IPL 2024: ৰোহিতৰ ধুমুহা স্তব্ধ কৰি সান্তনাৰ জয় লক্ষ্ণৌৰ! শামুকৰ খোলা হৈ ৰ’ল হাৰ্দিকৰ মুম্বাই

ফটোঃ লক্ষ্ণৌ ছুপাৰ জায়েন্টছ।

ইণ্ডিয়ান প্ৰমিয়াৰ লীগত এইবাৰ মুম্বাই ইণ্ডিয়ানছৰ বাবে বহু আগতেই বাজিছিল বিদায় ঘণ্টা। ৰান ৰেটৰ পাহাৰৰ অতিক্ৰমি ওপৰত উঠাৰ কোনো আশা নাছিল কে এল ৰাহুলৰ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ। ফলত ৱানখেড়েৰ মেচখন দুয়োটা দলৰ বাবে এক প্ৰকাৰৰ নিয়মৰক্ষাৰ খেল আছিল।

তদুপৰি, অহৰহ বিতৰ্কত বিধ্বস্ত হৈ পৰা পৰিস্থিতিৰ পৰা ছিজনৰ শেষত সামান্য অক্সিজেন পোৱাৰ আশাহে বৰ্তি আছিল। বৰষুণৰ ফলত বিঘ্নিত হোৱা যুঁজখনত লক্ষ্ণৌৱে জয়লাভ কৰে। ১৮ ৰাণত পৰাস্ত হোৱাৰ পাছত আকৌ এবাৰ হাৰ্দিকৰ মুম্বাইয়ে পৰাজয়ৰ গ্লানি শিৰত তুলি ল’লে।

টছত জয়ী হৈ মুম্বাইৰ অধিনায়ক হাৰ্দিকে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। দলৰ ঘোষণাত কেইবাটাও আশ্চৰ্য্যৰ সৃষ্টি হৈছিল। প্ৰথম এঘাৰত নাছিল ৰোহিত আৰু বুমৰাহ। পোলাৰ্ডে পূৰ্বে কৈছিল যে টী-২০ বিশ্বকাপৰ পূৰ্বে ভাৰতীয় ফাষ্ট বলাৰজনক জিৰণি দিয়াৰ কোনো পৰিকল্পনা নাই।

ফটো সৌজন্যঃ আইপিএল।

কিন্তু শুকুৰবাৰে বুমৰাহৰ সলনি চলিত ছিজনত শচীনৰ পুত্ৰ অৰ্জুন টেণ্ডুলকাৰে অভিষেক ঘটায়। তেওঁ বেয়া আৰম্ভণি কৰা নাছিল। কিন্তু দ্বিতীয় অভাৰত আঘাত পাই বাহিৰ হব লগা হয়।

আনহাতে, লক্ষ্ণৌৰ দেৱদত্ত পাড়িক্কাল শীঘ্ৰে আউট হোৱাৰ পিছত অধিনায়ক ৰাহুলে (৫৫) বেটিঙৰদায়িত্ব চম্ভালে। ষ্টইনিছৰ পিছত দীপক হুডাই নিকোলাছ পুৰাণৰ সৈতে যুটী বান্ধে। কেৰিবিয়ান তাৰকাগৰাকীয়ে নমন ধীৰৰ চাৰিটা বলত ১৭ ৰান সংগ্ৰহ কৰে। মাত্ৰ ২৯টা বলত ৭৫ ৰানত স্তব্ধ হৈ পৰে তেওঁৰ এই বিধ্বংসী ইনিংছ। ২০ অভাৰৰ শেষত লক্ষ্ণৌৱে ৬ উইকেটত ২১৪ ৰান সংগ্ৰহ কৰে।

ফটো সৌজন্যঃ আইপিএল।

যদিও ই এটা ডাঙৰ টাৰ্গেট, তথাপিও ৱানখেড়ে ষ্টেডিয়ামত এই ৰান অতিক্ৰম কৰাটো অসম্ভৱ নহয়। ইমপেক্ট প্লেয়াৰ হিচাপে নমা ৰোহিত শৰ্মাই আৰম্ভণিৰ পৰাই আক্ৰমণাত্মক ইনিংছ খেলিবলৈ আৰম্ভ কৰে। কিন্তু চতুৰ্থ অভাৰৰ শেষ হোৱাৰ আগতেই বৰষুণত খেল বন্ধ হৈ গ’ল। চলিত আই পি এলত বৰষুণে কেইবাখনো মেচত প্ৰভাৱ পেলাইছে। কিন্তু শুকুৰবাৰৰ দনটোত বৰষুণ বেছি সময় নাথাকিল। তাৰ পিছত আৰম্ভ হ’ল ৰোহিতৰ বেটত চাৰি ছয়ৰ বৰষুণ।

যোৱা কেইখনমান মেচত তেওঁৰ বেটিং প্ৰদৰ্শনক লৈ যথেষ্ট চৰ্চা হৈছে। টী-২০ বিশ্বকাপত কি হ’ব তাকলৈও অনুৰাগীসকল চিন্তিত হৈ পৰিছিল। ছিজনৰ অন্তিমখন মেচত ৩৮ বলত ৬৮ ৰানৰ ইনিংছটোৰে সকলো প্ৰশ্নৰ উত্তৰ দিলে হিটমেনে। তেওঁ খেলপথাৰৰ চাৰিওফালে বল মাৰি পঠিয়াইছিল।

ফটো সৌজন্যঃ আইপিএল।

কিন্তু ৰবি বিষ্ণোইৰ বলত ৰোহিত আউট হৈ অহাৰ লগে লগে মুম্বাই ইণ্ডিয়ানছৰ সেই চিনাকি ছন্দ ঘূৰি আহিল। সূৰ্যকুমাৰ (০), ঈশান (১৪), নেহাল ৱাধেৰা (১৬) এজন এজনকৈ উভতিল। অধিনায়ক হাৰ্দিকে (১৬) অন্তিমখন মেচতো আশা দেখুৱাব নোৱাৰিলে। শেষৰ ফালে নমন ধীৰে (৫৬) এক আপ্ৰাণ প্ৰচেষ্টা চলাইছিল। বহু দেৰি হ’লেও তেওঁ পৰৱৰ্তী ছিজনৰ তাৰকা হোৱাৰ আশা পোহৰাই তুলিলে। কিন্তু শেষ ৰক্ষা নহ’ল। মুম্বাই ইণ্ডিয়ানছ খেলখনত ১৮ ৰাণত পৰাস্ত হৈ লীগ টেবুলৰ তলতেই পৰি থাকিল।

ফটো সৌজন্যঃ আইপিএল।

সংক্ষিপ্ত স্কোৰঃ

লক্ষ্ণৌ ছুপাৰ জায়েন্টছঃ ২১৪/৬ (পুৰণ ৭৫, ৰাহুল ৫৫, থুছাৰা ২৮/৩)

মুম্বাই ইণ্ডিয়ানছঃ ১৯৬/৬ (ৰোহিত ৬৮, নমন ৬২, বিষ্ণোই ৩৭/২)

লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ১৮ ৰানত জয়লাভ কৰে।