সূৰ্যাস্তৰ পিছতে আকাশলৈ মূৰ তুলি চাওঁক, আহিছে ধূমকেতু

comet-neowise.208a3495-16

এক বিৰল মহাজাগতিক পৰিঘটনাই অপেক্ষা কৰিছে আপোনাৰ বাবে।

আপুনি মাথো সূৰ্যাস্তৰ পিছতে আকাশলৈ এবাৰ মূৰ তুলি চাওঁক। সূৰ্যাস্তৰ প্ৰায় আধা ঘন্টা পিছত আকাশলৈ মুৰ তুলি চালে আপুনি দেখিবলৈ পাব এটা ধূমকেতু।

হয়, চলিত বৰ্ষৰ ২৭ মাৰ্চত মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ NEOWISE ইফ্রাৰেড স্পেছ টেলিস্কোপে আবিষ্কাৰ কৰা NEOWISE ধূমকেতুটো এতিয়া পৃথিৱীৰ নিচেই কাষলৈ আহিছে।

সেয়ে সূৰ্যাস্তৰ পিছত আকাশৰ উত্তৰ-পশ্চিম দিশলৈ চালেই দেখা যাব এই ধূমকেতুটো।

১৬ জুলাইৰ দিনা ধূমকেতুটোৱে সন্ধিয়া ৬-৩০ বজাত আকাশত ভুমুকি মাৰে। সুন্দৰ মূৰ আৰু নেজেৰে ধূমকেতুটো বহুতেই প্ৰত্যক্ষ কৰে।

বাংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ এষ্ট্ৰো ফিজিক্সৰ প্ৰাক্তন অধ্যাপক আৰ চি কাপুৰে প্ৰকাশ কৰা মতে ২৩ জুলাইৰ দিনা ধূমকেতুটোৱে পৃথিৱীৰ নিচেই কাষ চাপিব।

সেই দিনা পৃথিৱী আৰু ধূমকেতুটোৰ মাজৰ দূৰত্ব হ’ব ১০৩.৬ নিযুত কিলোমিটাৰ।

অহা ৩ সপ্তাহলৈ ধূমকেতুটো পৃথিৱীৰ আকাশত সূৰ্যাস্তৰ আধা ঘন্টা পিছত দেখ যাব বুলি তেওঁ কয়।

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ NEOWISE ইফ্রাৰেড স্পেছ টেলিস্কোপে আবিষ্কাৰ কৰা বাবে ধূমকেতুটোৰ নাম NEOWISE ৰখা হৈছে যদিও ইয়াৰ অফিচিয়েল নাম C/2020 F3 NEOWISE.