NORTHEAST NOW (Assamese)

উঠাই নিয়া এটিএম মেচিনৰ পৰা ধন উলিয়াব নোৱাৰি এৰি থৈ পলাল দুৰ্বৃত্ত

August 18, 2019 12:11 pm · পাৰ্শ্বজ্যোতি গগৈ

দিনক দিনে চোৰৰ ৰম্যভূমিলৈ পৰিণত হৈছে শিৱসাগৰ চহৰ। শনিবাৰে অৰ্থাৎ ১৭ আগষ্টৰ নিশা শিৱসাগৰত সংঘটিত হ’ল এটিএম চুৰিৰ এক ঘটনা। চোৰে এইবাৰ এটিএম ভাঙি ধন লোট কৰাৰ বিপৰীতে উঠাই লৈ গ’ল এটিএম মেচিনকে।

অৱশ্যে ধন উলিয়াব নোৱাৰি চোৰে শলগুৰিত এটিএম মেচিনটো পেলাই থৈ যায়। এই ঘটনাই শিৱসাগৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে শিৱসাগৰ চহৰৰ মাজমজিয়াৰ ব’ৰ্ডিং ৰোডৰ তলাতল হোটেলৰ কাষত থকা ইণ্ডিয়ান অভাৰচীজ বেংকৰ এটিএম মেচিনটো শনিবাৰে নিশা দুৰ্বৃত্তই উঠাই লৈ যায়। আজি পুৱা স্থানীয় লোকে এটিএমটো ভঙা অৱস্থাত দেখা পাই আৰক্ষীক খবৰ দিয়ে।

ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি থকাৰ সময়তেই শলগুৰিত এটিএম মেচিনটো উদ্ধাৰৰ খবৰ লাভ কৰে আৰক্ষীয়ে।

দুৰ্বৃত্তই এটিএম মেচিনটো ভাঙিবলৈ চেষ্টা কৰে যদিও ভাঙিব নোৱাৰাত এৰি থৈ যায় এটিএম মেচিনটো। দুৰ্বৃত্তই এটিএম মেচিনটোৰ পৰা টকা উলিয়াবলৈ চেষ্টা কৰিও বিফল হয়।

ইফালে চহৰৰ মাজমজিয়াৰ পৰা এইদৰে এটিএমৰ মেচিন চুৰি কৰি লৈ যোৱা ঘটনাক সহজ ভাৱে ল’ব পৰা নাই শিৱসাগৰবাসীয়ে। আৰক্ষীৰ নিয়মিত তহলৰ পাছতো কেনেদৰে চোৰে এটিএম মেচিনটোকে চুৰি কৰি নিব পাৰিলে তাকলৈ প্ৰশ্ন কৰিছে স্থানীয় ৰাইজে।

স্থানীয় ৰাইজৰ অভিযোগ দুচকীয়া বাহনৰ নথি-পত্ৰ, হেলমেট পৰীক্ষা কৰাত ব্যস্ত শিৱসাগৰ আৰক্ষীয়ে কিন্তু বাইকত অহা চিলনী চোৰ এটাকো আজি পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই।

Related News