দেশৰ নতুন উপ-সেনা প্ৰধান হিচাপে নিযুক্তি লেফটেনেণ্ট জেনেৰেল বি এছ ৰাজুক

আজি প্ৰতিৰক্ষা মন্ত্ৰালয়ে দেশৰ নতুন উপ-সেনা প্ৰধান হিচাপে লেফটেনেণ্ট জেনেৰেল বি এছ ৰাজুক নিযুক্তি দিছে।

লেফটেনেণ্ট জেনেৰেল বাগাৱলী সোমশেখৰ ৰাজুৱে নতুন উপ-সেনা প্ৰধান হিচাপে ১ মে’ত দায়িত্ব গ্ৰহণ কৰিব।

বৰ্তমান তেওঁ সামৰিক অভিযান শাখাৰ সঞ্চালক প্ৰধান পদত অধিষ্ঠিত হৈ আছে।

লেফটেনেণ্ট জেনেৰেল ৰাজুৱে বিজাপুৰৰ সৈনিক স্কুল আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ পৰা পাঠ্যক্ৰম শেষ কৰি ১৯৮৪ চনৰ ১৫ ডিচেম্বৰত সেনাৰ জে.এ.টি. ৰেজিমেণ্টত যোগদান কৰিছিল।

‘অপাৰেচন পৰাক্ৰম’ৰ সময়ত তেওঁ কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী অভিযানত বিশেষ সাফল্য লাভ কৰিছিল।

তেওঁ ভূটানলৈ যোৱা সেনা বাহিনীৰ প্ৰশিক্ষণ দলৰ কমাণ্ডেণ্ট হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ মণ্টেৰিৰ নেভেল পি জি স্কুলৰ পৰা সন্ত্ৰাসবাদ বিৰোধী বিষয়ক পাঠ্যক্ৰমৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

উত্তম যুদ্ধ সেৱা পদক, যুদ্ধ সেৱা পদক আদি পদক লাভ কৰা লেফটেনেণ্ট জেনেৰেল ৰাজুৱে ১ মে’ত লেফটেনেণ্ট জেনেৰেল মনোজ পাণ্ডেৰ পৰা পৰৱৰ্তী উপ-সেনা প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰিব বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।