DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

জিঘাংসু প্ৰতিশোধ: এটা চৰৰ প্ৰতিশোধ ল’বলৈয়ে এবছৰীয়া কন্যা শিশুক পানীত পেলাই হত্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 16, 2022 4:38 pm
teen kills one-year-old girl
149
VIEWS
Share on FacebookShare on Twitter

প্ৰতিশোধৰ তাড়নাই মানুহক কেনে পৰ্যায়ৰ হিংসুক কৰি তুলিব পাৰে তাৰ এক ভয়াৱহ প্ৰমাণে হতচকিত কৰি তুলিছে শেহতীয়া এক হত্যাকাণ্ডই। মাত্ৰ এটা চৰৰ প্ৰতিশোধ ল’বলৈয়ে এবছৰীয়া এটি কন্যা শিশুক হত্যা কৰিছে এজন ১৩ বছৰীয়া কিশোৰে। এই ভয়াৱহ ঘটনা সংঘটিত হৈছে লক্ষ্ণৌত।

দুদিন পূৰ্বে স্থানীয় এখন বিদ্যালয়ৰ পুখুৰীৰ পৰা উদ্ধাৰ কৰা হৈছিল শিশুটিৰ মৃতদেহ। শিশুটিৰ পৰিয়ালৰ সন্দেহৰ ভিত্তিত আৰক্ষীয়ে চুবুৰীয়া কিশোৰটিক সোধা-পোচা কৰে। আৰক্ষীৰ জেৰাত কিশোৰটিয়ে নিজৰ অপৰাধ স্বীকাৰ কৰে।

কিশোৰটিৰ স্বীকাৰোক্তিয়ে স্তম্ভিত কৰি তুলিছে সকলোকে। আৰক্ষীৰ সন্মুখত কিশোৰটিয়ে দিয়া ভাষ্য অনুসৰি হত্যাৰ দিনা কিশোৰটিয়ে কন্যা শিশুটিক ঘৰৰ বাহিৰত অকলশৰীয়াকৈ দেখা পাই বিদ্যালয়ৰ ফালে লৈ আহে। ইয়াৰ পিছতে শিশুটিৰ দুয়োটা ভৰিত দুটা ইটা বান্ধি পুখুৰীত পেলাই দিয়ে শিশুটিক।

হত্যাৰ কাৰণ ব্যক্ত কৰি কিশোৰটিয়ে কয় যে শিশুটিৰ পিতৃয়ে কিছুদিন পূৰ্বে সকলোৰে সন্মুখত অপদস্থ কৰাৰ লগতে এটা চৰ শোধাইছিল। এই অপমানৰ প্ৰতিশোধ ল’বলৈয়ে ১৩ বছৰীয়া কিশোৰটিয়ে এই চৰম জিঘাংসামূলক পন্থা লয়।

আনহাতে এই সন্দৰ্ভত আলিগঞ্জ অঞ্চলৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত চৈয়দ আলী আব্বাছে কয়, “দুদিন পূৰ্বে এখন বিদ্যালয়ৰ পুখুৰীৰ পৰা শিশুটোৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। শিশুটিৰ পৰিয়ালৰ সন্দেহৰ ভিত্তিত স্থানীয় এটি কিশোৰক সোধা-পোছা কৰা হৈছিল। তেতিয়াই তেওঁ এই সকলো দোষ স্বীকাৰ কৰিছিল।”

আনহাতে আৰক্ষীয়ে এই হত্যাকাণ্ডত আন কোনো জড়িত আছে নেকি সেই সন্দৰ্ভতো অনুসন্ধান কৰি আছে যদিও তেনে তথ্য লাভ কৰা নাই। হত্যাকাৰী কিশোৰটিৰ বিৰুদ্ধে হত্যা, অপহৰণ আৰু প্ৰমাণ ধ্বংসৰ গোচৰ ৰুজু কৰা হৈছে।

ইতিমধ্যে কিশোৰটিক আদালতত হাজিৰ কৰা হৈছে। আদালতৰ পৰামৰ্শ অনুসৰি হত্যাকাৰী কিশোৰজনৰ মানসিক স্বাস্থ্যৰ পৰীক্ষাৰ বাবে মনোৰোগ বিশেষজ্ঞৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে।

Recent News

Jasprit Bumrah breaks Kapil Dev’s record

বুমৰাহৰ আন এক অভিলেখ: ভংগ কৰিলে কপিল দেৱৰ নামত থকা ৪০ বছৰ পুৰণি ৰেকৰ্ড

Assam Career

Assam Career : অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰকল্প সহযোগীৰ পদ খালী পদ, কিদৰে কৰিব আবেদন?

Applications are invited for various teaching and research based positions under NIELIT Guwahati.

Assam Career : NIELIT গুৱাহাটীত বিভিন্ন খালী পদৰ পূৰণৰ বাবে আবেদন আহ্বান, কিদৰে কৰিব আবেদন?

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 05 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd