DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উঠাই নিয়া এটিএম মেচিনৰ পৰা ধন উলিয়াব নোৱাৰি এৰি থৈ পলাল দুৰ্বৃত্ত

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
August 18, 2019 12:11 pm
উঠাই নিয়া এটিএম মেচিনৰ পৰা ধন উলিয়াব নোৱাৰি এৰি থৈ পলাল দুৰ্বৃত্ত
5.7k
VIEWS
Share on FacebookShare on Twitter

দিনক দিনে চোৰৰ ৰম্যভূমিলৈ পৰিণত হৈছে শিৱসাগৰ চহৰ। শনিবাৰে অৰ্থাৎ ১৭ আগষ্টৰ নিশা শিৱসাগৰত সংঘটিত হ’ল এটিএম চুৰিৰ এক ঘটনা। চোৰে এইবাৰ এটিএম ভাঙি ধন লোট কৰাৰ বিপৰীতে উঠাই লৈ গ’ল এটিএম মেচিনকে।

অৱশ্যে ধন উলিয়াব নোৱাৰি চোৰে শলগুৰিত এটিএম মেচিনটো পেলাই থৈ যায়। এই ঘটনাই শিৱসাগৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে শিৱসাগৰ চহৰৰ মাজমজিয়াৰ ব’ৰ্ডিং ৰোডৰ তলাতল হোটেলৰ কাষত থকা ইণ্ডিয়ান অভাৰচীজ বেংকৰ এটিএম মেচিনটো শনিবাৰে নিশা দুৰ্বৃত্তই উঠাই লৈ যায়। আজি পুৱা স্থানীয় লোকে এটিএমটো ভঙা অৱস্থাত দেখা পাই আৰক্ষীক খবৰ দিয়ে।

ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি থকাৰ সময়তেই শলগুৰিত এটিএম মেচিনটো উদ্ধাৰৰ খবৰ লাভ কৰে আৰক্ষীয়ে।

দুৰ্বৃত্তই এটিএম মেচিনটো ভাঙিবলৈ চেষ্টা কৰে যদিও ভাঙিব নোৱাৰাত এৰি থৈ যায় এটিএম মেচিনটো। দুৰ্বৃত্তই এটিএম মেচিনটোৰ পৰা টকা উলিয়াবলৈ চেষ্টা কৰিও বিফল হয়।

ইফালে চহৰৰ মাজমজিয়াৰ পৰা এইদৰে এটিএমৰ মেচিন চুৰি কৰি লৈ যোৱা ঘটনাক সহজ ভাৱে ল’ব পৰা নাই শিৱসাগৰবাসীয়ে। আৰক্ষীৰ নিয়মিত তহলৰ পাছতো কেনেদৰে চোৰে এটিএম মেচিনটোকে চুৰি কৰি নিব পাৰিলে তাকলৈ প্ৰশ্ন কৰিছে স্থানীয় ৰাইজে।

স্থানীয় ৰাইজৰ অভিযোগ দুচকীয়া বাহনৰ নথি-পত্ৰ, হেলমেট পৰীক্ষা কৰাত ব্যস্ত শিৱসাগৰ আৰক্ষীয়ে কিন্তু বাইকত অহা চিলনী চোৰ এটাকো আজি পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই।

Recent News

ট্ৰেংকুলাইজ কৰা হৈছে মহানগৰীত সন্ত্ৰাসৰ সৃষ্টি কৰা পথভ্ৰষ্ট বনৰীয়া ম’হটো

ট্ৰেংকুলাইজ কৰা হৈছে মহানগৰীত সন্ত্ৰাসৰ সৃষ্টি কৰা পথভ্ৰষ্ট বনৰীয়া ম’হটো

AHSEC

পৰীক্ষা সম্পৰ্কীয় কিছু চিন্তা

Bhima Koregaon Case

ভীমা কোৰেগাঁও গোচৰ: হাৰাশাস্তিৰ অভিযোগত কাৰাগাৰৰ ভিতৰতে অনশনত বহিল গোৰাখে

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহকৰ পৰা নেতা ৰকিবুল হুছেইনৰ পদত্যাগ! বাতৰি অস্বীকাৰ হুছেইনৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহকৰ পৰা নেতা ৰকিবুল হুছেইনৰ পদত্যাগ! বাতৰি অস্বীকাৰ হুছেইনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd