ৰাজ্যজুৰি লাট মণ্ডল আৰু কাননগোসকলক বদলি কৰা হ’ব

CM-revenue-deptt-3-570x320

বৃহস্পতিবাৰে জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত ব্ৰহ্ম কমিটীৰ প্ৰতিবেদন ৰূপায়ণৰ ওপৰত হোৱা এক পৰ্যালোচনামূলক বৈঠক।

ভূমি ব্যৱস্থাপনাৰ দিশত কাৰ্যদক্ষতা বৃদ্ধিৰ সহায়ক হোৱাকৈ ৰাজ্য চৰকাৰে লাট মণ্ডল আৰু কাননগোসকলক সমগ্ৰ ৰাজ্যজুৰি বদলিকৰণৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছে। সমগ্ৰ ৰাজ্যজুৰি ভূমিলেখ্যৰ সঠিক ব্যৱস্থাপনাৰ লক্ষ্যৰে এই সিদ্ধান্ত লোৱা হৈছে।

বৃহস্পতিবাৰে জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত ব্ৰহ্ম কমিটীৰ প্ৰতিবেদন ৰূপায়ণৰ ওপৰত হোৱা এক পৰ্যালোচনামূলক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

এই বৈঠকতে ভূমিলেখ্য সঞ্চালকক সমগ্ৰ ৰাজ্যজুৰি লাট মণ্ডল আৰু কাননগোসকলক বদলিকৰণৰ বাবে এক বিস্তাৰিত প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ওচৰত দাখিল কৰাৰ বাবেও নিৰ্দেশ দিয়া হৈছে যাতে এই সন্দৰ্ভত এক খচৰা জাননী প্ৰস্তুত কৰিব পৰা যায়।

সমগ্ৰ ৰাজ্যজুৰি ভূমি তথ্যৰ উন্নত পৰিচালনাৰ দিশত জ্ঞান তথা অভিজ্ঞতাৰ বিনিময়েৰে এই ব্যৱস্থাটোক অধিক কাৰ্যকৰী কৰি তোলাৰ লক্ষ্যেৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাজহ প্ৰশাসনৰ দিশত লাট মণ্ডল আৰু কাননগোসকলে তৃণমূল পৰ্যায়ত লোৱা গুৰুত্বপূৰ্ণ কাৰ্যপ্ৰণালীৰ গুৰুত্ব আৰু তেওঁলোকৰ জ্ঞান তথা অভিজ্ঞতাৰ বিনিময়েৰে ৰাজহ প্ৰশাসন ব্যৱস্থাটোক অধিক কাৰ্যদক্ষ, স্বচ্ছ আৰু দায়বদ্ধ কৰাৰ ক্ষেত্ৰত এই পদক্ষেপে বিশেষভাৱে সহায় কৰিব বুলি আশা কৰা হৈছে।

বৃহস্পতিবাৰৰ এই পৰ্যালোচনা বৈঠকত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, পেঞ্চন আৰু ৰাজহুৱা ওজৰ-আপত্তি বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা  বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতা, বিধায়ক প্ৰশান্ত ফুকন, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা, সচিব সঞ্জয় লোহিয়াৰ উপৰি ভূমিলেখ্য সঞ্চালকালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।