• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অবৰ্ণনীয়! বিয়পি পৰিছে লছ এঞ্জেলছৰ বনজুই; ক্লান্ত হৈ পৰিছে অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীসকল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2025 11:09 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ লছ এঞ্জেলছৰ বনজুই নতুন নতুন অঞ্চললৈ বিয়পি পৰিছে। লছ এঞ্জেলছৰ অগ্নিনিৰ্বাপক বাহিনীৰ মুৰব্বী ক্ৰীষ্টিন এম ক্ৰ’লিয়ে জনায় যে অগ্নিনিৰ্বাপক বাহিনীৰ লোকসকল জুই নিয়ন্ত্ৰণ কৰিবলৈ সংগ্ৰাম কৰি ক্লান্ত হৈ পৰিছে।

ক্ৰ’লিয়ে কয় যে আমাৰ অগ্নিনিৰ্বাপক বাহিনীয়ে নিজৰ সাধ্য অনুসৰি কাম কৰি আছে। ভাগৰুৱা হৈ পৰিছে। কিন্তু তেওঁলোকে হাৰ নামানে।

Apply Now

লছ এঞ্জেলছ আৰু ভেলটুৰা কাউন্টিৰ সীমান্তৱৰ্তী কেনেথ অঞ্চললৈ এই বনজুই বিয়পি পৰিছে। বৃহস্পতিবাৰে সন্ধিয়া অঞ্চলটোত বনজুই বিয়পি পৰে। কেইঘণ্টামানৰ ভিতৰতে প্ৰায় ১০০০ একৰ এলেকাত জুই বিয়পি পৰে। লছ এঞ্জেলছ কাউন্টিৰ অগ্নিনিৰ্বাপক বাহিনীৰ মুৰব্বী জন অ’ব্ৰাইনে কয় যে অগ্নিনিৰ্বাপক বাহিনীৰ সংখ্যা বৃদ্ধি কৰা হৈছে।

কালি স্থানীয় সময় অনুসৰি পুৱা ৪ বজালৈকে পাঁচটা অঞ্চলত জুই বিয়পিছিল। ইয়াৰ পৰা ১ লাখ ৩৭ হাজাৰৰো অধিক লোকে ঘৰ এৰি পলায়ন কৰিছে। এতিয়ালৈকে কমেও পাঁচজন লোকে প্ৰাণ হেৰুৱাইছে আৰু বহু আহত হৈছে।

শেহতীয়া খবৰ অনুসৰি পালিছাডছ অঞ্চলত সৰ্বাধিক বনজুই বিয়পিছে। ইটন অঞ্চলত জ্বলি আছে দ্বিতীয় বৃহত্তম বনজুই। ছানচেট, হাৰ্ষ্ট আৰু লিডিয়া অঞ্চলত এতিয়াও জুই জ্বলি আছে।

ইপিনে, শুকুৰবাৰে বন্ধ কৰা হৈছে লছ এঞ্জেলছৰ সকলো বিদ্যালয়। কাইলৈ, শনিবাৰেও বন্ধ থাকিব বিদ্যালয়। এলেকাৰ তত্বাৱধায়ক আলবাৰ্টো এম কাৰ্ভালোৱে কয় যে ছাত্ৰ-ছাত্ৰীৰ শ্ৰেণী ডিজিটেল প্ৰযুক্তিৰে চলিব। তেওঁ কয় যে বায়ুৰ গুণাগুণ পুনৰীক্ষণ কৰি পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব কৰ্তৃপক্ষই।

লছ এঞ্জেলছ কাউন্টিৰ শ্বেৰিফ ৰবাৰ্ট লুনাই কয় যে বনজুইৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নেশ্যনেল গাৰ্ড সাজু। পেচিফিক পেলিছাডছ আৰু ইটন অঞ্চলত নেশ্যনেল গাৰ্ড মোতায়েন কৰা হৈছে। শ্বেৰিফে কয় যে এই অঞ্চলসমূহত কাৰ্ফিউ বলবৎ হ’ব পাৰে।

ইটন অঞ্চলত সংঘটিত হোৱা অগ্নিকাণ্ডত ৫ হাজাৰৰো অধিক আন্তঃগাঁথনি জ্বলি গৈছে। লছ এঞ্জেলছ কাউন্টি অগ্নিনিৰ্বাপক বাহিনীৰ চীফ ডেপুটি-জন অ’ব্ৰাইনে এই তথ্য প্ৰদান কৰে।

এপিনে সকলো জুইত জ্বলি ছাই হৈ পৰিছে। আনহাতে, লুণ্ঠন চলি আছে। লছ এঞ্জেলছৰ মেয়ৰ বাছে কয় যে নেশ্যনেল গাৰ্ডৰ সদস্যসকলে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ সুৰক্ষিত কৰাৰ বাবে কাম কৰি আছে। তেওঁ লুণ্ঠনকাৰীসকলৰ বিৰুদ্ধে শূন্য সহনশীলতা ঘোষণা কৰে।

যোৱা মঙলবাৰৰ পৰা আমেৰিকাৰ কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছ কাউন্টিত বনজুই  আৰম্ভ হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথমখন হাইড্ৰজেন ৰে’ল, ইয়াৰ বিশেষত্ব কি?

প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথমখন হাইড্ৰজেন ৰে’ল, ইয়াৰ বিশেষত্ব কি?

July 17, 2026 2:58 pm
বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

July 17, 2026 1:52 pm
মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

July 17, 2026 1:16 pm
শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

July 17, 2026 12:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথমখন হাইড্ৰজেন ৰে’ল, ইয়াৰ বিশেষত্ব কি?

প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথমখন হাইড্ৰজেন ৰে’ল, ইয়াৰ বিশেষত্ব কি?

July 17, 2026 2:58 pm
বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

July 17, 2026 1:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd