দ্বিতীয় পৰ্যায়ত হ’ব লগীয়া লোকসভা নিৰ্বাচনৰ কাৰণে সাজু হৈছে ডিমা হাচাও জিলা প্ৰশাসন। প্ৰতিকূল বতৰক নেওচি আজি পাৰ্বত্য জিলাৰ দুৰ্গম অঞ্চল জিনাম ভেলিৰ উদ্দেশ্যে ৰাওনা হৈছে ভোটগ্ৰহণকাৰীৰ এটা দল।
জিনাম ভেলিৰ মুঠ আঠটা পোলিং ষ্টেশ্যনৰ কাৰণে কৰ্মীসকলে ই ভি এম আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী লৈ হাফলঙৰ পৰা ৰাওনা হয়। এই দলটোৱে শিলচৰ হৈ জিনাম ভেলিত উপস্থিত হ’ব। দলটোত ৫৩ গৰাকী নিৰ্বাচনী বিষয়া-কৰ্মী থকাৰ বিপৰীতে ১৮ গৰাকী আৰক্ষী আৰু এগৰাকী জ’নেল বিষয়া আছে।
উল্লেখ্য যে পাহাৰীয়া জিলাখনৰ মুঠ ২৪২টা পোলিং ষ্টেশ্যনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। যাৰ বাবে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। মুঠ ১৩৭৩১৭ গৰাকী ভোটাৰে নিজৰ নিজৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিব। য’ত পুৰুষ ভোটাৰৰ সংখ্যা ৬৯,৩৪২ আৰু মহিলা ভোটাৰ ৬৭৯৭৫ গৰাকী।
আনহাতে এই নিৰ্বাচনৰ কাৰণে প্ৰায় দুই হেজাৰ চৰকাৰী কৰ্মী নিয়োগ কৰা হৈছে। আজি জিলাখনৰ ৮টা পোলিং ষ্টেশ্যনৰ বাবে বিষয়াসকল ৰাওনা হোৱাৰ বিপৰীতে অহা কাইলৈ ৮৭টা আৰু অহা ১৭ এপ্ৰিলত ১৪৭টা পোলিং ষ্টেশ্যনৰ বাবে কৰ্মীসকল ৰাওনা হ’ব।
ইপিনে জিলা ৰিটাৰ্নিং বিষয়া তথা জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাই আজি জিনাম ভেলিৰ উদ্দেশ্যে ৰাওনা হোৱা দলটোৰ লগতে বিহু উৎসৱ বাদ দি নিৰ্বাচনী কামত যুক্ত হৈ থকা সকলো বিষয়া-কৰ্মীকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে।
উপায়ুক্ত ৰাজখোৱাই জিলাখনত ভোটদান প্ৰক্ৰিয়া শান্তিপূৰ্ণ হ’ব বুলি মন্তব্য কৰে। তেওঁ লগতে পাৰ্বত্য জিলাখনত তেনেধৰণৰ কোনো স্পৰ্শকাতৰ বা অতি স্পৰ্শকাতৰ ভোট কেন্দ্ৰ নাই বুলিও কয়।
ইফালে আজি জিনাম ভেলিৰ উদ্দেশ্যে ভোট কৰ্মীসকল ৰাওনা হোৱাৰ পূৰ্বে জেনেৰেল অবজাৰ্ভাৰ সুন্দৰলাল শীলে প্ৰতিটো চেলতে উপস্থিত হৈ কাম-কাজৰ বিভিন্ন খতিয়ান লয়।