• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অবৰ্ণনীয়! বিয়পি পৰিছে লছ এঞ্জেলছৰ বনজুই; ক্লান্ত হৈ পৰিছে অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীসকল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2025 11:09 am
954
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ লছ এঞ্জেলছৰ বনজুই নতুন নতুন অঞ্চললৈ বিয়পি পৰিছে। লছ এঞ্জেলছৰ অগ্নিনিৰ্বাপক বাহিনীৰ মুৰব্বী ক্ৰীষ্টিন এম ক্ৰ’লিয়ে জনায় যে অগ্নিনিৰ্বাপক বাহিনীৰ লোকসকল জুই নিয়ন্ত্ৰণ কৰিবলৈ সংগ্ৰাম কৰি ক্লান্ত হৈ পৰিছে।

ক্ৰ’লিয়ে কয় যে আমাৰ অগ্নিনিৰ্বাপক বাহিনীয়ে নিজৰ সাধ্য অনুসৰি কাম কৰি আছে। ভাগৰুৱা হৈ পৰিছে। কিন্তু তেওঁলোকে হাৰ নামানে।

লছ এঞ্জেলছ আৰু ভেলটুৰা কাউন্টিৰ সীমান্তৱৰ্তী কেনেথ অঞ্চললৈ এই বনজুই বিয়পি পৰিছে। বৃহস্পতিবাৰে সন্ধিয়া অঞ্চলটোত বনজুই বিয়পি পৰে। কেইঘণ্টামানৰ ভিতৰতে প্ৰায় ১০০০ একৰ এলেকাত জুই বিয়পি পৰে। লছ এঞ্জেলছ কাউন্টিৰ অগ্নিনিৰ্বাপক বাহিনীৰ মুৰব্বী জন অ’ব্ৰাইনে কয় যে অগ্নিনিৰ্বাপক বাহিনীৰ সংখ্যা বৃদ্ধি কৰা হৈছে।

কালি স্থানীয় সময় অনুসৰি পুৱা ৪ বজালৈকে পাঁচটা অঞ্চলত জুই বিয়পিছিল। ইয়াৰ পৰা ১ লাখ ৩৭ হাজাৰৰো অধিক লোকে ঘৰ এৰি পলায়ন কৰিছে। এতিয়ালৈকে কমেও পাঁচজন লোকে প্ৰাণ হেৰুৱাইছে আৰু বহু আহত হৈছে।

শেহতীয়া খবৰ অনুসৰি পালিছাডছ অঞ্চলত সৰ্বাধিক বনজুই বিয়পিছে। ইটন অঞ্চলত জ্বলি আছে দ্বিতীয় বৃহত্তম বনজুই। ছানচেট, হাৰ্ষ্ট আৰু লিডিয়া অঞ্চলত এতিয়াও জুই জ্বলি আছে।

ইপিনে, শুকুৰবাৰে বন্ধ কৰা হৈছে লছ এঞ্জেলছৰ সকলো বিদ্যালয়। কাইলৈ, শনিবাৰেও বন্ধ থাকিব বিদ্যালয়। এলেকাৰ তত্বাৱধায়ক আলবাৰ্টো এম কাৰ্ভালোৱে কয় যে ছাত্ৰ-ছাত্ৰীৰ শ্ৰেণী ডিজিটেল প্ৰযুক্তিৰে চলিব। তেওঁ কয় যে বায়ুৰ গুণাগুণ পুনৰীক্ষণ কৰি পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব কৰ্তৃপক্ষই।

লছ এঞ্জেলছ কাউন্টিৰ শ্বেৰিফ ৰবাৰ্ট লুনাই কয় যে বনজুইৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নেশ্যনেল গাৰ্ড সাজু। পেচিফিক পেলিছাডছ আৰু ইটন অঞ্চলত নেশ্যনেল গাৰ্ড মোতায়েন কৰা হৈছে। শ্বেৰিফে কয় যে এই অঞ্চলসমূহত কাৰ্ফিউ বলবৎ হ’ব পাৰে।

ইটন অঞ্চলত সংঘটিত হোৱা অগ্নিকাণ্ডত ৫ হাজাৰৰো অধিক আন্তঃগাঁথনি জ্বলি গৈছে। লছ এঞ্জেলছ কাউন্টি অগ্নিনিৰ্বাপক বাহিনীৰ চীফ ডেপুটি-জন অ’ব্ৰাইনে এই তথ্য প্ৰদান কৰে।

এপিনে সকলো জুইত জ্বলি ছাই হৈ পৰিছে। আনহাতে, লুণ্ঠন চলি আছে। লছ এঞ্জেলছৰ মেয়ৰ বাছে কয় যে নেশ্যনেল গাৰ্ডৰ সদস্যসকলে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ সুৰক্ষিত কৰাৰ বাবে কাম কৰি আছে। তেওঁ লুণ্ঠনকাৰীসকলৰ বিৰুদ্ধে শূন্য সহনশীলতা ঘোষণা কৰে।

যোৱা মঙলবাৰৰ পৰা আমেৰিকাৰ কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছ কাউন্টিত বনজুই  আৰম্ভ হৈছিল।

Recent News

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd