NORTHEAST NOW (Assamese)

মানুহৰ নিৰ্মমতাৰ বলি হৈ মাজুলীত মৃত্যু শতাধিক পৰিভ্ৰমী পক্ষীৰ

January 24, 2019 10:46 am · মিটু খাটনিয়াৰ
ফটো : নৰ্থ-ইষ্ট নাও

পৰিভ্ৰমী পক্ষীৰ অন্যতম আশ্ৰয় স্থল মাজুলী এতিয়া বিপদজনক হৈ পৰিছে পক্ষীকূলৰ বাবে। মাজুলীবাসীৰ মৰম তথা আশ্রয়ত নিৰাপদ অনুভৱ কৰি প্ৰতি বছৰে আগমন ঘটা শতাধিক পক্ষী এতিয়া মানুহৰ নিষ্ঠুৰতাৰ বলি হৈ কৰুণ মৃত্যুক সাৱটি ল’ব লগীয়া হৈছে।

একাংশ দুষ্ট লোকে এই পৰিভ্ৰমী পক্ষীবোৰক বিষাক্ত দৰৱ খুৱাই নিধন কৰা বুলি জানিব পৰা গৈছে। মাজুলীৰ কমাৰ গাঁৱৰ পথাৰত সংঘটিত হৈছে এনেধৰণৰ দুষ্কাৰ্য। কোনো অচিনাক্ত দুৰ্বৃত্তই খোৱা খাদ্যৰ লগত ফুৰাদন নামৰ এবিধ বিষাক্ত ঔষধ মিহলাই অঞ্চলটোৰ জলাশয় তথা পথাৰসমূহত বিচৰণ কৰি থকা আলহী পক্ষীসমূহ নিধন কৰে।

উল্লেখ্য যে এই সময় চোৱাত মাজুলীলৈ চাইবেৰিয়া, কানাডা, চীন, জাপান আদি বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটে। কিন্তু পৰিভ্ৰমী পক্ষীসমূহৰ মৃত্যুই এতিয়া উদ্বিগ্ন কৰি তুলিছে প্ৰকৃতিপ্ৰেমী তথা সচেতন মহলক।

পক্ষীকূলৰ ওপৰত দুৰ্বৃত্তৰ এনে অমানৱীয় কাণ্ডত মাজুলীবাসী মৰ্মাহত হোৱাৰ লগতে বন বিভাগক এই সমগ্ৰ ঘটনাৰ তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে।

Related News