NORTHEAST NOW (Assamese)

হায়দৰাবাদৰ হাতত পৰাস্ত; খেলপথাৰতে খঙত অধিনায়ক ৰাহুলৰ সন্মুখত অসন্তুষ্টি প্ৰকাশ লক্ষ্ণৌৰ মালিকৰ

May 9, 2024 12:30 pm · এন ই নাও নিউজ, গুৱাহাটী

বুধবাৰে হায়দৰাবাদৰ হাতত লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ববলগীয়া হৈছিল লক্ষ্ণৌ ছুপাৰ জায়েন্টছ। দ্ৰুততম ৰান চেজত জয়ৰ এইটোৱেই হৈছে আই পি এলৰ ইতিহাসত সৰ্বোত্তম অভিলেখ।

হায়দৰাবাদে বুধবাৰে মাত্ৰ ৫৮টা বলত ১৬৬ ৰান সংগ্ৰহ কৰে। তাকো হাতত দহটা উইকেট থকা অৱস্থাতে। ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মা আছিল বিধ্ৱংসী ৰূপত।

খেলখনৰ শেষত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক লোকেশ ৰাহুলে হায়দৰাবাদৰ শ্ৰেষ্ঠত্ব স্বীকাৰো কৰে। আই পি এলৰ ইতিহাসত প্ৰথম দহ অভাৰত পূৰ্বে কেতিয়াও ইমান ৰান সংগ্ৰহ হোৱা নাছিল।

লগতে পঢ়কঃ IPL 2024: ১০ অভাৰতে ১৬০ ৰান অতিক্ৰম কৰি জয়ী কামিন্স বাহিনী; লক্ষ্ণৌক পৰাস্ত কৰি অভিলেখ হায়দৰাবাদৰ

ইফালে মেচৰ পিছতে লক্ষ্ণৌৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাই যি কাণ্ড কৰিলে তাক লৈ সমালোচনা আৰম্ভ হৈছে। দেখা যায় যে খেলৰ অন্তত লক্ষ্ণৌৰ মালিকজনে খেলপথাৰৰ সন্মুখলৈ নামি আহিছিল। অধিনায়ক ৰাহুলৰ লগত বহুত বিৰক্তিৰে কথা পাতিছিল। হাত জোকাৰি জোকাৰি বহুত কথা শুনাই আছিল।

গোৱেংকাই প্ৰশিক্ষক জাষ্টিন লেংগাৰৰ সৈতেও কথা পাতিছিল। তেওঁৰ আচৰণৰ পৰা স্পষ্ট হৈ পৰিছিল যে তেওঁ দলৰ পৰাজয়ত সুখী নহয়। সঞ্জীৱে কেইবাজনো ক্ৰিকেটাৰৰ পিনে আঙুলিয়াই ইংগিত দি কথা কৈছিল।

ভিডিঅ’টোত স্পষ্ট হৈ পৰিছিল যে তেওঁৰ কণ্ঠস্বৰ বহু উষ্ণ আছিল। ৰাহুলে অৱশ্যে মৌন হৈ থাকিল। মূৰটো তললৈ নমাই থিয় হৈ থাকিল।

https://twitter.com/VATKishore/status/1788272737116651728?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1788272737116651728%7Ctwgr%5Ef0977fb5b87fd04bdd522a7944bddf4343584bfb%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.business-standard.com%2Fcricket%2Fipl%2Fwatch-lsg-owner-sanjiv-goenka-fumes-at-kl-rahul-after-defeat-against-srh-124050900305_1.html

ইপিনে, সঞ্জীৱ গোৱেংকাৰ এই আচৰণ বহুতে মানি ল’ব পৰা নাই। দৰ্শকৰ পৰা আৰম্ভ কৰি কমেন্টেটৰলৈকে সমালোচনাত মুখৰ হৈ উঠিছে। তেওঁলোকৰ মতে সঞ্জীৱে ড্ৰেছিং ৰুমতো ক’বলগীয়া কথাখিনি ক’ব পাৰিলেহেঁতেন।

Related News