা কৰিবলগীয়া হয়। কেৱল সেয়াই নহয়, এই ভিৰ চম্ভালিবলৈ আৰু তীৰ্থযাত্ৰীসকলৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। 

অৱশ্যে উত্তৰকাশীৰ আৰক্ষী অধীক্ষক অৰ্পন যদুবংশীয়ে সংবাদ মাধ্যমৰ আগত কয় যে যমুনোত্ৰীত ভিৰ কৰা ভিডিঅ’ ভাইৰেল হৈছিল শুকুৰবাৰে সন্ধিয়া ৫ বজাত। জানকী ছট্টিৰ পৰা যমুনোত্ৰীলৈ যোৱা পথৰ ভিডিঅ’টো।সেই সময়চোৱাত ধাৰাসাৰ বৰষুণ দি থকা বুলি দাবী কৰে আৰক্ষী অধীক্ষকে। ফলত তীৰ্থযাত্ৰীসকলে আশ্ৰয় বিচাৰিছিল। আৰু তাৰ বাবেই হুলস্থুলীয়া পৰিস্থিতিৰ সূত্ৰপাত হয়। কিন্তু শীঘ্ৰে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয়। এই ঘটনাত কোনো লোক বৰ্তমান পৰ্যন্ত আহত হোৱা নাই।

শুকুৰবাৰে পুৱা ৬:৫৫ বজাত কেদাৰনাথ ধামৰ দুৱাৰ মুকলি কৰা হয়। ইয়াৰ পাছত ১০:২৯ বজাত যমুনোত্ৰী আৰু ১২:২৫ বজাত গংগোত্ৰী ধাম খোলে। অহা ১২ মে’ৰ পুৱা ৬ বজাৰ পৰা তীৰ্থযাত্ৰীৰ বাবে মুকলি কৰা হ’ব বদ্ৰীনাথ ধাম। প্ৰশাসনৰ সূত্ৰ অনুসৰি হৰিদ্বাৰ আৰু হৃষিকেশত ১৫ হাজাৰৰো অধিক তীৰ্থযাত্ৰী উপস্থিত হৈছে। জনা যায় যে এই পৰ্যন্ত ২২ লাখ ১৫ হাজাৰ তীৰ্থযাত্ৰীয়ে চাৰধাম যাত্ৰাৰ বাবে পঞ্জীয়ন কৰিছে। যোৱা বছৰ ৫৫ লাখ তীৰ্থযাত্ৰী চাৰধাম ভ্ৰমণ কৰিছিল।

যোৱা বছৰ বৃহৎ সংখ্যক তীৰ্থযাত্ৰী হোৱাত প্ৰশাসনে পৰিস্থিতি চম্ভালিবলৈ যথড° সংগ্ৰাম কৰিবলগীয়া হৈছিল। গতিকে এইবাৰ ৰাজ্যৰ আৰক্ষী আৰু পৰ্যটন বিভাগে প্ৰতিদিনে তীৰ্থযাত্ৰীৰ সংখ্যা নিৰ্ধাৰণ কৰিছে। পৰ্যটন বিভাগৰ সম্পাদক শচীন কুৰ্বে-এ কয় যে প্ৰতিদিনে ১৫ হাজাৰ তীৰ্থযাত্ৰী কেদাৰনাথ ভ্ৰমণ কৰিব পাৰে। ১৬ হাজাৰ তীৰ্থযাত্ৰী বদ্ৰীনাথ ধাম, ৯ হাজাৰ তীৰ্থযাত্ৰী যমুনোত্ৰি ধাম আৰু ১১ হাজাৰ তীৰ্থযাত্ৰী গংগোত্ৰী ধাম ভ্ৰমণ কৰিব।