টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী অসমৰ বক্সাৰ লাভলিনা বৰগোঁহাইক এইবাৰৰ খেলৰত্ন বঁটাৰ বাবে মনোনীত কৰা হৈছে।
খেলৰত্ন বঁটাৰ বাবে মনোনীত দেশৰ ১১ গৰাকী খেলুৱৰৈ ভিতৰত অসমৰ লাভলিনাও আছে।
আজি নেছনেল স্পৰ্টছ এৱাৰ্ড কমিটিয়ে ধ্যান চাঁদ খেলৰত্ন বঁটাৰ বাবে ১১ গৰাকী খেলুৱৈৰ নাম মনোনয়ন কৰে।
খেলৰত্ন বঁটাৰ বাবে মনোনয়ন পোৱা খেলুৱৈসকলৰ ভিতৰত ৰবি দাহিয়া,পিআৰ শ্ৰীজেছ নিৰজ চোপ্ৰা আদিও আছে।
উল্লেখ্য ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা ভাৰ্চুৱেল মীটৰ জৰিয়তে সন্মানীয় অৰ্জুন বঁটা গ্ৰহণ কৰিছিল অসম কন্যা লাভলিনা বৰগোঁহাইয়ে।
বক্সিঙিৰ জগত খনলৈ লাভলিনাই আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে এইবেলি অসমৰ লাভলিনা বৰগোঁহাইক অৰ্জুন বঁটাৰ বাবে নিৰ্বাচন কৰিছিল।ভাৰতীয় খেল প্ৰাধিকৰণে নিৰ্দিষ্ট কৰি দিয়া দেশৰ ৯ টা স্থানৰ পৰা নিৰ্বাচিত খেলুৱৈ সকলে বঁটা গ্ৰহণ কৰে।
হকীৰ যাদুকৰ ধ্যান চাঁদৰ ১১৫ সংখ্যক জন্মদিনৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় খেল দিৱসৰ দিনটোতে লাভলিনাই চণ্ডীগড়ত উপস্থিত থাকিয়েই ভাৰ্চুৱেল মীটৰ জৰিয়তে ৰাষ্ট্ৰপতিৰ পৰা এই বঁটা গ্ৰহণ কৰিছিল।
অসমৰ গোলাঘাট জিলাৰ বাসিন্দা লাভলিনা বৰগোঁহাইয়েই হৈছে অলিম্পিকলৈ নিৰ্বাচিত প্ৰথম গৰাকী মহিলা খেলুৱৈ।
একেদৰে তেওঁ শিৱ থাপাৰ পিছতে অলিম্পিকৰ বক্সিঙত স্থান লাভ কৰা ৰাজ্যৰ দ্বিতীয় গৰাকী বক্সাৰ।লাভলিনাই নতুন দিল্লীত আয়োজিত প্ৰথম ইণ্ডিয়া অপেন ইণ্টাৰনেছনেল বক্সিং টুৰ্ণামেণ্টত সোণৰ পদক অৰ্জন কৰাৰ লগতে গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় ইণ্ডিয়া অপেন ইণ্টাৰনেছনেল বক্সিং টুৰ্ণামেণ্টত ৰূপৰ পদক অৰ্জন কৰিছিল।
ৰাছিয়াত অনুষ্ঠিত ২০১৯ এআইবিএ ৱমেনছ ৱৰ্ল্ড বক্সিঙত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰিছিল।
লাভলিনাৰ উপৰি দ্যুতি চান্দ,সাৱন্ত অজয় আনন্ত,অদিতি অশোক আদিৰ লগতে মুঠ ২৭ গৰাকী খেলুৱৈক অৰ্জুন বঁটা প্ৰদান কৰা হৈছিল।
অৰ্জুন বঁটাত থকা নগদ ধনৰ পৰিমাণ হৈছে ১৫ লাখ টকা।