আগন্তুক লোকসভা নিৰ্বাচনলৈ মাজত মাঁথো আছে কেইটামান দিন। নিৰ্বাচনকলৈ বৰপেটাত শাসকীয় অগপ-বিজেপি মিত্ৰজোঁটৰ লগতে এ আই য়ু ডি এফ দল অধিক তৎপৰ হৈ পৰিছে যদিও জিলাখনত একপ্ৰকাৰ নিস্প্ৰভ হৈ আছে প্ৰধান বিৰোধী দল কংগ্ৰেছ।
৬ নং বৰপেটা লোকসভাৰ নিৰ্বাচন অহা ২৩ এপ্ৰিলত অনুষ্ঠিত হ’ব। নিৰ্বাচনলৈ মাজত মাথো ২৭ টা দিন বাকী থকা অৱস্থাতো প্ৰধান বিৰোধী দলটোৱে বৰপেটা সমষ্টিৰ বাবে প্ৰাৰ্থিত্বৰ নাম ঘোষণা নকৰাত স্বাভাবিকতে কিছু অস্বস্তিত দিন পাৰ কৰিব লগীয়া হৈছে সমষ্টিটোৰ কংগ্ৰেছ কৰ্মীসকলে।
আনহাতে বৰপেটা সমষ্টি বিজেপিৰ মিত্ৰদল অগপই দখল কৰাৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অগপৰ নেতাসকল বৰপেটালৈ আহি দলীয় কাৰ্যালয়ত ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছে। এনে সময়ত কংগ্ৰেছে সমষ্টিটোত প্ৰাৰ্থীৰ নাম এইপৰ্যন্ত ঘোষণা নকৰাত অগপ বিজেপিয়ে কংগ্ৰেছৰ এ আই ইউ ডি এফৰ সৈতে গোপণ মিত্ৰতা হোৱা বুলি প্ৰচাৰ চলাইছে।
মিত্ৰতাৰ বাবেই নে অইন কিবা কাৰণত বৰপেটাত কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব ঘোষণা কৰাত অযথা বিলম্ব কৰি আছে তাকলৈও সচেতন ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। কিন্তু ইয়াৰ প্ৰতি যেন কোনো কাণসাৰ নাই কংগ্ৰেছ নেতাসকলৰ।
উল্লেখযোগ্য যে, বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ পৰা ৩৪ গৰাকীয়ে প্ৰাৰ্থিত্ব বিচাৰিছে ৷ প্ৰাৰ্থিত্বৰ নাম ঘোষণা নকৰাৰ বাবে একাংশ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে কেইবাদিন ধৰি নতুন দিল্লীত বাহৰ পাতি আছে ৷ যাৰ পৰিণতিত এতিয়া বৰপেটা জিলা কংগ্ৰেছ কাৰ্যালয়ত বিৰাজ কৰিছে একপ্ৰকাৰ নীৰৱতা।