• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিমা হাচাওৰ ৮টা দুৰ্গম ভোটকেন্দ্ৰলৈ ৰাওনা ভোটগ্ৰহণকাৰী দল

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
April 15, 2019 7:16 pm
Dima Hasao

ফটো : নৰ্থ-ইষ্ট নাও

1.3k
VIEWS
Share on FacebookShare on Twitter

দ্বিতীয় পৰ্যায়ত হ’ব লগীয়া লোকসভা নিৰ্বাচনৰ কাৰণে সাজু হৈছে ডিমা হাচাও জিলা প্ৰশাসন। প্ৰতিকূল বতৰক নেওচি আজি পাৰ্বত্য জিলাৰ দুৰ্গম অঞ্চল জিনাম ভেলিৰ উদ্দেশ্যে ৰাওনা হৈছে ভোটগ্ৰহণকাৰীৰ এটা দল।

জিনাম ভেলিৰ মুঠ আঠটা পোলিং ষ্টেশ্যনৰ কাৰণে কৰ্মীসকলে ই ভি এম আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী লৈ হাফলঙৰ পৰা ৰাওনা হয়। এই দলটোৱে শিলচৰ হৈ জিনাম ভেলিত উপস্থিত হ’ব। দলটোত ৫৩ গৰাকী নিৰ্বাচনী বিষয়া-কৰ্মী থকাৰ বিপৰীতে ১৮ গৰাকী আৰক্ষী আৰু এগৰাকী জ’নেল বিষয়া আছে।

উল্লেখ্য যে পাহাৰীয়া জিলাখনৰ মুঠ ২৪২টা পোলিং ষ্টেশ্যনত ভোটগ্ৰহণ অনুষ্ঠিত  হ’ব। যাৰ বাবে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। মুঠ ১৩৭৩১৭ গৰাকী ভোটাৰে নিজৰ নিজৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিব। য’ত পুৰুষ ভোটাৰৰ সংখ্যা  ৬৯,৩৪২ আৰু মহিলা ভোটাৰ ৬৭৯৭৫ গৰাকী।

আনহাতে এই নিৰ্বাচনৰ কাৰণে প্ৰায় দুই হেজাৰ চৰকাৰী কৰ্মী নিয়োগ কৰা হৈছে। আজি জিলাখনৰ ৮টা পোলিং ষ্টেশ্যনৰ বাবে বিষয়াসকল ৰাওনা হোৱাৰ বিপৰীতে অহা কাইলৈ  ৮৭টা আৰু অহা ১৭ এপ্ৰিলত ১৪৭টা পোলিং ষ্টেশ্যনৰ বাবে কৰ্মীসকল ৰাওনা হ’ব।

ইপিনে জিলা ৰিটাৰ্নিং বিষয়া তথা জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাই আজি জিনাম ভেলিৰ উদ্দেশ্যে ৰাওনা হোৱা দলটোৰ লগতে বিহু উৎসৱ বাদ দি নিৰ্বাচনী কামত যুক্ত হৈ থকা সকলো বিষয়া-কৰ্মীকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে।

উপায়ুক্ত ৰাজখোৱাই জিলাখনত ভোটদান প্ৰক্ৰিয়া শান্তিপূৰ্ণ হ’ব বুলি মন্তব্য কৰে। তেওঁ লগতে পাৰ্বত্য জিলাখনত তেনেধৰণৰ কোনো স্পৰ্শকাতৰ বা অতি স্পৰ্শকাতৰ ভোট কেন্দ্ৰ নাই বুলিও কয়।

ইফালে আজি জিনাম ভেলিৰ উদ্দেশ্যে ভোট কৰ্মীসকল ৰাওনা হোৱাৰ পূৰ্বে জেনেৰেল অবজাৰ্ভাৰ সুন্দৰলাল শীলে প্ৰতিটো চেলতে উপস্থিত হৈ কাম-কাজৰ বিভিন্ন খতিয়ান লয়।

Recent News

বানত উটি গ’ল নেপাল আৰু চীন সংযোগী দলং : ৮ জন নিহত আৰু ১৮ জন নিৰুদ্দেশ

বানত উটি গ’ল নেপাল আৰু চীন সংযোগী দলং : ৮ জন নিহত আৰু ১৮ জন নিৰুদ্দেশ

ছত্তীশগড়ৰ বিজাপুৰত আই ই ডি বিস্ফোৰণত আহত তিনিজন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান

ছত্তীশগড়ৰ বিজাপুৰত আই ই ডি বিস্ফোৰণত আহত তিনিজন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান

টেক্সাছত ভয়ংকৰ বান : ১০৭ জন লোকৰ মৃত্যু, শতাধিক লোক এতিয়াও নিৰুদ্দেশ

টেক্সাছত ভয়ংকৰ বান : ১০৭ জন লোকৰ মৃত্যু, শতাধিক লোক এতিয়াও নিৰুদ্দেশ

সকলো ভাষাই ৰাষ্ট্ৰভাষা ! বিতৰ্কৰ মাজতে কেন্দ্ৰলৈ পৰামৰ্শমূলক বাৰ্তা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ

সকলো ভাষাই ৰাষ্ট্ৰভাষা ! বিতৰ্কৰ মাজতে কেন্দ্ৰলৈ পৰামৰ্শমূলক বাৰ্তা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd