ভাৰতীয় সেনাৰ পৰৱৰ্তী সেনাধ্যক্ষ হোৱাৰ দিশত লে: জেনেৰেল মনোজ মুকুণ্ড নাৰাভানে

Lieutenant_General_Manoj_Mukund_Naravane_(cropped)

ইষ্টাৰ্ন কামাণ্ডৰ জিঅ’চি ইন চি হিচাপে নিয়োজিত লেফটেনেণ্ট জেনেৰেল মনোজ মুকুণ্ড নাৰাভানেই অচিৰেই ভাৰতীয়  সেনা বাহিনীৰ সেনাধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিব। চলিত বৰ্ষৰ ডিচেম্বৰত বৰ্তমানৰ সেনাধ্যক্ষ বিপিন ৰাৱাটে অৱসৰ গ্ৰহণ কৰাৰ পাছত নাৰাভানে ভাৰতীয় সেনাৰ সেনাধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিব।

উল্লেখ্য যে ৰাৱাটৰ অৱসৰৰ পাছত নাৰাভানেই হ’ব ভাৰতীয় সেনা বাহিনীৰ জ্যেষ্ঠতম লে: জেনেৰেল।

যদিহে বিজেপি চৰকাৰে জ্যেষ্ঠতাৰ নীতিৰ ওপৰত জোৰ দি থাকে তেন্তে লে: জে নাৰাভনেৰ সুযোগ অধিকতম।

কিন্তু জেনেৰেল ৰাৱাটক সেনাধ্যক্ষ নিয়োগ কৰাৰ সময়ত জ্যেষ্ঠতাৰ নীতি একাষৰীয়া কৰি থৈ দুগৰাকী জ্যেষ্ঠ লে: জেনেৰেলক এৰাই সেনাধ্যক্ষ হিচাপে বিপিন  ৰাৱাটক নিযুক্তি দিছিল।

তেওঁলোকৰ মাজত অৱসৰপ্ৰাপ্ত ইষ্টাৰ্ন আৰ্মি কামাণ্ডাৰ লে: জেনেৰেল প্ৰৱীন বাকছিও আছে।

লেভফটেনেণ্ট জেনেৰেল মনোজ মুকুণ্ড নাৰাভানেই বৰ্তমান ছিমলাস্থিত সেনা প্ৰশিক্ষণ কামাণ্ডৰ (ARTRAC) মুৰব্বীৰ দায়িত্বত আছে।

যোৱা বছৰ ছিমলাস্থিত সেনা প্ৰশিক্ষণ কামাণ্ডত নাৰাভানেৰ নিযুক্তিয়ে বহুতোকে  হতচকিত কৰিছিল কাৰণ সেনাৰ মুৰব্বী হিচাপে নিয়োজিত কৰাৰ পূৰ্বে এগৰাকী বিষয়াক অভিযানকাৰী কামাণ্ডৰ নেতৃত্ব ল’বলৈ দিয়াটো দস্তুৰ।

২০১৬ৰ ছাৰ্জিকেল ষ্ট্ৰাইকৰ সময়োচৱাত সামৰিক অভিযানৰ সঞ্চালক প্ৰধানৰ (Director General of Military Operations) দায়িত্বত থকা তেওঁৰ জুনিয়ৰ লে: জেনেৰেল ৰণবীৰ সিঙক চলিত বৰ্ষৰ মে’ত নৰ্দাৰ্ন আৰ্মি কামাণ্ডাৰ হিচাপে নিযুক্তি দিয়া হৈছে।

কিন্তু ইষ্টাৰ্ন আৰ্মি কামাণ্ডাৰ হিচাপে নাৰাভানেক নিযুক্তি দিলে ৰাৱাটৰ অৱসৰৰ পাছত শীৰ্ষতম পদৱীটোত আসীন হোৱাৰ বাবে প্ৰয়োজনীয় অভিযানমূলক অভিজ্ঞতা অৰ্জন কৰিব পাৰিব।

পূৰ্বৰ ইষ্টাৰ্ন কামাণ্ডাৰ লে: জেনেৰেল অভয়কৃষ্ণক চেণ্ট্ৰেল কামাণ্ডৰ দায়িত্ব গ্ৰহণ কৰাৰ বাবে লক্ষ্ণ্যলৈ স্থানান্তৰ কৰা হৈছে।

এইটো কামাণ্ডৰ দয়িত্বত উত্তৰাখণ্ডৰ ‘লাইন অব একচুৱেল কণ্ট্ৰল’ চীন-ভাৰত সীমান্ত আছে।

অভয়কৃষ্ণক বিগত বৰ্ষৰ পৰা দক্ষিণ পশ্চিম কামাণ্ডৰ পৰা ইষ্টাৰ্ন কামাণ্ডলৈকে বহুকেইবাৰ স্থান পৰিৱৰ্তন কৰোৱা হৈছে।

সামৰিক সূত্ৰই তেওঁক সঘনাই স্থান পৰিৱৰ্তন কৰোৱাটোত অস্বাভাৱিকতা পাইছে, কাৰণ এগৰাকী সেনা কমাণ্ডাৰক তেওঁৰ কামাণ্ডটোৰ নেতৃত্ব ল’বলৈ পৰ্যাপ্ত সময়ৰ প্ৰয়োজন।

আধুনিক প্ৰযুক্তি যুদ্ধ প্ৰযুক্তিৰ যুগত অপ্ৰয়োজনীয় সংখ্যাধিক্য কমাই তলৰ পৰা ওপৰলৈকে এটা যুক্তিসংগত অনুপাত ৰক্ষা কৰি ভাৰতীয় সেনাবাহিনীক এটা অতি দক্ষ সেনাবাহিনী হিচাপে গঢ়ি তোলাৰ বাবে জেনেৰেল ৰাৱাটে সূচনা কৰা শিক্ষাৰ সৈতে বৰ্তমান নাৰাভানেই নিজকে জড়িত কৰি ৰাখিছে।