NORTHEAST NOW (Assamese)

ল’কডাউনৰ সময়ত সাধাৰণ নাগৰিকলৈ সকাহ; হ্ৰাস পালে LPG ছিলিণ্ডাৰৰ মূল্য

April 1, 2020 11:29 am · এন ই নাও নিউজ
প্ৰতীকী ছবি।

ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডে বুধবাৰে ৰাজসাহায্য বিহীন ৰন্ধন গেছৰ ছিলিণ্ডাৰ মূল্য ৬৩ টকা হ্ৰাস কৰে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে সমগ্ৰ দেশত ২১ দিনৰ বাবে ল’কডাউন ঘোষণা কৰাৰ পাছত দ্বিতীয়বাৰৰ বাবে ৰাজ সাহায্য বিহীন ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা হয়।

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ বাবে ৰন্ধন গেছৰ মূল্য হ্ৰাস পায়।

বিগত মাহত ভাৰতৰ উল্লেখযোগ্য চহৰ সমূহত ৰাজ সাহায্য বিহীন ১৪.২ কেজি এল পি জি ছিলিণ্ডাৰৰ মূল্য ৫৪ টকা হ্ৰাস কৰা হৈছিল।

ইয়াৰ বিপৰীতে, ফেব্ৰুৱাৰিত ছিলিণ্ডাৰৰ মূল্য ১৪৫ টকা বৃদ্ধি কৰা হৈছিল।

ভাৰতৰ প্ৰতিটো পৰিয়াললৈ বছৰত ১২ টাকৈ ৰাজসাহায্যযুক্ত এল পি জি ছিলিণ্ডাৰ যোগান ধৰা হয়।

উল্লেখযোগ্য যে, ভাৰতত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাই ১৭০০ ঘৰ স্পৰ্শ কৰিছে।

Related News