• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

প্ৰেমিকে কিশোৰী প্ৰেমিকাক বিহ খুৱাই পিছত জ্বলাই হত্যা কৰি মৃতদেহ পেলালে জংঘলত

এন ই নাও নিউজ এন ই নাও নিউজ
গৌৰীপুৰ , June 7, 2019 8:24 pm

2 min read

প্ৰেমিকে কিশোৰী প্ৰেমিকাক বিহ খুৱাই পিছত জ্বলাই হত্যা কৰি মৃতদেহ পেলালে জংঘলত
1.3k
VIEWS
Share on FacebookShare on Twitter

গৌৰীপুৰত প্ৰেমিকে কিশোৰী প্ৰেমিকাক প্ৰথম অৱস্থাত বিহ খুৱাই ইয়াৰ পিছতে জ্বলাই হত্যা কৰা ঘটনা আজি পোহৰলৈ অহাত ঘটনাটোৱে স্থানীয় লোকৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

নিহত কিশোৰী গৰাকীক গোৰীপুৰৰ বগৰীবাৰী থানাৰ অন্তৰ্গত ৰঙামাটি তৃতীয়খণ্ডৰ বাসিন্দা অজুদ্দিন শ্বেখৰ দ্বিতীয় কন্যা মঞ্জু খাতুন বুলি চিনাক্ত কৰা হৈছে। মঞ্জু খাতুনে অষ্টম শ্ৰেণীত অধ্যয়ন কৰি আছিল।

নিহত কিশোৰীগৰাকীৰ একেগাঁৱৰে ছোৰহাব আলীৰ পুত্ৰ ছহিদুল ইছলাম(১৯)ৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল বুলি স্থানীয় একাংশ লোকৰ পৰা জানিব পৰা গৈছে।

‘দুয়োৰে মাজত থকা প্ৰেমৰ সম্পৰ্কৰ বাবে ছহিদুলে প্ৰায়ে কিশোৰীগৰাকীৰ ঘৰলৈ আহ-যাহ কৰিছিল। ইয়াৰ মাজতে ঈদৰ দিনাই দুয়ো প্ৰেমিক-প্ৰেমিকাৰ মাজত তৰ্কাতৰ্কি লাগিছিল। কালি নিশা পৰিয়ালৰ লোক শুই থকা অৱস্থাত কিশোৰীগৰাকীক প্ৰেমিক ছহিদুলে সমীপৰে এখল জংঘললৈ মাতি নিয়ে। ইয়াৰ কিছু সময়ৰ পিছতে আমি চিঞৰ-বাখৰ শুনাত ঘটনাস্থলীত উপস্থিত হৈ কিশোৰীগৰাকীৰ জ্বলি ছাই হোৱা মৃতদেহ দেখা পাঁও’, স্থানীয় লোকৰ মন্তব্য।

কিশোৰী গৰাকীৰ মৃতদেহৰ কাষত এটা পইজনৰ বটল আৰু এটা কেৰাচিনৰ বটল উদ্ধাৰ হয়। ছহিদুলে প্ৰথমে বিহ খুৱাই ইয়াৰ পিছতে জ্বলাই কিশোৰী গৰাকীক হত্যা কৰে বুলি কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে।

ঘটনা সন্দৰ্ভত আৰক্ষী অৱগত হোৱাত ঘটনাস্থলীত আৰক্ষী উপস্থি হৈ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে কিশোৰী গৰাকীৰ পহী মাজৰ পৰা কেইবাখনো প্ৰেম পত্ৰ উদ্ধাৰ কৰিছে।

ইফালে অভিযুক্ত ছহিদুল আৰু ছহিদুলৰ পৰিয়ালৰ লোক বৰ্তমান বাতৰি লিখা পৰলৈকে পলাতক হৈ আছে। আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত অনুসন্ধান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

Recent News

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd